নিৰুপমা ডেকা
হেৰি আপোনাৰ
দোকানত
"হেৰি আপোনাৰ দোকানত ভেলেন্টাইন আছে নেকি
হে ?" হৰমোহন ৰিক্সাৱালাৰ প্ৰশ্নটোত দামোদৰ দোকানীয়ে চকু ডাঙৰকৈ কি প্ৰশ্নটো লৈ চাই ৰ'ল | দোকানত থকা ডেকা বয়সৰ চেলচ্ মেনজনে মুখ টিপি হাঁহি বেকাকৈ
ভেলেন্টাইন বিচৰা মানুহজনলৈ চালে | পঞ্চাছৰ উৰ্ধৰ মানুহজনে কি ভেলেন্টাইন
বিচাৰিছে বা ভাবি সন্মুখত ৰৈ থকা গ্ৰাহক জনক লাগতিয়াল
বস্তু কেইপদ দি ল'লে | তাৰ পিছত হৰমোহনলৈ চাই সুধিলে-"দাদা কি লাগে বুলিলে ?" হৰমোহনে কলে-"সেই কিবা বোলেনে ফাগুণৰ মাহ আহিল নহয়,সেইপদ নহ'লে ঘৰৰজনীৰ
হাহাকাৰ লাগে | সকলো ফালে চিৰাল ফাট মেলে যে | সেই যে বগা টেমাটোৰ নীলা ঢাকনি থাকে ,ওপৰত নীলা আখৰেৰে লিখা থাকে ভেলেন্টাইন বুলি....."
সি কিছুসময় ভাবি চ'কেচৰ পৰা টেমা এটা নমাই আনি সুধিলে-"এইটো নে ?" অ অ এইটো বুলি হৰমোহনে উচাহতে কৈ উঠিল | "এইটো ভেলেন্টাইন নহয় ভেছলিন হে | "কৈ সি হাঁহি উঠিল | দোকানৰ মালিক আৰু আন গ্ৰাহক কেইজনেও ৰস পাই হাঁহিলে |".....এহ্ ঘৰৰ পৰা নামটো ঠিকেই মনত কৰি আহিছিলোঁ পুৱা | দিনটো ৰিক্সাৰে কলেজীয়া ল'ৰা ছোৱালীৰ ভাৰা মাৰোতে ইমানকৈ ভেলেন্টাইন ডে বোলা শব্দটো শুনিলো যে ক্ষাৰ খোৱা জিভা পিছলি তাকে ওলাই গ'ল.... " সি লাজতে সেমেনা সেমেনি কৰি কৈ কৈ দিবলগীয়া দামৰ টকা কেইটা উলিয়ালে |
এজন গ্ৰাহকে কলে-"ভুল হোৱাৰ কথাই....আজিকালি এনে বিষয়বোৰ ইমানেই আলোচনা হয় যে মানুহৰ মনত কিবা এটা বিশেষ দিন অহাৰ এমাহ আগৰ পৰা এমাহ পাছলৈ কেৱল তাৰেই চৰ্চা | দেশ এইবোৰ লৈয়ে এতিয়া প্ৰগতিৰ পথত |

No comments:
Post a Comment