Thursday, 23 February 2017

এজাক ছাগলী খেদা বৰষুণ ණ মৌচুমি বৰি



এজাক ছাগলী খেদা বৰষুণ
 
কোন টলকত গুণ্ডা যেন লগা লৰাটোৱে পোন্ধৰবছৰীয়া আলফুলৰ উঠন বুকুত জোৰকৈ খামুচি বাছখনৰ পৰা নামি গল আলফুলে ধৰিবই নোৱাৰিলে৷
বাছখন গণেশগুৰি বাছষ্টপেজত ৰল৷দেউতাকে কলে – “আলফুল নামা
আলফুল আৰু দেউতাক বাছৰ পৰা নামিল৷লৰাটোৰ কাণ্ডত তাই ভিতৰি ভিতৰি ঘামি পৰিল আৰু এক অজান ভয়ে তাইক সাৱটি ধৰিলে কিন্তু তাই দেউতাকক কথাটো কব নোৱাৰিলে৷তাই ভয়াৰ্ত চাৱনিৰে ইফালে সিফালে লৰাটো দেখা পাই নেকি চালে কিন্তু নেদেখিলে৷
:
আলফুল,তুমি ইমান ঘামিছা যে?কিবা হৈছে নেকি?
:
একো নাই হোৱা দেউতা আলফুলৰ উত্তৰ
দেউতাকে আলফুলৰ কপালখন চুই চালে ৷
:
আৰে,তোমাৰ দেখোন জ্বৰ উঠিছে!!
লৰালৰিকৈ দেউতাক আৰু আলফুলে এখন হোটেলৰ কোঠা এটা বুক কৰিলে ৰাতিটোৰ বাবে৷পিছদিনা আলফুলৰ বিজ্ঞানৰ ছেমিনাৰ এখন আছে৷স্কুলৰ পৰা তাই প্ৰতিনিধিত্ব কৰিছে৷
০০০০০০০০
:
চালা চোঁৱৰৰ বাচ্ছা, ছোৱালীৰ গাত হাত দিয়’!! –ৰিদীপে উগ্ৰমূৰ্তি ধাৰণ কৰি লৰাটোক ঘোচা-চৰ-গোৰ সব দি থাকিল৷ক্ষন্তেকতে মানুহ ভীৰ হৈ পৰিল৷ৰিদীপৰ প্ৰচণ্ড ঘোচাত লৰাটোৰ মুখেদি তেজ ওলাবলৈ ধৰিলে৷
:
ৰিদীপ,ব আৰু বলা সি তাৰ প্ৰাপ্য পাই গৈছে আলফুলে ৰিদীপৰ হাতত ধৰি টানিলে৷আলফুলৰ হাতৰ স্পৰ্শত ৰিদীপ ক্ষান্ত হল৷তাৰ মুখমণ্ডল ঘামি জামি ৰঙা হৈ পৰিছে৷ৰিদীপে লৰাটোক এৰি দিলত দুটামান ডেকাই সেই লৰাটোক পুনৰ চৰ-গোৰ সোধাবলৈ ধৰিলে৷
আচলতে ঘটনাটো অতৰ্কিতে হৈ পৰিছিল৷শিৱৰাত্ৰি মেলাৰ ভীৰৰ মাজত আলফুল আৰু ৰিদীপেও মেলা চাই ঘূৰি ফুৰিছিল৷হঠাতে এখন হাত আহি আলফুলৰ শৰীৰ স্পৰ্শ কৰিলে৷আলফুলে লগে লগে ৰিদীপবুলি চিঞৰি দিলত লৰাটো ভীৰৰ মাজত লুকাই পৰিব খুজোতেই ৰিদীপে পিছফালৰ পৰা তাক টানি আনি ভীৰৰ মাজৰ পৰা মুকলি জেগালৈ লৈ গৈ উত্তম মাধ্যম দিলে৷
এই ঘটনাটোৱে আলফুলক পোন্ধৰ বছৰৰ আগৰ ঘটনাটোলৈ মনত পেলাই দিলে৷ভাবিলেই এক অজান ভয়ে তাইৰ মনটো কঁপাই তুলে৷আলফুলৰ মনত পৰে মাকে কেনেকৈ তাইক পুৰুষৰ পৰা সাৱধান হবলৈ শিকাইছিল৷তেতিয়া আলফুল নৱম শ্ৰেণীত পঢ়ি আছিল৷দূৰ সম্পৰ্কীয় এজন ককায়েক চিন্টু দাদা আহিছিল সিহঁতৰ ঘৰলৈ৷দ্ৰয়িং ৰূমত মাক আৰু চিন্টুদাদাই কথা পাতি আছিল৷আলফুলে চিন্টু দাদাক মাত লগাবলৈ দ্ৰয়িং ৰূম পালেগৈ৷
:
আলফুল আহ,মোৰ কাষতে বহ!
আলফুল গৈ চিন্টুদাদাৰ কাষত বহিছিল৷চিন্টু দাদাকে আলফুলৰ হাত এখন নিজৰ হাতৰ মুঠিত লৈ মৰম কৰি কৰি মাকৰ লগত কথা পাতি আছিল৷
:
আলফুল,পঢ়িবলৈ আছে নহয়!যা পঢ়গৈ৷
মাকৰ কথাত আলফুলে চিন্টু দাদাৰ হাতৰ মুঠিৰ পৰা নিজৰ হাতখন এৰুৱাই ভিতৰলৈ গুচি গৈছিল৷আলফুলে ভাবিছিল চিন্টু দাদাই তাইক বহুত মৰম কৰে কিন্তু মাকৰ কথাতহে তাই বুজি পাইছিল জীৱনত প্ৰয়োজনীয় বুলি ভবা কিছুমান কথা৷
:
