"স্বৰ্গ পাব বিচাৰা নেকি"
ক্ৰমে ,মই সলনি হ'লে
আমিবোৰ সলনি হ'ম
আমি সলনি হ'লে গাওঁ
গাওঁ সলনি হ'লে নগৰ - - দেশ দেশান্তৰ ----
সলনি হ'ব সমাজ
চিন্তা ধাৰাৰ ঠেক গণ্ডী
মহানতালৈ - - বিশালতালৈ ,
শোষণ আৰু যন্ত্ৰণাৰে পিষ্ঠ মানুহে
সৃষ্টিৰে বুতলিব দুহাতৰ মুঠিত
সুখ শান্তিৰ প্লাবিত জলধাৰা
যি আমাৰ আত্মাবোৰক নিকা কৰিব
জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে
স্বদেশ প্ৰেমী কৰি তুলিব - - --
হৈ পৰিম আমি সত্যঅন্নেষী ,
ভগৱান এজনেই
মানবীয়তাই ধৰ্ম
দয়া -ক্ষমা-কৰুণা -প্ৰেমেই উত্তম গুণ
আন্তৰিক সৌন্দৰ্য্যই প্ৰকৃত সৌন্দৰ্য্য
একতাই সবোৰ্চ্চ বল
প্ৰেম দান ক্ষমা দানেই শ্ৰেষ্ঠ দান
সাগৰ বুলিলে জনসমুদ্ৰ
সমভাগী বুলিলে
দুখ-হাহাঁকাৰ - যন্ত্ৰণাৰ
দিব পাৰিলে এসাৰি মাত
দুখৰ দিনত খাবলৈ ভোকৰ ভাত
পিবলৈ পানী - - - -
দেখিবা ,সৌ স্বৰ্গখন তোমাৰ পদুলিত ।।
মোৰ এটি স্কেছেৰে সকলোলৈকে শুভ অপৰাহ্ন জনালো।
ক্ৰমে ,মই সলনি হ'লে
আমিবোৰ সলনি হ'ম
আমি সলনি হ'লে গাওঁ
গাওঁ সলনি হ'লে নগৰ - - দেশ দেশান্তৰ ----
সলনি হ'ব সমাজ
চিন্তা ধাৰাৰ ঠেক গণ্ডী
মহানতালৈ - - বিশালতালৈ ,
শোষণ আৰু যন্ত্ৰণাৰে পিষ্ঠ মানুহে
সৃষ্টিৰে বুতলিব দুহাতৰ মুঠিত
সুখ শান্তিৰ প্লাবিত জলধাৰা
যি আমাৰ আত্মাবোৰক নিকা কৰিব
জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে
স্বদেশ প্ৰেমী কৰি তুলিব - - --
হৈ পৰিম আমি সত্যঅন্নেষী ,
ভগৱান এজনেই
মানবীয়তাই ধৰ্ম
দয়া -ক্ষমা-কৰুণা -প্ৰেমেই উত্তম গুণ
আন্তৰিক সৌন্দৰ্য্যই প্ৰকৃত সৌন্দৰ্য্য
একতাই সবোৰ্চ্চ বল
প্ৰেম দান ক্ষমা দানেই শ্ৰেষ্ঠ দান
সাগৰ বুলিলে জনসমুদ্ৰ
সমভাগী বুলিলে
দুখ-হাহাঁকাৰ - যন্ত্ৰণাৰ
দিব পাৰিলে এসাৰি মাত
দুখৰ দিনত খাবলৈ ভোকৰ ভাত
পিবলৈ পানী - - - -
দেখিবা ,সৌ স্বৰ্গখন তোমাৰ পদুলিত ।।
মোৰ এটি স্কেছেৰে সকলোলৈকে শুভ অপৰাহ্ন জনালো।
কবি:-ණ জুলি বৰুৱা ৷
সুন্দর line 😊 Moi apuar Likhoni tu Youtube t dibo parim ne 7578973684 Jonabo Please 🙏
ReplyDelete