Sunday, 5 February 2017

বিচিত্ৰ কুমাৰ মেধিৰ কাব্যগ্ৰন্থ : 'জোনাকে পৰশা সপোন' আলোচক- ৰাজীৱ ডেকা

পুনৰীক্ষণ শিতান : কাব্যগ্ৰন্থৰ চমু পৰ্যালোচনা
বিচিত্ৰ কুমাৰ মেধিৰ কাব্যগ্ৰন্থ : 'জোনাকে পৰশা সপোন'
আলোচক- ৰাজীৱ ডেকা
দুমাহমানৰ আগতে আমাৰ হাতত আহি পৰিছিলহি বিচিত্ৰ কুমাৰ মেধিৰ কবিতা সংকলন "জোনাকে পৰশা সপোন"।সৰ্বমুঠ চল্লিশটা চুটি-দীঘল কবিতাৰে সমৃদ্ধ কাব্যগ্ৰন্থখন কবিতা ৰসিকৰ কাৰণে আকৰ্ষণীয়।ই এজন পাঠকক দিব পাৰে পঠনৰ মধুৰ অভিজ্ঞতা। চল্লিশটা কবিতাৰ মাজত আমি বিষয়বস্তুৰ ভিন্নতা লক্ষ্য কৰিব পাৰোঁ।প্ৰেম বিষয়ক, জীৱন বিষয়ক, প্ৰকৃতি বিষয়ক আদি কবিতাৰে কাব্যগ্ৰন্থখনৰ বিষয়বস্তুয়ে এক বহুমাত্ৰিক চৰিত্ৰ লাভ কৰিছে।
কবিতাপুথিখন আৰম্ভ হৈছে জীৱন বিষয়ক কবিতা "সুখ-দুখৰ মালিতা"ৰ দ্বাৰা।জীৱনৰ গভীৰ উপলব্ধি সুন্দৰভাৱে প্ৰকাশিত হৈছে এই কবিতাটোত-
"মোৰ শোৱনি-কোঠাত দুটা আলমাৰি
এটা সুখৰ আনটো দুখৰ
দুখৰ আলমাৰিটোত সদায় তলা
ওলোমাই থওঁ
অৱশ্যে সুখৰ আলমাৰিটো সদা উন্মুক্ত"
জীৱন বিষয়ক আন এটি কবিতা "সময়ৰ সেঁতু"ত কবিয়ে জীৱনক বিচাৰিব খুজিছে অতীতৰ সোণালী দিনবোৰৰ মাজত। তেওঁ জীৱনলৈ উলটি লৰ ধৰিব খুজি জীৱনৰ অৰ্থ উপলব্ধিৰ প্ৰয়াসত লিপ্ত হৈছে-
"কেতিয়াবা এনে লাগে যেন
আইতাৰ আঁচলত লুকুৱাই থ'
একুৰি এটা বসন্ত
মুহূৰ্ত্তৰ বাবে শৈশৱৰ বোকোচাত উঠি
হাঁহিৰ ৰঙবোৰ সিঁচি সিঁচি
সন্ধিয়াৰ আকাশৰ তৰা গণিম "
তেনেকৈ "কবিতাৰ ঘৰ" কবিতাটোতো প্ৰকাশিত হৈছে জীৱনৰ বিষাদপূৰ্ণ উপলব্ধি-
"পাকৈত মাছুৱৈ নহ'লোঁ মই
পলকতে জুলুকিৰে
চবিয়াই ধৰিবলৈ মাছ "
কবি বিচিত্ৰ মেধি আধুনিক নগৰকেন্দ্ৰিকতাৰ পৰা আঁতৰত থিয় হৈ এটা শান্তিপূৰ্ণ অৱস্থানৰ পৰা কবিতাৰ শৰীৰ নিৰ্মাণ কৰিছে। সেয়ে তেওঁৰ কবিতাত সততে ভুমুকি মাৰিছে প্ৰকৃতি বিষয়ক চিত্ৰই।কবিয়ে বায়ু ,পানী আৰু মাটিৰ লগত নিবিড় সম্পৰ্ক অটুত ৰাখিছে-
