শব্দ - সন্ধান -- ২৫
কিছু বিৰতিৰ পাচত পুনৰ শব্দ - সন্ধান প্ৰকাশৰ বাবে আগবাঢ়িছোঁ ৷ এইবাৰৰ খণ্ডটি আগবঢ়াইছে আমাৰ নতুন সদস্য শ্ৰী সূৰ্য বৰাদেৱে ৷ সদ্যহতে ইংৰাজী , হিন্দী
আদি ভাষাৰ গৰাহত পৰি অসমীয়া ভাষাই নানা ক্ষেত্ৰত আপোন ভাষিক কালিকা হেৰুৱাবলৈ আৰম্ভ কৰা আৰু অনা - অসমীয়া ভাষাৰ শব্দ , প্ৰকাশভঙ্গী আদি গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ৷ সচেতন ভাষাপ্ৰেমীসকল এইবোৰ দেখি উদ্বিগ্ন হোৱাটো স্বাভাৱিক ৷ আজিৰ লেখাটোত তেনে এটি বিষয় দাঙি ধৰা হৈছে ৷ আশাকৰোঁ আখৰুৱাৰ সদস্যসকলে এই কথাখিনি হৃদয়ঙ্গম কৰিব ৷
০"হয়" -
(বিষয় ভাষা)
-সূৰ্য্য বৰা
-এইটো কি হয় ? ম'বাইল হয় ; এইটো ন'কিয়াৰ হয় ; এইটো মানে বহুত ভাল হয় .... এনে ঠাঁচৰ বাক্য
আজিকালি সঘনাই শুনিবলৈ পোৱা যায় । কি বৈদ্যুতিন মাধ্যম, কি সাংবাদিক, আঁতধৰোঁতা,আলোচক অথবা সাধাৰণ লোক ৷ আনকি বহু শিক্ষকৰ মুখতো সম্প্ৰতি এই "হয়"যুক্ত বাক্যৰ ঢল ৷ সামাজিক মাধ্যমবোৰত সঘনে দেখা বাক্যবোৰৰ কথা নক'লোৱেইবা ৷ এতিয়া কথা হ'ল, অসমীয়া ভাষাত এনেধৰণৰ বাক্য শুদ্ধনে?
আমাৰ ভাষাত এনে কিছুমান প্রকাশভঙ্গী আছে য'ত
ক্রিয়াপদটো কেতিয়াবা উহ্যহৈ থাকে। ই ভাষাটোৰে
এক বৈশিষ্ট্য। যেনে- এইটো কি? এইটো ম'বাইল; এইটো বৰ ভাল আদি। পিছে ইংৰাজী বাক্য গাঁথনিৰ Subject+Verb+Complement (SVC)-> যেনে- "He is a singer." অৰ দৰে বাক্যৰ "is" অথবা এনেহিন্দী বাক্য গাঁথনিত ব্যৱহৃত''হেঁ/হুঁ/হ্যায়"ৰ আর্হিত আজিকালি অসমীয়াতো "হয়" অৰ পয়োভৰ ঘটিছে। ফলত
আৰম্ভণিতে উল্লেখ কৰা ঠাঁচৰ বাক্যৰ আমদানি হৈছে ৷
(১)এয়া কি হয়?-- কঁঠাল হয়।
(২)এইটো কি হয়?-- ম'বাইল হয়।
(৩) আপুনি কোন হয়?-- মই অমুক হয়।
(৪)তেখেত কোন হয়?-- ঘৰৰ মালিক হয়।
" হয়" অৰ এইধৰণৰ প্ৰয়োগ অসমীয়া ভাষাৰ ক্রিয়াবিহীন বাক্যৰ স্বকীয় প্রকাশভঙ্গীত একপ্রকাৰ কুঠাৰাঘাত। এনেবোৰ বাক্যই কেৱল ভাষাটোৰ বিশেষ এটি নীতিকে উলঙ্ঘা কৰা নাই, ভাষাটোৰ লালিত্য তথা শ্ৰুতিমাধুৰ্যও ভালেখিনি হ্ৰাস কৰিছে। পিছে এনে ক্ষতিকাৰক অনুশীলন চলোৱাসকলে, প্ৰকৃততে ভুলটোনো কি বুজিবই পৰা নাই। সেয়েহে