“দিশাহীন প্রজন্ম”
কিংকর্তব্যবিমূঢ়
দিশাহীন
থিতাপি নোহোৱা কৰবাতে
স্বাধীনতাৰ হ'কে যুঁজা সেনানীসকল
বন্দী এতিয়া স্ববিৰোধিতাতে
সমাজৰ বাবে এক অলাগতীয়াল বোজা
এয়ে যদি হয় ভৱিষ্যত
পোহৰৰ সংজ্ঞা ইয়েই হ'ব লাগিলে
শুভচিন্তাৰ বিকাশ হ'ব কেনেকৈ
ন্যাযৰ আশা কৰিব পাৰি কোনটো সঁতেৰে
অনুকম্পা মূলমন্ত্র নৱীন প্রজন্মৰ
দুঃখ বেজাৰক সেওঁ মানি পদে পদে
কৰুণাৰে আৱৰ সাহসী হিয়াবোৰ
আশা পালি থাকে দৈৱিক সংস্থাপনৰ
বর্তমানৰ যদি এয়ে হয় ৰেহৰূপ
অহাদিনবোৰৰ পৰা প্রত্যাশা ৰাখিম কিহৰ...
থিতাপি নোহোৱা কৰবাতে
স্বাধীনতাৰ হ'কে যুঁজা সেনানীসকল
বন্দী এতিয়া স্ববিৰোধিতাতে
সমাজৰ বাবে এক অলাগতীয়াল বোজা
এয়ে যদি হয় ভৱিষ্যত
পোহৰৰ সংজ্ঞা ইয়েই হ'ব লাগিলে
শুভচিন্তাৰ বিকাশ হ'ব কেনেকৈ
ন্যাযৰ আশা কৰিব পাৰি কোনটো সঁতেৰে
অনুকম্পা মূলমন্ত্র নৱীন প্রজন্মৰ
দুঃখ বেজাৰক সেওঁ মানি পদে পদে
কৰুণাৰে আৱৰ সাহসী হিয়াবোৰ
আশা পালি থাকে দৈৱিক সংস্থাপনৰ
বর্তমানৰ যদি এয়ে হয় ৰেহৰূপ
অহাদিনবোৰৰ পৰা প্রত্যাশা ৰাখিম কিহৰ...
কবি:- ✍জ্যোতিষ কুমাৰ দেৱ ।
No comments:
Post a Comment