Monday, 6 February 2017

ছাকিৰা আৰু এটা ভিডিঅ'ৰ কথা:মনোহৰ দত্ত

ছাকিৰা আৰু এটা ভিডিঅ'ৰ কথা:
সময় তেতিয়া দিনৰ তিনি বাজিবৰ হৈছে।
দোকানলৈ তিনিজনমান গ্ৰাহক আহিছিল একেলগে। প্ৰথমতে সোমাই অহা ল'ৰাটোৱে এক কেজি চেনি আৰু এক লিটাৰ 'তাজা' দিবলৈ কৈ সম্মুখতে থকা আজিৰ 'আমাৰ অসম' কাকতখনত চকু ফুৰাবলৈ ধৰিলে। সেই চেগতে দোকানৰ কাম কৰা ল'ৰাটোৱে আন গ্ৰাহক দুজনৰ বস্তুখিনি জুখি উলিয়াই দিলে। সেই দুজনক বিদায় দি কাকত পঢ়া ল'ৰাটোলৈ চালোঁ। সি কাকত পঢ়িয়েই মোক সুধিলে- 'গ্ল'বেল ভিলেজ মানে কি?' বুজাই কোৱাত 'লে- 'এতিয়াহে বুজিলোঁ। পিছে 'ছাকিৰা' জানো আহিছিল অসমীয়া চিনেমাত অভিনয় কৰিবলৈ?' তেওঁৰ কথা শুনি বুজি পালোঁ তেওঁ কাকতখনত আজি প্ৰকাশিত 'ছাকিৰাৰ বজাৰ' শীৰ্ষক লেখাটোত চকু ফুৰাই (পঢ়ি নহয়) আছিল। যিহওক, কথাটো ভাল লাগিল আৰু কথা আৰম্ভ কৰিলোঁ-

+ হয় দিয়া, ঠিকেই কৈছা। ছাকিৰা জানো অসমলৈ আহিব?
++
নাই নাই, এওঁলোকে মিছা কথা কৈছে কিজানি। মোৰ হ'লে বিশ্বাস হোৱা নাই।
+
মইও বিশ্বাস কৰা নাই। পিছে তুমি চালা নেকি চিনেমাখন?
++
চোৱা নাই। আমাৰ ইয়ালৈ অহাই নাই নহয়।
+
হয় দিয়া। আহিলে চাবা, মইও চাম। পিছে চেনি, গাখীৰ ল'লা যে, তোমাৰ চাহ দোকান ক'?
++
মোৰ চাহদোকান নাই নহয়। এইখিনি সেই তিনিআলিটোত বহা বাইটোৱে নি দিবলৈ কৈছে।
+
বুজিলোঁ। পিছে তুমি কি কাম কৰা।
++
মই দুটা কাম কৰোঁ। এটা মই অটোৰিক্সা চলাওঁ আৰু আনটো হ'ল মই গান গাওঁ।
+
ভাল কথা। অটো তোমাৰ নিজৰ নেকি?
++
নিজৰ নহয়, ভাড়া দিব লাগে মালিকক।
+
নিজেই লৈ লোৱা, ঋণ লৈ হ'লেও।
++
ঋণ ল'বলৈ হ'লেও যিখিনি টকা লাগে সেইখিনিয়েই নাই।
+
চেষ্টা কৰি থাকিবা, এসময়ত হৈ যাব। বাৰু, তুমি যে গান গোৱা বুলি ক'লী- তুমি কোন কোন গায়কৰ গান ভালপোৱা।
+
কুমাৰ চানু আৰু জুবিন গাৰ্গ।
++
ভূপেন হাজৰিকাৰ গান ভালনোপোৱা নেকি?
++
তেখেতৰ গানো ভালপাওঁ।
+
বুজিছো। কাৰ গান গাবলৈ বেছি ভালপোৱা।
++
কুমাৰ চানু।
+
অলপমান গাই শুনাবা নেকি?
++
কিনো কয়? এনেকৈ গাব পাৰিম জানো।
+
যি পাৰা গোৱাচোন, অলপ শুনো।
++
চোচেংগে তুম্হে প্যাৰ, কৰে কে নেহী......
+
ধুনীয়াকৈ গাইছা তুমি। বাৰু ভূপেন হাজৰিকাৰ অলপ গাই শুনাবা নেকি?
++
পাৰিম। কিন্তু তেখেতৰ দৰে গাব নোৱাৰিম। মই মোৰ ধৰণে গাম।
+
হয়তো, ভূপেনদাৰ দৰে কেনেকৈ গাবা? তুমি তোমাৰ দৰেই গোৱা।
++
বুকু হম হম কৰে মোৰ আই......
+
আৰু কি গান গোৱা।
++
মই নিজে লিখা আৰু সুৰ কৰা গান এটা শুনাম আপোনাক।
+
গোৱাচোন।
++
কোন তুমি ৰূপহী কোৱানা, মৰম লগা চাৱনিৰে চোৱানা, এতিয়া কি কৰোঁ কোৱানা, শুৱও নোৱাৰো জানানা......
+
সঁচাই ভাল গাইছা দেই।
++
কথাটো কি জানে। গানটো নলবাৰীতেই এটা ষ্টুডিঅ'ত ৰেকৰ্ডিং কৰিম বুলি ভাবিছো। পিছে ষ্টুডিঅ'ৰ মালিকে কৈছে এম,পি থ্ৰী কৰিলে ৫০০০/- আৰু ভিডিঅ' কৰিলে ১০,০০০/- লাগিব। কিন্তু ইমান টকা মোৰ নাই। এজনক কৈছো ৰ', দহ হাজাৰ টকা দিবলৈ। টকা দিলে ভিডিঅ'ৰ হীৰো কৰি দিম তাক..... (আগলৈ)

No comments:

Post a Comment