Wednesday, 8 February 2017

বেসুৰা বেহেলাৰ ৰাগ ණ নিৰুপমা ডেকা ৷



বেসুৰা বেহেলাৰ ৰাগ

" পৰী.....পৰী...মই যোৱাৰ আগতে ভাত কেইটা খাই লোৱাহি সোণ ......." ব্যস্ততাৰ মাজেৰে নীহাৰিকাই জীয়েক পৰীক পাকঘৰৰ পৰা মাতি আছিল | কেবাবাৰো মাতি মাত নাপায় তাই ওলাই আহি দেখে চোতালত ৰুণ দি দি ঘূৰি থকা পাৰ কেইটালৈ তাই ভাবলেশহীন ভাবে চাই বাৰান্দাৰ খুটাটোত ধৰি থিয় হৈ আছে | খঙতে তাইৰ ওচৰলৈ আহি এইজনী বৰ মতলবী হৈছে , মাত এষাৰ নামাতে চিঞৰি মৰিলেও বুলি গালতে জোৰকৈ চৰ এটা মাৰিলে | অফিচলৈ যোৱা সময়ত পৰীৰ এই কথা নুশুনা স্বভাৱটোৱে কেতিয়াবা তাইক ধৈৰ্য হেৰুৱাবলৈ বাধ্য কৰে | এনেতে ৰাজীৱ অৰ্থাত্ পৰীৰ দেউতাক কোঠাৰ পৰা খৰধৰকৈ ওলাই আহি নীহাৰিকাক খঙেৰে চাই কলে-" তুমি ছোৱালী জনী অলপ সময়লৈও চম্ভালিব নোৱাৰা ন ! " কৈয়েই তাইক কোচত লৈ সি পাগঘৰ পালেগৈ | নিজৰ লগতে পৰীকো বহুৱাই লৈ ভাত দুগৰাহমান তাইক খুৱাই নিজেও খাই ল'লে আৰু নীহাৰিকালৈ অলপ খঙেৰে চাই পৰীক কোচত লৈ ওলাই গ'|
নীহাৰিকাৰ মনটো বেয়া লাগিল , কিন্তু তায়োনো কি কৰিব ! ৰাতিপুৱাৰ ভেজালবোৰ মাৰি দহ কিল'মিটাৰ দূৰৈৰ অফিচটো সময় মতে পাব লাগে | ন বজাতকৈ পাঁচ মিনিট দেৰি হ'লেও অফিচত চিনিয়ৰ অফিচাৰৰ কথা শুনিব লাগে | ঘৰত পৰী জনীৰ অকথাইও তাইক বিমোৰত পেলায় | ৰাজীৱৰ দোকান খনক লৈ ব্যস্ততা থাকিলেও স্বাধীন ব্যৱসায় বুলিয়েই সি পৰীক তাইতকৈ বেছি সময় দিয়ে আৰু যত্নও লয় | কথাবোৰ ভাবি ভাবিয়েই নীহাৰিকা অফিচ পালেগৈ | চাকৰী কৰা মহিলা সকলৰ বহু সময়ত বহু অসুবিধা হয় | নীহাৰিকাৰ যেন কথাটো আকৌ এবাৰ অনুভৱ হ'|
ৰাজীৱে পৰীক মাক মানে পৰীৰ আইতাক আজৰি হোৱালৈ দোকানত কিছু সময় ৰাখোঁ বুলি লৈ গ'| পুৱাৰ সময় খিনিত তাৰ দোকানলৈ গ্ৰাহক পাতলকৈ আহে | তাৰ দোকানৰ সামগ্ৰি বোৰ মহিলাৰ প্ৰসাধন আদিৰ লগত জৰিত আৰু মহিলা সকল পুৱাৰ সময় খিনি খুব ব্যস্ত থাকে ঘৰুৱা কাম কাজত | সেয়ে সি সোনকালে দোকানলৈ আহি আগদিনাৰ হিচাব-নিকাচ বোৰ কৰি লয় | অইন দিনাৰ দৰে সি তাইক বহুৱাই থৈ নিজৰ কামবোৰত লাগিল | দোকান খন চাফ-চিকুণ কৰি ধূপ জ্বলাই অলপ তাইৰ সৈতে সি বহি দোকানত বিক্ৰিৰ বাবে অনা পুতলা কেইটামান দি ওমলিবলৈ শিকাই দিলে | তাৰ পিছত সৰু বিচনা খনত তাইক বহুৱাই দি চৌপাশে খেলনা ,পুতলাবোৰ দি তাইক ব্যস্ত কৰি থৈ সি তাৰ আগদিনাৰ হিচাবৰ বহীখন উলিয়াই 'লে | পৰীক সি কথা কওক