অপ্ৰেম:
ধুনীয়া হাতৰ আখৰকেইটা দেখি এদিন তেওঁৰ প্ৰতি আকৰ্ষিত হৈছিলো। আখৰ লেখা হাতখন মোৰ হাতত লৈ নতুন জীৱন আৰম্ভ
কৰাৰ ছয় বছৰ পিছত ডাক্তৰে মোৰ অক্ষমতাৰ কথা ঘোষণা কৰিছিল।
কাগজখনত তেওঁৰ চহীটোৰ কাষতে উকীলজনে দেখুৱাই দিয়া ঠাইখিনিত মই চহী কৰি দিলো ।লাহে লাহে খেলি মেলি হ'ব ধৰা দিনবোৰত তেওঁ মোৰ গাত অঁকা আখৰবোৰ ধুনীয়া নাছিল।
No comments:
Post a Comment