Sunday, 5 February 2017

"শীতৰ স্কেচ্ছ" কবি:-ණ প্ৰশান্ত শৰ্মা

শীতৰ স্কেচ্ছ
°°°°°°°°°°°°°
কুহুমীয়া অনুভৱত
পোখা মেলে
শীতৰ সপোনে
খিৰিকীত দোঁ খাই
কুঁৱলিৰ গধুৰ পৰ্দা
ৰঙিয়াল বেলি এটা
কাতি হৈ শুই থাকে
সিটো পাৰে…………
জাক্ জাক্ দূবৰিৰ মুকুতা
বুকুত লুকুৱাই লৈ
সাজ সলোৱাৰ
হেঁপাহত বন্দী
এজাক তেজাল ক'লিয়ে
বিষাদেৰে চাই থাকে
দোকমোকালিটোৰ লেহেমীয়া
গতিলৈ………………

বি:-প্ৰশান্ত শৰ্মা ৷৷


No comments:

Post a Comment