Saturday, 4 February 2017

"সৰাপাতৰ স্বৰলিপি" কবি:-ණ দুলুমণি ৰয়

"সৰাপাতৰ স্বৰলিপি"
.
মনৰ ৰুগ্নতাই বিবেকক চুলে
জাগি উঠে শুই থকা স্মৃতি...
.
নিশাৰ প্ৰহৰী তৰাটিয়ে নাজানে
উজাগৰী দুচকুৰ বেদনা
যেনেদৰে ফাগুনৰ পচোৱাই নুবুজে
গচকত হোৱা সৰাপাতৰ কষ্ট..
.
প্ৰাপ্তিতো দুখ থাকে
যদিহে প্ৰাপ্য নহয়...
.
ধূসৰ সময়ত
মলিন হৃদয়ৰ
দস্তাবেজত স্বাক্ষৰিত
উৱলি যোৱা পণ...
.
কেনে আছা সন্ধ্যাৰাগ ?
সুখী কৰাৰ স্বাৰ্থত
এৰিব পাৰিছা জানো
শান্তিৰ নিঃশ্বাস....
.
নাই কৰা অপেক্ষা ব্যাকুলতাৰ
নাইবা সমিধানৰ
অপেক্ষা মাথোঁ
তুমিজন তুমি হোৱা....


বি:-ডুলুমণি ৰয় ৷৷

No comments:

Post a Comment