ইয়াক লৈ তিলমানো উৎকণ্ঠিত হোৱা নাই। পিছে এইবোৰ তেওঁলোকৰ কাণত মৌ হৈ বৰষিলেও , আমাৰ কাণত বৰকৈ বাজে ৷ সেয়েহে উঠি অহা চামক ভাষাটোৰ এনে বিজতৰীয়া ৰূপ এটাৰে পৰিচয় কৰাই দি বিভ্ৰান্তিত পেলোৱাৰ আগতেই আমি সচেতন কৰি দিবলৈ আগবাঢ়িছোঁ । আমি প্ৰত্যেকেই এনে অনুশীলনক নিৰুৎসাহ কৰিবই লাগিব। অন্যথা খুউব কম দিনৰ ভিতৰত অসমীয়া লিপিৰে লিখা খিচিৰি ভাষা এটাহে বৰ্তি থাকিবগৈ। অকল এইটোতে বুলি নহয়, আমাৰ সুৱদি সুৰীয়া ভাষাটোৰ অনেক বিকৃতিৰ অন্যতম কাৰণ, চহা জীৱনৰ স'তে আহি পৰা আমাৰ ব্যৱধান , পুৰণি সাহিত্যৰ লগত পৰিচয়ৰ অভাৱ,অনা-অসমীয়া
ভাষাৰ আগ্ৰাসন ইত্যাদি।
অৱশ্যে অসমীয়াত "হয়"টো ক'লেই বা লিখিলেই যে ভুল হ'ব কথাটো তেনেকুৱাও নহয়। কাৰণ আমি অসমীয়াত "হয়"টো সদাবর্জনীয় বুলিও ক'ব নোৱাৰোঁ ৷ কিন্তু ইয়াৰ প্রয়োগ সুকীয়া। উদাহৰণস্বৰূপেঃ-
১)এয়া কি?-- কঁঠাল।
২) এইটো কি?--ম'বাইল।
৩) আপুনি কোননো/কোন?--মই অমুক।
৪)তেখেত কোন?--ঘৰৰ গৰাকী ৷
ইয়াৰ এটা বাক্যতো ’হয়' নেলাগে । আনহাতে,
১)আমাৰ ফালে কঁঠাল বৰ ডাঙৰ ডাঙৰ হয়৷
২)তোমালোকৰ ফালে খেতিভাল হয়নে?-- ওঁ,ভাল হয়।
৩) আদা দিলে ফিকা চাহটোপা বেচ সোৱাদ লগা হয়। -
এনেবোৰ বাক্যত "হয়"টো শুদ্ধ।কেতিয়াবা আকৌ দুই ধৰণেও প্ৰকাশ হ'ব পাৰে-- "হয়" ব্যৱহাৰ কৰি অথবা নকৰাকৈ । উদাহৰণ স্বৰূপে--
ব্যক্তি -ক: সৌটো কি অ', হাতী নেকি?
ব্যক্তি -খ: অঁ হয় , সেইটো হাতী /সেইটো হাতীয়ে হয়।
এতিয়া " হয়" প্ৰয়োগ হোৱা আৰু নোহোৱা বাক্য দুটামান মন কৰকচোন--
১) তেওঁ খলনায়ক;
কিন্তু তেওঁ চিনেমাত খলনায়ক হয়।
২) কোঠাটো গৰম; কিন্তু
কোঠাটো খন্তেকতে গৰম হয়।
আকৌ
১) তেওঁ অসুখী (He is unhappy.); কিন্তু অমুকটো কৰিলে/হ'লে তেওঁ অসুখী হয়। (He becomes unhappy.....)
২)এয়া গাখীৰ; কিন্তু-- গাখীৰৰ পৰা দৈ হয়। ইত্যাদি।
শেষত ভাষাটোৰ এনেধৰণৰ প্ৰায়োগিক ভিন্নতাখিনিৰ
প্ৰতি সকলোৱে সন্মান প্ৰদৰ্শন কৰি, বৈশিষ্ট্যসমূহ অটুট ৰাখি, অসমীয়া ভাষাৰ শ্ৰীবৃদ্ধিত সহায় কৰিব বুলি আমি আশাবাদী।০
ড° দীপালী বৰা
ব্যৱস্থাপক , শব্দ - সন্ধান
আখৰুৱা

No comments:
Post a Comment