বহাগ আৰু ভূপেনদা
শূন্য ভূপেনদা উকা
উকা বহাগ
ৰঙালীত ডেকা-গাভৰু চিত্ত উদাস
ছাটি ধৰা নিবনুৱা
ৰিঙা ৰিঙা জীয়া বিহুতলী
বাপতি সাহোন ৰঙালী বিহু মহঙা
জুই-চাই দাম, ৰক্ষণশীল সমাজৰ বেহু ,অপৰিপক্ক ব্যৱস্থা !
ৰঙালীত ডেকা-গাভৰু চিত্ত উদাস
ছাটি ধৰা নিবনুৱা
ৰিঙা ৰিঙা জীয়া বিহুতলী
বাপতি সাহোন ৰঙালী বিহু মহঙা
জুই-চাই দাম, ৰক্ষণশীল সমাজৰ বেহু ,অপৰিপক্ক ব্যৱস্থা !
ভূপেনদা বিহীন
বসন্তত
লঠঙা গছৰ কুঁহিপাতে
খৰাং, ধুলি বতাহৰ উন্মাদনাত নিঃশব্দে ফেঁকুৰিলে ।
লঠঙা গছৰ কুঁহিপাতে
খৰাং, ধুলি বতাহৰ উন্মাদনাত নিঃশব্দে ফেঁকুৰিলে ।
বা-মৰলিয়ে
কালবৈশাখীৰ বেশত
ভূপেনদা বিহীন ঋতুত নিৰ্বনীকৰণৰ ক্ষোভত
এমূৰৰ পৰা মহটিয়াই তহিলং
বৰলুইতে শোকে বেজাৰে
'মেগা'বান্ধৰ খঙত
পাৰত কোবাই
দেহৰ মঙহ চপৰা চপৰে খহালে ।
ভূপেনদা বিহীন ঋতুত নিৰ্বনীকৰণৰ ক্ষোভত
এমূৰৰ পৰা মহটিয়াই তহিলং
বৰলুইতে শোকে বেজাৰে
'মেগা'বান্ধৰ খঙত
পাৰত কোবাই
দেহৰ মঙহ চপৰা চপৰে খহালে ।
আহো বোলা
উগ্ৰপন্হীজাক
ভূপেনদা বিহীন বহাগত
যেন কাৰোবাৰ ওপৰত বিতুষ্ট হৈ
মূলসূঁতিলৈ উভতি নাহিল ।
ভূপেনদা বিহীন বহাগত
যেন কাৰোবাৰ ওপৰত বিতুষ্ট হৈ
মূলসূঁতিলৈ উভতি নাহিল ।
কবি:-ණ লীনা হাজৰিকা ৷
No comments:
Post a Comment