Sunday, 5 February 2017

বগা বিচনা চাদৰ ( একমিনিটৰ গল্প) ✍ পাৰ্থ প্ৰতিম কলিতা

বগা বিচনা চাদৰ ( একমিনিট গল্প)
-------------------
কোঠাটোত সোমায়ে এটা সুগন্ধি তাৰ নাকত লাগিল । নানাৰঙী ফুলৰে পালেঙখন সুন্দৰকৈ সজাইতোলা হৈছে । পালেঙৰ প্ৰতিটো ষ্টেণ্ডত ঢৌ খোৱা হালধীয়া নাৰ্জীৰ মাজৰে ওলমাই দিয়া হৈছে বগা ৰঙৰ ৰজনীগন্ধা । ৰজনীগন্ধাৰ গোন্ধ তাৰ প্ৰিয় । চিগাৰেট এটা জ্বলাব খুজিও ৰৈ গ'ল সি । ৰজনীগন্ধা এটা নাকৰ কাষলৈ আনি শুঙি চালে ।আসঃ কিমান আকাংক্ষিত এই নিশা । তাৰ বগা পাঞ্জাৱী¸ কূৰ্তাৰ সৈতে বিচনাৰ বগাখিনিও এক হৈ গ'ল ।
ফুলশয্যাৰ বিচনাত বগা কাপোৰ কিয় দিয়ে?
প্ৰাকযৌৱনৰ কোনোবা এটা বন্ধুৰ সৈতে হোৱা অশ্লীল আদ্দাত সি সুধিছিল । বন্ধুবোৰে হাঁহিছিল তাক¸ জোকাইছিল । মক্কেল চাল্লা..
বুজা দিয়া দিনৰ বহুত পিছলৈয়ে সাথৰ হৈয়ে আছিল বগা বিচনা চাদৰৰ ৰহস্য । টি ভি ¸ চিনেমাত প্ৰায়ে দেখি সি ভাৱে বগা ৰঙ শান্তিৰ প্ৰতীক¸ সেইবাবেই চাগেই । কাৰোবাক সুধিব খুজিও ৰৈ যায় সি ।
খিৰিকী খন খুলি দিলে সি । বাহিৰত আত্মীয়ৰ ব্যস্ততাবোৰ চকুত পৰিল তাৰ সৌৱা পেহীয়েকে হাতত কিবা লৈ পাকঘৰলৈ গৈছে । কিমান যে কষ্ট হৈছে পেহীয়েকৰ । বিচনাখনো চাগে তেঁৱে সজাইছে । চকু ঘুৰাই সি বিচনাখনলৈ চালে । অসংখ্যা তেজৰঙা গোলাপৰ পাহীৰে ভৰি ৰক্তিভ হৈ পৰিছে বগা বিচনা চাদৰ ।
কিছুদিন আগেয়ে হাইস্কুলৰ বন্ধু এজনক লগ পাইছিল সি পুৰণি বন্ধু । বহু কথাই পাতিছিল। খবৰ সুধিছিল ¸ তাৰ খবৰ কৈছিল ¸ বিয়াৰ কথা কৈছিল ।
: তোৰ বিয়া ? মজ্জা । প্লাৱিতাৰ লগত নে ?
:
নাই¸ কিংকিনীৰ লগত । এৰেঞ্জ মেৰেজ । প্লাৱিতাৰ সৈতে যোৱাবছৰে ব্ৰেক হ'ল।
: এৰেঞ্জ ! বন্ধুজন যেন কিছু আচৰিত হৈছিল । এইবাৰ তই বুজিবি বগা বিচনা চাদৰৰ ৰহস্য । হাঃ হাঃ
তাৰ হাহিঁতো বহু সময় বুকুত শেল বাজি ৰৈছিল তাৰ । এইযেন হাঁহিতো খিৰিকীৰে পুণৰ সোমাই আহিব । ফুলৰ গোন্ধৰ সহ্য কৰিব নোৱাৰাকৈ অহস্য হৈ পৰিল তাৰ বাবে । অনিশ্চাসত্বেও চিগাৰেট জ্বলালে সি। চিগাৰেটৰ ধোৱাখিনি কুণ্ডলী পকাই বতাহত এৰি দিলে । ৰিং বোৰ গোলাকাৰ¸ ৰিংবোৰৰ মাজত সি অকলে নাই। এৰি দিয়া প্ৰতিটো ৰিঙে সৃষ্টি কৰিছে ঐককেন্দ্ৰিক বৃত্তৰ । ক্ৰমান্বয়ে এটা বৃত্তৰ ব্যাসাৰ্ধ বাঢ়ি লীন হৈ গৈ আছে ।
কিবা এটা মনত পৰাত সি ঘপহকৈ থিয়া হ'ল । চিগাৰেটতো খিৰিকীৰে দলিয়াই সেয়া বন্ধ কৰি দিলে সি । কিংকিনীক বিশ্বাস প্ৰত্যয়ৰ পৰীক্ষাত অৱতীৰ্ণ কৰিব নিবিচাৰে সি। কোঠাটোৰ এচুকত থকা ট্ৰাংক টোত পুৰণি বিচনা চাদৰ আছে ¸ সি জানে । পূৰণি হলেও হ'ব। সি সেয়া বিচাৰিব ধৰিলে ।

পাৰ্থ প্ৰতিম কলিতা

No comments:

Post a Comment