Saturday, 25 February 2017

ৰঙা ফুলবোৰ ফুলি উঠিল -ණ নৱকাশ



ৰঙা ফুলবোৰ ফুলি উঠিল


ৰঙা ফুলবোৰ ফুলি উঠিল
সকলোৰে এটাই প্ৰশ্ন ইমান ৰঙা কিয়
ওচৰতে কলডিল এটা পৰি আছিল
এটা হাতিৰ গছকত
ফুলি থকা ফুলবোৰ জৰ জৰকৈ নিয়ৰ সৰাদি সৰিল
নিয়ৰ টোপালবোৰত তোমাৰ কৰদৈ শিৰিয়া আঙুলি
আঙুলিৰ ভাজত এটা মোচোকা খোৱা চিগাৰেট
চিগাৰেটৰ ওঠত অলেখ চুমাৰ দাগ
এক মিঠা সিহৰণ চৌদিশে বিয়পি পৰিল
কুমজেলেকুৱাৰ দৰে মই বগুৱা বাই বাই
কৰবাত যেন এতিয়াই শুই পৰিম একুৰা জুই হৈ
জুই জ্বলি উঠিল
এক মিঠা শিহৰণ
কাৰ চকু সেইয়া কাৰ চকু
দুচকু দুয়োহাতে ঢাকি ধৰিলো
আৰু পোহৰবোৰ চৰাইচিৰিকতি হৈ চৌদিশে বিয়পি পৰিল
আৰু এনেকৈ মই
চাকনৈয়াত চতফটাই থাকিলো

বি:-নৱকাশ

No comments:

Post a Comment