বুলিয়েই কিবাকিবি সুধি থাকে ,তাই উত্তৰ দিয়ক বা নিদিয়ক শুনিয়েই জানি থাকক চোন বুলি সি ভাবি লয় | মাজে মাজে তা মনত দুখেও ভীৰ কৰে | সিহঁতে চাগৈ তাইক ভালকৈ সময় নিদিয়াৰ বাবেই তাই অভিমানতে চাগৈ একো নকয় | সদায় ভাবে যিমান পাৰে সিমান সময় দিব, কিন্তু সময়ত বিশেষ একো পৰিবৰ্তন নহয় ব্যস্ততাৰ ৰুটিনখনৰ |
এইবোৰকে পাগুলি পাগুলি সি হিচাবটো সম্পূৰ্ণ কৰি পুনৰ চকু ফুৰাবলৈ আৰম্ভ কৰিলে ঠিকে আছেনে | এনেতে এগৰাকী মহিলাৰ মাতত সি মূৰ দাঙি চালে -"এক্সকিউজ মি....."পৰীক মহিলা গৰাকীৰ কোচত দেখি সি হতবম্ব হ'| মহিলা গৰাকীয়ে কৈ গ'ল-"এই কণমানি জনী আপোনাৰ দোকানৰ চিৰিৰে নামি আলিবাটৰ ফালে গৈ আছিল | গাড়ীৰ পৰা হঠাত্ দেখি গাড়ী ৰখাই তাইক দাঙি আনিলোঁ বুলিহে .....| নহ'লে আজি কিবা এটা অঘটন ঘটি গ' হেঁতেন | কাৰ জানোঁ ছোৱালী জনী ! "অটিজিম"(Autism ) ৰ দৰে জটিল ৰোগত আক্ৰান্ত ছোৱালী জনীক নো এনেদৰে বিশেষ তদাৰক নোহোৱাকৈ ৰাখে নে ? অহ্ আই এম চৰী...মই ডাক্তৰ অনুসূয়া গগৈ,এগৰাকী মানসিক চিকিত্সক | আপুনি জানে নেকি বাৰু এওঁ কাৰ ছোৱালী ? "
ৰাজীৱে প্ৰায় থপিয়াই অনাৰ দৰে পৰীক নিজৰ কোচলৈ আনিলে আৰু দোৰোল নোখোৱা মদাহিৰ জিভাৰ দৰে তাৰ মুখৰ শব্দ কেইটামান ওলাল -"অ' জা...নোঁ.....দি...য়...ক,মময়ে থৈ আ...হিম তাইক | মাকৰ লগত আহি ৰৈ 'ল চাগৈ ! মোৰ নেইবাৰ নীহাৰিকা দত্তৰ ছোৱালী....."
"
অহ্ থেংচ্ ,মোৰো দেৰি হৈছে | মই নিশ্চিন্ত হ'লো | তেখেত সকলক তাইৰ বিশেষ যত্ন ল'বলৈ '| চিকিত্সাৰে এনে "অটিজিম" ত ভোগা শিশুক কিছু সপ্ৰতিভ কৰি ৰাখিব পাৰি | তাইৰ যত্ন ল'বলৈ দিব দেই,বৰ মৰম লগাজনী | নমস্কাৰ |"
প্ৰতি নমস্কাৰ জনাই ৰাজীৱ দুখত ভাগি পৰিল | মানুহগৰাকী ব্যস্ততাৰে আঁতৰি গ'| ৰাজীৱৰ দুচকুৱে অন্ধকাৰ দেখিলে | সি পৰীৰ ভাবলেশহীন মুখ খনলৈ চাই থাকিল কিছুপৰ | বুকুখনত এটা শোকৰ হেঁচা অনুভৱ কৰিলে সি | চকু দুটা পুৰিব ধৰিলে | সি লৰালৰি কৰি দোকানখন বন্ধ কৰি পৰীক কোচত লৈ ঘৰলৈ খোজ ল'লে | পথত তাৰ গাড়ী-মটৰ,মানুহ একোৰে কোলাহল কাণত নপৰিল , মাত্ৰ এটি শব্দই কাণত লুটিবাগৰি বাজি থাকিল -"অটিজিম" |
