: মৃত্যু যদি এটুকুৰা শিল হ'লহেঁতেন :
মৰা শিল এটুকুৰাত
টুকুৰিয়াই চাই ভাবিছিলো
মৃত্যু যদি শিল হ'লহেঁতেন
সপোন দেখাৰ কথা নাভাবিলোহেঁতেন কোনোদিনেই
মৃত্যু যদি শিল হ'লহেঁতেন
সপোন দেখাৰ কথা নাভাবিলোহেঁতেন কোনোদিনেই
ধূলিৰ আচ্ছাদনৰ
দৰেই
ময়ো পথচাৰিক খেদিলোহেঁতেন
যা ইয়ালৈ নাহিবি
মই ভাঙিবলৈহে বাকী আছো
ক্ৰমশঃ…
ময়ো পথচাৰিক খেদিলোহেঁতেন
যা ইয়ালৈ নাহিবি
মই ভাঙিবলৈহে বাকী আছো
ক্ৰমশঃ…
তোৰ হাতৰ পৰশত
ঠন্ ধৰি উঠা অলীক কল্পনা
মোৰ প্ৰেমত বাউলি হোৱা উঞ্চ বতাহজাক
আজি কোনদিশে?
ঠন্ ধৰি উঠা অলীক কল্পনা
মোৰ প্ৰেমত বাউলি হোৱা উঞ্চ বতাহজাক
আজি কোনদিশে?
মৃত্যু যদি
এটুকুৰা শিল হ'লহেঁতেন
আশাৰ জোলোঙাখন মেলি
ভ্ৰমি নুফুৰিলোহেঁতেন কোনোদিনেই
তোৰ পাছে পাছে
আশাৰ জোলোঙাখন মেলি
ভ্ৰমি নুফুৰিলোহেঁতেন কোনোদিনেই
তোৰ পাছে পাছে
দপ্-দপ্ কৈ জ্বলি
ছাই হোৱা আপোন মানুহৰ শৱদেহ দেখি
মোৰ গাৰ নোম শিহৰি নুঠিলহেঁতেন
যদিহে মৃত্যু এটুকুৰা ভগ্নপ্ৰায় শিল হ'লহেঁতেন
.
মোৰ গাৰ নোম শিহৰি নুঠিলহেঁতেন
যদিহে মৃত্যু এটুকুৰা ভগ্নপ্ৰায় শিল হ'লহেঁতেন
.
কবি:-ණ ৰাজেন দাস ৷৷
No comments:
Post a Comment