Thursday, 16 February 2017

আজিৰ নাৰী: কবি :- ණ মাধৱ দত্ত

আজিৰ নাৰী

নাৰী হেনো অৰ্ধ আকাশ ৷
নাৰী সৃষ্টিৰ উৰ্বৰা শক্তি ৷
নাৰী সাহস আৰু
সৌৰ্য্যৰ প্ৰতিমুৰ্তি
নাৰী মমতাময়ী ৷
নাৰী শ্যামলিমা পৃথিৱীৰ আমোঘ শক্তি
নাৰী মাতৃ
নাৰী ভগ্নি
নাৰী প্ৰজ্বলিত বহ্নি শিখা ৷
কিন্তু .....
কিয় নাৰী পণ্য হয় ভোগবাদৰ বজাৰত !
কিয় নাৰী লান্সিতা হয় ,
ধৰ্ষিতা হয়
মোৰ দেশৰেই
পুৰুষ নামধাৰী
কাপুৰুষৰ হাতত !!
মাতৃ লান্সিতা হয়
নিজৰেই গৰ্ভজাত
চেনেহৰ পুত্ৰ - কণ্যাৰ হাতত !
কিয় ?
কিয় হয় এনে ??
এয়া কি সমাজ !
এয়া কি সংস্কৃতি !!
এয়া কি সভ্যতা !!!
আৰু ন্যায় বিচাৰ !
হে নাৰী ! সেয়া নুসুধিবা ৷
ন্যাৰ্য প্ৰাপ্তিৰ বাবে
পুণৰ তুলি দিয়া
তোমাৰ সৰ্বস্ব
আন এজনৰ হাতত
এজাহাৰৰ লগত গাঁঠি দিয়া
এখন বায় 'ডাটা ৷
তাত লিপিবদ্ধ কৰা
তুমি কোন জাতিৰ ,
তোমাৰ ধৰ্ম,
নাইবা
শাসনাধিষ্ট চৰকাৰৰ তুমি উগ্ৰ সমৰ্থক বুলি
নহলে
নাপাবা ন্যায় বিচাৰ ৷
হে নাৰী !
নিজেই নিজৰ সহায় হোৱাঁ
ন্যায় দাবী কৰি
এই দেশত
কোনো ফল নাপাবা ৷

বি :- মাধৱ দত্ত ৷

No comments:

Post a Comment