ঈশ্বৰ
ক'ত আছা তুমি প্ৰভু ?
তোমাক বিছাৰি বিচাৰি
পৰিছো ভাগৰি ৷ ৷
তুমি ত্ৰিপতি
দিবানে আমাক সুমতি
তোমাৰ অৱতাৰেই নেকি ?
আমাৰ বাবে আাশীৰ্বাদ ৷
কিদৰে তুমি পাপিক বধি
নিকা কৰিছিলা ধৰণী ৷৷
তোমাৰ যে কত লিলা,
তুমি ঈশ্বৰ আল্লা গদ নামেৰে বিশ্বস্ত ,
তুমি নিৰাকাৰ , অদৃশ্য শক্তি ৷
তুমি কত থাকা ,
মন্দিৰ ,মছজিদ, গিৰ্জা ,
নে মানুহৰ হৃদয়ত ,
বিচাৰি কলৈ যাওঁ তোমাক ?
নাজানো তোমাৰ ঠিকনা ৷
কেৱল কৰিব জানিম তোমাৰ ভক্তি ৷
কাৰন আমি তোমাৰেই সৃষ্টি
No comments:
Post a Comment