"
পাহাৰীয়া জুৰিটিৰ পাৰত
আজি মই অকলে বহি আছোঁ "(আশাৰ স্যন্দন)
"মেঘৰ আঙুলিৰ মিঠা স্পৰ্শত
পুণী মেটেকাই সাৰ পায়"(বৰষুণ)
আহিন মহীয়া নিয়ৰসিক্ত
সেউজ দুবৰিত ভৰি থৈ
অপলক নয়নে চাই ৰওঁ
শৰতৰ তলবল জোনাক" (শৰতৰ সুবাস)
"শীতৰ দুপৰীয়া
আয়তী বেলিটোৰ কেউদিশে
দেও দি ফুৰিছে
অভিমানী ডাৱৰবোৰে" (শীতৰ কবিতা)
"বৰশীৰ পুঙাৰ দৰে ওপঙি থাকি
বাট চাম মাথো তোমালৈ
গৰখীয়া বাট এটাৰে
তুমি আহিবা দেই কাষলৈ।"(ৰ'দৰ ক'লাজ)
তেওঁ মানুহৰ কবি।মানুহ তেওঁৰ কাৰণে বিস্ময়।তেখেতৰ কবিতাত প্ৰকাশিত হৈছে চোকা নিৰীক্ষণ শক্তি। তেখেতে সাধাৰণ লোক এজনক কবিতাৰ মাজলৈ বুটলি আনি অসাধাৰণ ভাৱে উপস্থাপন কৰাত সফল হৈছে।তেখেতে ৰচনা কৰিছে 'বুঢ়া মানুহবোৰ', 'ফেৰীৱালা', 'নাৰী','সুধাকণ্ঠ', 'নাৱৰীয়া' আদিৰ দৰে মানুহ বিষয়ক কবিতা।এই কবিতাকেইটাত প্ৰকাশিত হৈছে কবি মনৰ বিশ্লেষণাত্মক দৃষ্টিভঙ্গী আৰু গভীৰ উপলব্ধি।'ফেৰীৱালা' কবিতাত তেখেতে ফেৰীৱালা এজনৰ মানসিক জগতৰ গভীৰলৈ বুৰ মাৰি ফুটাই তুলিছে এজন ফেৰীৱালাৰ কঠিন জীৱন গাথা-
"গাঁৱৰ গহীন গধুলিটোৰ দৰেই
ক্লান্ত পথৰ নীৰৱতা ভাঙি
ফেৰীৱালা আগবাঢ়ে"
"ফেৰীৱালাই নুবুজে বুদ্ধিদীপ্ত বিজ্ঞাপন "
তেনেকৈ বুঢ়া মানুহবোৰক কেন্দ্ৰ কৰি তেখেতে লিখি উলিয়াইছে "বুঢ়া মানুহবোৰ"-
"বুঢ়া মানুহবোৰ হেনো শিশুৰ দৰে
অলপ অঁকৰাও হয় মাজে মাজে
ৰবাব টেঙাৰ বাকলি গুচোৱাৰ দৰে
বুঢ়া মানুহবোৰে অতীতৰ ৰঙবোৰ
আজুৰি চিঙি আনিব খোজে"
এই কবিতাটো শেষ হৈছে চমৎকাৰ ভাৱে-
"
কিছুমান 'মানুহ'ৰ তুলাচনীত
বুঢ়া মানুহবোৰ পুৰণি ফটা-ছিটা
কাপোৰৰ দৰে অনাদৃত হয়
অথচ বহুতেই হয়তো নাজানে
বুঢ়া মানুহবোৰৰ শূন্যতা যিমান
পূৰ্ণতাও সিমান ।"
