Sunday, 26 February 2017

মাটি -টোকাৰী -ණ অনিতা গগৈ



মাটি -টোকাৰী
.

শৰালি এজাকৰ দৰে উৰি গ'
বিলখন ...
.
উৱাদিহ হেৰুৱাই
জাকৈয়া গাভৰু এজাকে
খালৈ ভৰাই থিতাদহে তুলিলে
বিলৰ পদুম
.
বোকাত লেটি লৈ
শামুকবোৰে সিদিনা বুটলি ল'লে
এটাকৈ তৰা আৰু এশ এটা শেলুক
.
গাওঁখনৰ ওপৰেদি যিদিনা এখন বিমান
একুৰা বনজুই যেনকৈ উৰি ছানিছিল আকাশ
বতাহত বিৰিঙি
আমাৰ জঁয় পৰা মাতৰ ৰেণু
বুকুত থেকেছি ভাঙিছিল পূৰ্ণিমাৰ জোন
.
নিশ্বাসৰ উমত
মাটি -টোকাৰী এখনে
ৰাতিৰ ৰাতিটো ৰৈ ৰৈ বান্ধিছিল
আমৰলীয়া জোনাক
.
ওচৰা ওচৰিকৈ আছিল দুটা টিলা
পানীসূতাৰ সাঁকোৰে বগাই
সাতোজনী পানীকুঁৱৰীয়ে
শিলত থুকুচি ধুইছিল
নিশাৰ চন্দ্রাতপ
.
তাৰেই আঁৰত সামৰি থওঁ আঁহা
সৰাপাতৰ দৰে জহি যোৱা দেহাৰ বেহা
.
জীৱনৰ সিপাৰৰো সিপাৰৰ জীৱনলৈ বাট বুলি
হাতৰ মুঠি খুলি থাউকতে পাম নে
এই এডালি ঘাঁহ
এমুঠি ধূলি
এটোপাল অশ্রু
পৃথিৱীৰ ...
.
বি:-অনিতা গগৈ

No comments:

Post a Comment