টিলাটোৰ শেষত মোৰ গাওঁখনি
শেষৰ টিলাটোত ভাগৰুৱা সন্ধিয়াবোৰ আহি জিৰণী লয়
দিনৰ শেষত টিলাটোত বহি উপভোগ কৰিছোঁ ছাঁ-পোহৰৰ খেল
দূৰণিত ঐনিতম এফাঁকিৰ অস্পষ্ট সুৰ
পোহৰৰ শেষ উশাহে গুলুম মাৰি ধৰা গাওঁখনি চাই থাকোঁ একেথিৰে
প্ৰায়ে কেনভাছত আঁক-বাঁক কৰা যায়
ধিমিক-ধামাককৈ জ্বলি থকা চাকিবোৰে
কঢ়িয়াই ফুৰিছে এখনি বিমূৰ্ত চাহাৰা

গাওঁৰ শেষ প্ৰান্তৰত আকাশখন হাউলি পৰিছে
চালবোৰে চুমি আহিছে আকাশৰ নীলাখিনি
এৰা, মোৰ দহতলীয়া দালান আৰু আকাশৰ মাজত নামহীন শূন্যতা
আঁক-বাঁক কৰা যায়, চহৰবোৰ বালিৰ পাহাৰ
চহৰে নাজানে, পথাৰৰ মাজৰ ৰিব-ৰিব মলয়া বা আৰু কেঁচা আপংৰ সোৱাদ
চহৰে নাজানে, কাষলতীত তামবৰণীয়া কলহ লৈ ঘাটলৈ অহা মনস্মিতাৰ ভূবন ভূলোৱা হাঁহি
কি লিখিম
এজাক ৰ'দৰ পিছত
আপোন গাওঁলৈ উভতি অহা
বাৰিষাৰ প্ৰথমজাক শাওঁতাই চুমি যোৱা মাটিৰ সোৱাদ
নে গাওঁৰ কছাৰী বস্তীৰ মাদল আৰু চিফুংৰ যুগলবন্দী
দুয়ো একেই
গাওঁৰ আকন জোপাৰ পৰা টোপা-টোপে যেতিয়া সৰি পৰে নিয়ৰ
তেতিয়া নিজেই দেখিছোঁ বাউলি হোৱা শত কবিৰ মন
নিজেই কত' কবিতাৰ ভ্ৰূণ বিচাৰি
চিয়াঁহীৰ সাঁফৰ খুলিছোঁ আৰু বৈ গৈছো অনাবৃত কাগজৰ বুকুত
যেনেকৈ বৈ যোৱা যায়, হালধীয়া ধানৰ পঁজাৰ পৰা সেউজীয়ালৈ……!!!
কবি :- লোচন কৌশিক ৷

No comments:
Post a Comment