Sunday, 5 February 2017

"ফাগুন" কবি:-ණ নিৰু দত্ত

"ফাগুন"

দেউতাই পথাৰৰ নৰানিত
জুই জ্বলালে
কুকুহা উৰে, আঁচল উৰে
বাউলী বতাহে সাৱটে
বুকুৰ অৰঙে দৰঙে।
দিন জাৰে সাৰি যোৱা দেহা-মনৰ
ৰিঙা ৰিঙা ভাৱটোক সিঁয়াৰি
শিমলুজোপাত ৰঙা ফুলৰ পয়োভৰ।
ধূলিয়ৰি আকাশত উৰি ফুৰা
বাঁহপাতৰ চিলাবোৰে
আজি দূপৰীয়া চাগৈ
ফাগুনক আমন্ত্ৰণ জনাইছে।
বি:-নিৰু দত্ত৷৷


No comments:

Post a Comment