Thursday, 2 February 2017

“লৈ যোৱা” কবি:- ✍ৰাজীৱ ডেকা ।

লৈ যোৱা
চৰাইৰ সপোনলৈ আমাক লৈ যোৱা
শেলুৱা শিলত জিৰোৱা শামুকৰ ভাবনালৈ
বৰ কঠিন সময়েৰে আহি আছোঁ
মাতত পোতা গৈছে মাত
আঙুলিত পচিবলৈ লৈছে আঙুলি
কিমান আৰু খোজ দিম খোঁজৰ পিছে পিছে
সকলো কথা কোৱা হৈ গ'ল সকলো কাম
বাকী থাকিল পুনৰাবৃত্তি
হতাশাৰ চিলনীয়ে চোঁ মাৰি তুলি নিয়াৰ আগতেই
লৈ যোৱা আমাক ইয়াৰ পৰা
হে সময়।



কবি:- ৰাজীৱ ডেকা

No comments:

Post a Comment