আলফুল, এতিয়া তুমি ডাঙৰ হৈছা৷কিছুমান কথা বুজিবলৈ চেষ্টা কৰিবা৷যাকে তাকে হাত আদি চুবলৈ নিদিবা৷
মাকে কি কবখুজিছে আলফুলে ঠিকেই বুজি পাইছিল৷
এবাৰ আলফুলে ফিজিক্সৰ চাৰৰ ঘৰলৈ যাব ওলাইছিল,ফিজিক্সৰ কিছুমান প্ৰশ্ন সুধিবলৈ৷
:
কাৰ লগত যাবা আলফুল? – মাকে সুধিছিল তাইক
:
অকলেই যাম মা৷ তাই কৈছিল
মই লৈ যাম তোমাক
:
চোৱা আলফুল৷তোমাৰ ছাৰ অকলে থাকে৷তেওঁ যিমানেই ভাল মানুহ নহওক তুমি তেওঁৰ ওচৰলৈ অকলে যোৱাটো উচিত নহয়৷কাৰণ তুমি এতিয়া ডাঙৰ হৈছা৷গলেও সদায় কাৰোবাক লৈ যাবা৷নহলে আমি আছো নহয় তোমাৰ লগত!!
আলফুলে সেইদিনাও বুজি পাইছিল মাকে কোৱা কথাৰ অৰ্থ৷মাথোঁ তাইৰ মনলৈ আহিছিল – “ছোৱালী হোৱা বাবেই সাৱধান কিয় হব লাগে?ছোৱালীৰ বাবে সমাজ ব্যৱস্থা ইমান অসুৰক্ষিত কিয়?মাকে কিয় তাইক লৈ অসুৰক্ষিত অনুভৱ কৰে!কিয়?কিয়?”
০০০০০০০০
অফিছৰ সকলো কৰ্মচাৰী এজন এজনকৈ গৈছিল গৈ৷মাথো ৰৈ গৈছিল অবিনাশ বৰুৱা, আলফুল আৰু চকীদাৰজন৷অবিনাশ বৰুৱাই চকীদাৰজনক তামোল আনিবলৈ পঠাইছিল৷নিৰ্জন অফিচটোত মাথোঁ অবিনাশ বৰুৱা আৰু আলফুল ৰৈ গৈছিল৷অবিনাশ বৰুৱাই ফাইলৰ পৰা মূৰ তুলি আলফুলৰ মুখলৈ চাইছিল ৰহস্যময় চাৱনিৰে৷আলফুলে ভিতৰি ভিতৰি খং আৰু অস্বস্তিত ভুগিছিল!অবিনাশ বৰুৱাৰ প্ৰতি থকা শ্ৰদ্ধা বহুত তললৈ নামি গৈছিল তাইৰ৷
:
আলফুল,তোমাৰ অফিচ আচলতে এতিয়াৰ পৰাহে আৰম্ভ হয়৷এই ডাটাখিনি তুমি এক্সচেলত ভৰাই দিয়াচোন৷
আলফুলে পৰম বিৰক্তিৰে হাতত ফাইলটো লৈ কম্পিউটাৰ ৰূম পাইছিলগৈ আৰু অনিচ্ছাস্বত্বেও এক্সচেলত ডাটা ভৰাবলৈ আৰম্ভ কৰিছিল৷
হাতত চিগাৰেটৰ ধোঁৱা উৰুৱাই উৰুৱাই অবিনাশ বৰুৱা আহি আলফুলৰ ওচৰত বহিছিল৷
:
বেয়া পাইছা নেকি?ডাটাখিনি কাইলৈকে দিব লাগে৷সেয়ে তোমাক কামটো কৰিব কৈছো৷আলফুলৰ বিৰক্তি ভৰা মুখখন দেখি আলফুলৰ বছ অবিনাশ বৰুৱাই তেনেকৈ কৈ উঠিল৷
:
ব ছাৰ,মই এতিয়াই শেষ কৰিম কামখিনি
:
ভেৰি গুডআলফুল,তোমাক এটা কথা কব আছেতুমি যেন কথাটো কাকো নোকোৱা৷তোমাক মই মোৰ ভাল ফ্ৰেণ্ড বুলি ভাবোঁ৷তোমাৰ লগত মই বহুত কথা শ্বেয়াৰ কৰিব বিচাৰোঁ৷
অবিনাশ বৰুৱাৰ কথাশুনি আলফুলৰ সৰগখন ভাঙি যেন মূৰতে পৰিল তেনে লাগিল৷যি জন ব্যক্তি আলফুলৰ মামা বয়সৰ সেইজন ব্যক্তিক আলফুলে সপোনতো ফ্ৰেণ্ড বুলি ভাবিব নোৱাৰে৷
:
ছাৰ, এটা কথা কওঁ৷আপুনি মোক যিখিনি কথা কলে আজিৰ পৰা যেন দ্বিতীয় বাৰ এনে কথা মুখলৈ নানে৷ আৰু এটা কথা অফিচ সময়ৰ বাহিৰত এনেকৈ অকলশৰে মই কাম কৰিবলৈ ইচ্ছুক নহয় আৰু আপুনি যদি মোক কাম কৰাবলৈ বাধ্য কৰাব বিচাৰে তেন্তে মই মহিলা আইনৰ কাষ চাপিম আৰু আপুনি এতিয়া দিয়া কামখিনি কাইলৈ ৰাতিপুৱা পাই যাব৷
--এইবুলি কৈ ফোঁ ফোঁৱাই আলফুল অফিচৰ পৰা ওলাই আহিল৷হঠাতে অহা এজাক ছাগলী খেদা বৰষুণত তিতি তিতি তাই অটত উঠিল৷
বি:-মৌচুমি বৰি

No comments:

Post a Comment