"কাহিনী : শেষ নহোৱা"
.
গছ এজোপা কোনোৱে ৰুয়ে।
গছজোপা বাঢ়ে,
ফুল ধৰে
ফল ধৰে
গছজোপা লহপহকৈ বাঢ়ি গৈ থাকে…
কোনোজনক ছাঁ দিয়ে
আপদাল কৰাজনক জীৱিকা
জীৱন দি প্ৰতিষ্ঠা কৰাজনক প্ৰশান্তি।
সেই গছৰ ওপৰত উঠিয়ে কোনোজনে আকৌ তলৰ ধৰিত্ৰীখনক অনিষ্ট কৰাৰ বেহু ৰচনা কৰে।গছৰ পাতৰ আঁৰত লুকাই লোকলৈ শিলগুটি দলিয়াই আনন্দ লভে।গছজোপাৰ আঁৰ লৈ বাটৰুৱাক ভয় খুৱায়।গছজোপাত ভূত-প্ৰেত থকা বুলি অপবাদ দিয়ে।
আৰু সেইজনে হাঁহি মাৰে চয়তানৰ !
সময়ৰ লগে লগে গছজোপাৰো বয়স বাঢ়ে।
গছে ৰূপ সলায়,
সলায় বৰণ।
গছ শুকাই যায়।
আৰু এসময়ত গছজোপাৰ মৃত্যু হয়।
সকলো কাহিনী জানো ইয়াতেই শেষ হৈ যাব পাৰে?
হয়তো গছজোপাৰ মৃত্যুৰ লগতে চয়তানৰ হাঁহি মাৰ যায়।হয়তো সেই খালী ঠাই চকুত পৰিলে চিনাকীজনৰ হুমুনিয়াহ ওলায়।
কিন্তু
মৃত্যুৰ স'তেও শেষ নহোৱা বহু কাহিনী আজিও অপেক্ষাৰত !
.
-সুব্ৰতা

No comments:
Post a Comment