Sunday, 5 February 2017

"বন্ধুত্ব" কবি:-ණ জ্যোতিষ কুমাৰ দেৱ

বন্ধুত্ব
======
বন্ধুত্ব যদি সুষম হয়
অসম অৱস্থান হলে ক্ষতি কি
অন্তৰৰ সমিল মিল
হাতে হাত ধৰি লৈ যায়
কেতিয়াবা নগা পাহাৰ
নহলে দীপৰ বিল
তোমাৰ সু-উচ্চ প্রাসাদৰ পৰা
যেতিয়া নামি আহিবা
বস্তীৰ পূতিগন্ধময় পৰিৱেশত
অন্তৰেৰে যদি তাক মানিব পাৰা
সমন্বয় ক্ষেত্র বুলি
তোমাৰ সোণৰ কাঁহীখনৰ পৰা
একমুঠি অন্ন যদি তুলি দিয়া
তোমাৰ ছাল-ছিগা ভিকহুঁ বান্ধৈৰ মুখত
সোণৰ কাঁহীখন মোলান পৰিবনে থিতাতে
নে ৰহন চৰিব তাৰ মুখত
মৈত্রীৰ এচেৰেঙা পোহৰত
মেঘালয়ৰ মাউলুনমুঙ গাৱৰ দৰে
নিকা এমুকোৰা হাঁহিৰে আদৰা
"
বাহ" জনৰ এল্যুমিনিয়মৰ থালত
একেলগে ভগাই খাবা না অকণ জাডোহ
চিৰজীৱননৈ তেওঁ নেৰে তোমাৰ লগ
বাঁহফুলা ফুলা বতৰত যাবা
মিজোৰামৰ বুকু ফালি যোৱা
ৰাজপথৰ কাষৰ জুপুৰিত্ত
থকা প্রান্তীয় "পু" ৰ বুভুক্ষু পৰি়য়ালৰ কাষত
অকণ আশ্বাসৰ বাণী লৈ
তোমাক পৰম সমাদৰে শুবলৈ দিব
পৰিয়ালৰ লগতে জুপুৰীৰ মজিয়াতে আপোন বুলি
মন যদি হয় তোমাৰ মুকলি
হিয়াৰে কৰুণাধাৰাত স্নাত কৰিব পাৰিবা
অৰুণাচলৰ নিশিবন্ধুক নাইবা
আগৰতলাৰ টিপৰা বন্ধুৰ মুখত শুনিবা
ককবৰকত এটি মিঠা মাটিৰ সুৰ
বন্ধুত্বৰ ডোলেৰে বান্ধিব পাৰি
বিভেদৰ ডেগাৰেৰে আতৰুৱা জনক
এটি মিঠা হাঁহিৰে
ভুলাই মচি দিব পাৰি নিপীড়িত জনৰ চকুলো
যদি তুমি সঁচা হোৱা...

বি:-জ্যোতিষ কুমাৰ দেৱ ৷৷

No comments:

Post a Comment