Wednesday, 15 February 2017

"ৰঙা নীলা হালধীয়াত লুকাভাকু " কবি :- ණ প্ৰশান্ত কলিতা

"ৰঙা নীলা হালধীয়াত লুকাভাকু "

ধোঁৱাত ক'লা-ম'লা পৰিল জৰায়ু
ওপজা দিনত ৰাস্তাত বস্তিত
ঠাহ খোৱা বস্তাৰ জুলুমত
মৰা-মুৱা জেব্ৰা ক্ৰচিংতে তাইৰ ভূমিষ্ঠ l
ঘূৰিয়া কাপোৰেৰে ঢাকা হাঁহি
কান্দোনৰ লুকাভাকু,
ঢপলিয়াই ৰঙা নীলা হালধীয়াত উজুটি খাইছিল
দীগ দিয়া পুতলাক বন্দী
লেন দেনত পেঁপুৱা লাগিল মুখত
আজান ইষ্টত জন কল্যাণ আঁচনি
নাস্তিক মেচিনৰ নেপথ্যত
হতভাগী দুহিতাৰ নিকাহ
জৰায়ু জেৰেঙা শিশুক নিচুকনি
পঞ্চায়তী নামঘৰ দখলী উৰুলি সুহুৰি
পঞ্জীয়নে পেঁপুৱা লগালে
ঝুলনা, চেং গুটি , দৰা-কইনা খেল ধেমালি
মকৰ কুণ্ডল , নিচুকীয়া তাইক কুঠৰী
দধীচি হাতৰ হাড়ে তুলনীয়া তুলসীক তুচ্ছ
মাচুল জীৱন কুঁচি-মুচি কুঠৰী l
ফলকত আঁকা ফুল বেচি
মাৰ্জনাৰ টুকুৰা ৰুটিতে জুতি
জৰায়ুৰ আলেখ্য পঞ্চায়তী পালক
টিনপাত নথকা কুঠৰী ,মাৰফৎ
ৰঙা জবা জেব্ৰা ক্ৰচিং l
বি :- প্ৰশান্ত কলিতা ৷


No comments:

Post a Comment