Friday, 3 February 2017

"এটি নিশাৰ কেনভাছ" কবি:- ✍অজন্তা বৰা ৷

"এটি নিশাৰ কেনভাছ"
বেলি ডুবাৰ পৰত
কোলাহলবোৰ বাঢ়ি আহিছিল ,
লাহে লাহে মাৰ গৈছিল
নিশাৰ বুকুত কোলাহল ।
নৈখন নিৰৱতাত ডুবিছিল ,
এক সর্পিল গতিৰে আগবাঢ়িছিল
নৈৰ উভতনি সোঁত ।
দূৰৈৰ পাহাৰত জ্বলিছিল
একুৰা বনজুই
আৰু চহৰখনত পিয়াপি দিছিল
বিজুলী চাকিবোৰ ,
বিজুলী চাকিবোৰে
শান্ত কৰিবপৰা নাছিল
অশান্ত মনবোৰ ।
জোনাকৰ অমিয়াত শান্ত হৈছিল
চহৰখনৰ অতৃপ্ত বাসনা ।
নৈৰ বুকুত টলমলাইছিল
এজাক পানীপৰুৱা
এটি নতুন পুৱাৰ অপেক্ষাত

কবি:- অজন্তা বৰা ৷

No comments:

Post a Comment