"তোমালৈ চালেই"
আবেলি পৰত
তোমালৈ চালেই মোৰ খোজ মন্থৰ হয়
ৰৈ ৰৈ চাই যাওঁ তোমাক
তোমালৈ চালেই মোৰ খোজ মন্থৰ হয়
ৰৈ ৰৈ চাই যাওঁ তোমাক
ঐশ্বৰিক
সৌন্দৰ্যৰে মহীয়ান হৈ পৰা তুমি
তোমাৰ সুন্দৰতাত
বাকৰুদ্ধ হৈ ৰওঁ মই
তোমাৰ সুন্দৰতাত
বাকৰুদ্ধ হৈ ৰওঁ মই
ৰৈ যাওঁ চাই যাওঁ
ৰৈ যাওঁ চাই যাওঁ
ৰৈ যাওঁ চাই যাওঁ
তুমি শৌৰ্য বীৰ্যৰ
প্ৰাচীনতম কাব্য
তুমি সঞ্জীৱন
তুমি প্ৰিয়তম
হে সূৰ্য -- তোমাক প্ৰণাম ৷৷
তুমি সঞ্জীৱন
তুমি প্ৰিয়তম
হে সূৰ্য -- তোমাক প্ৰণাম ৷৷
কবি:- ✍ মৌচুমী বৰি ৷
No comments:
Post a Comment