সি লাহে লাহে বুজিবলৈ আৰম্ভ কৰিলে ,এবছৰ পিছৰ পৰাই মা, তা(দেউতা,আইতা,তাতা এটা শব্দৰেই কয় )কা(ককা) আদি ক'বলৈ আৰম্ভ কৰা ছোৱালী জনী ,খোজ দিবলৈ নোৱাৰোঁতে থপ থপ কৈ পৰি পৰি লৰা-ধপৰাৰ চেষ্ঠা কৰা ছোৱালী জনী ডেৰ মান বছৰৰ পিছৰ পৰা লাহে লাহে নিশ্চুপ হৈ যোৱাৰ সত্য | শাৰীৰীক ভাবে তাই এটা সুন্দৰ সৌন্দৰ্যৰ পুতলা | শৰীৰ বৃদ্ধিত কোনো জড়তা নাই | অথচ কিবা কলে উত্তৰ টো দূৰৈৰ কথা ঘূৰিও নাচায় | কাৰো লগতে নেখেলে,সমনীয়াৰ পৰাও আঁতৰি থাকে | মাত্ৰ নিজৰ ভাবত বিভোৰ হৈ হৈ আপোন পাহৰা হৈ থাকে | একেটা কাম বা একেটা কথাকে বাৰ বাৰ কৈ থাকে | বহুতে কোৱাৰ দৰে সিহঁতে ধৰি লৈছিল কিছুমান ল'ৰা-ছোৱালীৰ মাত-কথা ওলাওতে অলপ বেছি সময় লাগে | দুই বছৰ পাৰ হৈছেহে তাইৰ ....|
ঘৰ পায়েই সি তাইক মাকৰ ওচৰত থৈ নিজৰ কোঠালৈ খোজ ল'লে | মাকে তাৰ চিন্তিত মুখখন দেখি সুধিলে -"গা বেয়া নেকি ? " সি লাহেকৈ ও বুলি কৈ দুৱাৰখন ভিতৰৰ পৰা বন্ধ কৰি ল'লে | লগে লগে লেপটপ টো খুলি গোগ'ল খুলি টাইপ কৰিলে Autism আৰু খৰকৈ পঢ়ি গ'ল--"Autism is a neurodevelopment disorder characterized by impaired social interaction , verbal communication , and restricted and repetitive behavior. Parents usually notice signs in the first two years of their child's life............. "
আমেৰিকাৰ এটা সমীক্ষা মতে ২০১৪ চনলৈ প্ৰতি ৬৮ জন শিশুৰ মাজত এজন অটিজিমত আক্ৰান্ত হয়,যিটো ২০১২ চনত আছিল প্ৰতি ৮৮ জনত এজন | অৰ্থাত্ বৰ বেছি হাৰত ই বাঢ়ি গৈছে | নিৰাময়ৰ কোনো উপাই উলিয়াবলৈ বৈজ্ঞানিক সকলে আজিলৈ পৰা নাই |
নীহাৰিকাই বাৰু কেনেকৈ সহিব এই নিৰ্মম সত্যটো | ভাবি সি অস্থিৰ হৈ পৰিল | সি কোঠাত থকা মিউজিক চিষ্টেমটো জোৰ কৈ বজাই দিলে আৰু তাৰ শব্দৰ লগতে ইমান সময়ে হেঁচি ৰখা কান্দোনটো এৰি দিলে | লাহে লাহে প্ৰকৃতিস্থ হৈ মনতে ঠিৰাং কৰিলে যে ভাঙি পৰিলে নহ'| সি পৰীৰ বাবে তাৰ কৰণীয় সকলো কৰি যাব লাগিব | সু চিকিত্সাৰ সকলো দিশ সাঙুৰি লৈ নীহাৰিকাকো তাৰ বাবে প্ৰস্তুত কৰিব লাগিব | সি মিউজিক চিষ্টেমটো বন্ধ কৰি লৈ দুৱাৰখন খুলি বাহিৰলৈ চালে | মাকে উদাস ভাবে পৰীলৈ চাই বাৰান্দাৰ চকীখনত বহি আছে | পৰীয়ে বাৰান্দাৰ খুটাটোত ধৰি সন্মুখৰ চ'ত মহীয়া লঠঙা গছ ডাললৈ চাই বিৰবিৰাই আছে কাটি দে .....কাটি দে...কাটি দে.....
সি মাকলৈ চাই হাঁহি এটা মাৰিলে আৰু পৰীৰ ওচৰলৈ আহি তাইৰ মূৰত হাত ফুৰাই দি দোকানলৈ খোজ ল'লে |
............
সমাপ্ত..........
(০৮.০২.২০১৭ ৰ "আমি অসমৰ জনগণ" কাকতৰ সাহিত্য পৃষ্ঠাত প্ৰকাশিত)


বি :- নিৰুপমা ডেকা

No comments:

Post a Comment