মোৰ দেশ
ইয়াতেই পোত গ'ল সাঁচিপাত সময়ৰ শিলৰ আলেখ্য
বিতস্তাৰ প্ৰবল ঢলত উটি গ'ল উচ্চ অভিলাস
সভ্যতাৰ অতুল বৈভৱ ৷
বিতস্তাৰ প্ৰবল ঢলত উটি গ'ল উচ্চ অভিলাস
সভ্যতাৰ অতুল বৈভৱ ৷
কুৰুক্ষেত্ৰ
শকুনিৰ প্ৰতিশোধ অগণিত ছাই হ'ল সোণৰ হস্তিনা
শৰৰ শয্যাত শুই প্ৰতিশ্ৰুত পিতামহ নিৰুপায় নিঃসহায়
প্ৰতাৰক প্ৰৱঞ্চক যুযুৎসাৰ ক্ষণ গণি গণি
এজন দুজন বহুজন সুহৃদৰ চিতাজুই লেখে ৷
শৰৰ শয্যাত শুই প্ৰতিশ্ৰুত পিতামহ নিৰুপায় নিঃসহায়
প্ৰতাৰক প্ৰৱঞ্চক যুযুৎসাৰ ক্ষণ গণি গণি
এজন দুজন বহুজন সুহৃদৰ চিতাজুই লেখে ৷
ইয়াতেই ডুব গ'ল চন্দ্ৰভাগাৰ সগৰ্ভা পথাৰ
কলিংগৰ চিঠা কাকতত লেখা ৰ'ল
মগধৰ খৰোষ্ঠী আখৰ
বন্ধ হ'ল কৰাপাট হাজাৰ প্ৰাণৰ ৷
কলিংগৰ চিঠা কাকতত লেখা ৰ'ল
মগধৰ খৰোষ্ঠী আখৰ
বন্ধ হ'ল কৰাপাট হাজাৰ প্ৰাণৰ ৷
ইয়াত পূজাৰ উপাচাৰ
হাতিয়াৰ হয়-ছলনাৰ
কাণৰ সঁতাত মাৰি মন্ত্ৰপূত কাঁইট
তুলাবাই তেজা হয়
নৈ যুঁৱলিত ফুলি ৰয় তেজীমলা পদুম
হাতৰ মুঠিত বন্দী বন ফৰিঙৰ আলসুৱা প্ৰাণ
দপদপাই জ্বলি থাকে ৰাইডং মাণিকৰ দেহা পোৰা জুই
ফৰকাল আকাশ ধিয়াই ৷
কাণৰ সঁতাত মাৰি মন্ত্ৰপূত কাঁইট
তুলাবাই তেজা হয়
নৈ যুঁৱলিত ফুলি ৰয় তেজীমলা পদুম
হাতৰ মুঠিত বন্দী বন ফৰিঙৰ আলসুৱা প্ৰাণ
দপদপাই জ্বলি থাকে ৰাইডং মাণিকৰ দেহা পোৰা জুই
ফৰকাল আকাশ ধিয়াই ৷
ইয়াত সাত সাগৰৰ
সাউদে নিতৌ বেহায় হাট
বাৰীৰ ঢাপত বাঢ়ে কাঠ আলুৰ দেহ
বন্ধক যায় দেশ-মাটি-প্ৰেম
ধৰ্মৰ আফিঙত ডুবি ৰয় নিথৰ সময় ৷
বাৰীৰ ঢাপত বাঢ়ে কাঠ আলুৰ দেহ
বন্ধক যায় দেশ-মাটি-প্ৰেম
ধৰ্মৰ আফিঙত ডুবি ৰয় নিথৰ সময় ৷
অৰ্থহীন ইয়াত
স্বাধীনতাৰ সংজ্ঞা
ক্ষমতাৰ পৰীয়াৰ আছে জানো মাটি খছা দুভৰিৰ পতা !
ৰাতিৰ গোপন গুহাত তূণ পূৰাই সাঁচি ৰাখে নৰাচ-তোমৰ
আস্তাৱলত সাজু থাকে পাৰস্যৰ যুঁজাৰু ঘোঁৰা ৷
ক্ষমতাৰ পৰীয়াৰ আছে জানো মাটি খছা দুভৰিৰ পতা !
ৰাতিৰ গোপন গুহাত তূণ পূৰাই সাঁচি ৰাখে নৰাচ-তোমৰ
আস্তাৱলত সাজু থাকে পাৰস্যৰ যুঁজাৰু ঘোঁৰা ৷
তথাপিও আশাৰ
টিপচাকি জ্বলে ঢিমিক ঢামাক
মানুহৰ হিয়াই হিয়াই
আহিব সময়
বুকুৱে বুকুৱে মিলি আকৌ জাগিব মোৰ দেশ
দীপ্ত কণ্ঠে ল'ব সংকল্পৰ অপ্ৰমাদী পণ
মানুহৰ খোজৰ ভৰত কঁপি উঠিব দেশৰ মাটি
কঁপিব শিঙৰি ঘৰৰ খুটা
খহি পৰিব লালসাৰ উদ্ধত দূৰ্গৰ চূড়া ৷
মানুহৰ হিয়াই হিয়াই
আহিব সময়
বুকুৱে বুকুৱে মিলি আকৌ জাগিব মোৰ দেশ
দীপ্ত কণ্ঠে ল'ব সংকল্পৰ অপ্ৰমাদী পণ
মানুহৰ খোজৰ ভৰত কঁপি উঠিব দেশৰ মাটি
কঁপিব শিঙৰি ঘৰৰ খুটা
খহি পৰিব লালসাৰ উদ্ধত দূৰ্গৰ চূড়া ৷
সিদিনা ভোকাতুৰ
মানুহে পাব
আয়ুসৰ একঠা চাউল
বকুল তলৰ নিৰলাত বহি
বীণ ব'ৰাগীয়ে গাব শান্তিৰ অমিয়া গান ৷
আয়ুসৰ একঠা চাউল
বকুল তলৰ নিৰলাত বহি
বীণ ব'ৰাগীয়ে গাব শান্তিৰ অমিয়া গান ৷
মোৰ আজন্ম সাধনাৰ
সপোনৰ গান গোৱা গছ
ডালে পাতে ঠন ধৰি ফুলিব দুনাই
সেউজীয়া পাহাৰ বগাই
মোৰ দেশৰ মাটিলৈ
ধীৰে ধীৰে আহিব নামি
দোকমোকালিৰ সূৰ্যৰ সময় ৷
ডালে পাতে ঠন ধৰি ফুলিব দুনাই
সেউজীয়া পাহাৰ বগাই
মোৰ দেশৰ মাটিলৈ
ধীৰে ধীৰে আহিব নামি
দোকমোকালিৰ সূৰ্যৰ সময় ৷
কবি:-ණ খগেন সেন ডেকা ৷
No comments:
Post a Comment