আচলতে ফাগুন
বোলোতেই কথাষাৰ মনলৈ আহিল
আচলতে ফাগুন
বোলোতেই কথাষাৰ মনলৈ আহিল
ক'ৰবাত তেতিয়া সোণাৰু ফুলি আছিল চাগে
দোলদোপ হেন্দোলদোপ সকলো
ৰঙা নীলা পখিলাবোৰ উৰি উৰি আহি মোৰ বুকুতে পৰে
ক'ৰবাত তেতিয়া সোণাৰু ফুলি আছিল চাগে
দোলদোপ হেন্দোলদোপ সকলো
ৰঙা নীলা পখিলাবোৰ উৰি উৰি আহি মোৰ বুকুতে পৰে
এতিয়া কিবা এটা
নাই কি নাই নাজানোঁ
আগতে আছিল নে নাছিল তাকো নাজানোঁ
তথাপিও ফাগুনে কিবাকিবি দি যাই
লৈ যায় কিবাকিবি
ক'ত সহস্ৰ সপোন চুৰমাৰ হয়
টোপনিতে কেতিয়াবা চতফটাই থাকো
কি আছে
নাইয়েইবা কি
বলিয়া মন ফৰিঙফুটা জোনাকত
খেপিয়াই চাও কপালত এটা ফুটা
এটাইনে
আগতে আছিল নে নাছিল তাকো নাজানোঁ
তথাপিও ফাগুনে কিবাকিবি দি যাই
লৈ যায় কিবাকিবি
ক'ত সহস্ৰ সপোন চুৰমাৰ হয়
টোপনিতে কেতিয়াবা চতফটাই থাকো
কি আছে
নাইয়েইবা কি
বলিয়া মন ফৰিঙফুটা জোনাকত
খেপিয়াই চাও কপালত এটা ফুটা
এটাইনে
এনেয়ে পাহাৰখনলৈ
চাই চিঞৰ এটা মাৰো
পিছে চহৰত ক'ত পাহাৰ
জোনাকেই বা ক'ত
এনেয়ে কিবাকিবি দেখাৰ অভিনয় কৰি থাকো
পিছে চহৰত ক'ত পাহাৰ
জোনাকেই বা ক'ত
এনেয়ে কিবাকিবি দেখাৰ অভিনয় কৰি থাকো
ফাগুন বোলোতেহে
কথাষাৰ মনলৈ আহিল
ফৰিঙফুটা জোনাক তামোলৰ চিৰিলি চিৰিলি পাত
আই মোৰ ঐ ক'তনো সেই বাট
ঘাটেই বা ক'ত
ফৰিঙফুটা জোনাক তামোলৰ চিৰিলি চিৰিলি পাত
আই মোৰ ঐ ক'তনো সেই বাট
ঘাটেই বা ক'ত
পিছে চহৰত বৰষুণনো
ক'ত
আই মোৰ ঐ এই বাটেই নে সেই বাট
থল হেৰুৱা ঘাট
আই মোৰ ঐ এই বাটেই নে সেই বাট
থল হেৰুৱা ঘাট
কবি :- ණ নৱকাশ ৷
No comments:
Post a Comment