Monday, 27 February 2017

মহ-ණ লীনা হাজৰিকা



মহ

কেঁচা তেজ পি খোৱা বিসাক্ত পতংগ
শোণিতৰ গৌন্ধত যৌৱন উতনুৱা
ৰক্তপিপাসুৰ জাক
বিস্তৰ হত্যাকাৰী
আদিম সমাজত এনোফেলিচ মাইকী মহে
মানুহৰ তেজ শোষণ কৰি
গঢ়ি তোলে মেলেৰিয়া মৃত্যু উপত্যকা
কুইনাইন নিৰুচ্ছাস !
দাস সমাজত কিউলেক্স মহে
দাসৰ কেঁচা গোন্ধৰ পিপাসু
এনকেফেলাইটিছে ছানি ধৰে
মৃত্যুৰ বিভীষিকা
ছিটা নিৰুৎসাহ
জমিদাৰী সমাজত এদিডছ এজিপ্টি মহে
ৰায়তৰ ৰক্ত শুহি
ডেংগুৰ মৃত্যুৰ ঘণ্টা চৌদিশে
পূঁজিবাদী সমাজত এডিছ মহে
বনুৱাৰ তেজ শোহা জিকা মাৰাত্মক
নব্য ঔষধ এণ্টিবায়'টিকে
সমাজত জাগৰণ সৃষ্টি কৰিব পাৰিবণে ?
আশাৰ জোৱাৰ আহিবনে ?
বি:-লীনা হাজৰিকা

No comments:

Post a Comment