বিষয়বস্তুৰ সৰলতা-- কবি মেধিৰ কবিতাবোৰৰ অন্য এক মৌলিক বৈশিষ্ট্য। দৈনন্দিন জীৱনৰ সাধাৰণ ঘটনাৱলীৰ পৰা তেখেতে বুটলি লৈছে বহুকেইটা কবিতাৰ বিষয়।পৰিচিত পটভূমিৰ নিৰ্বাচনৰ জৰিয়তে কবিয়ে কবিতাবোৰক সহজবোধ্য কৰি তোলাৰ লগতে পাঠকৰ অধিক ওচৰ চপাই নিয়াৰ যত্ন কৰা পৰিলক্ষিত হৈছে। অৱশ্যে কিছুসংখ্যক কবিতাৰ পটভূমি তথা বিষয়বস্তু গতানুগতিক।এইধৰণৰ কবিতাই পাঠকক চমক খুৱাব নোৱাৰে।সেইবুলি পাঠকে কবিতা সমুহক অৱজ্ঞাও কৰিব নোৱাৰে-
"তোমাক ভালপোৱাৰে পৰা
সলনি হৈছে মোৰ পুৰণা অভ্যাস " (তোমাক ভালপোৱাৰে পৰা)
কবিতাবোৰত এক গীতিধৰ্মীতাৰ ক্ষীণ আভাস পোৱা গৈছে।ছন্দৰ ক্ষেত্ৰত কবি সচেতন বুলি অনুমান হয়। এই ক্ষেত্ৰত পাঠকক ই এক অন্য এক পঠন সুখ প্ৰদান কৰিছে যদিও কিছু ক্ষেত্ৰত কবিতাটোৰ স্বাভাবিক গতি বাধাগ্ৰস্ত হোৱা যেন বোধ হয়। কবিতা সংকলনটোৰ সৰহভাগ কবিতা ভালপোৱা বিষয়ক।
'ভালপোৱাৰ এখিলা কবিতা', 'তোমাৰ মিচিকি ওঁঠৰ হাঁহি', 'মৰুদ্যান', 'তুমি এৰি থৈ যোৱা ৰুমালখন','ভালপোৱাৰ পুখুৰী','হৃদয় নদীৰ উজনি- নামনি', 'ভালপোৱা','মই তোমাক সুখী কৰিব খোজোঁ','তোমাক ভালপোৱাৰে পৰা','জালুকবাৰীৰ কবিতা','জোনাকে পৰশা সপোন' আদি কাব্যপুথি খনত সন্নিবিষ্ট প্ৰেম বিষয়ক কবিতা। এই আটাইবোৰ কবিতাতেই আছে হেৰোৱা অথবা নোপোৱাৰ বেদনা। বিষাদ এই কবিতাসমূহৰ মূল ভেটি। কবিয়ে দৈহিক প্ৰেমৰ উৰ্দ্ধত গৈ এক স্বৰ্গীয় প্ৰেমৰ সন্ধান কৰে। কবিতা সমূহত কবিমনৰ শূন্যতা, কৰুণতাৰ উপলব্ধি আৰু অনিৰ্দিষ্ট অপেক্ষা সামগ্ৰিক বিষয় হিচাপে ধৰা দিছে-
"বেলিটো বাঁহনিডৰা বগাই যোৱাৰ
পৰত
তুমি খৰধৰকৈ উভতি যাওঁতে
ভুলতে এৰি থৈ গ'লা
তোমাৰ প্ৰিয় বগা ৰুমালখনি (তুমি এৰি থৈ যোৱা ৰুমালখন)
এই ক্ষেত্ৰত কবিৰ অতি উচ্চাসী মনোভাৱ পৰিস্ফুট হৈ পৰিছে।প্ৰেম বিষয়ক কবিতাবোৰত অনুভূতিৰ গভীৰতাতকৈ উচাহৰ প্ৰাৱল্য অধিক দেখা গৈছে, সেয়ে প্ৰেম বিষয়ক কবিতাবোৰক তেখেতৰ অন্য বিষয়ক কবিতাৰ সমপৰ্যায়ৰ কৰিবলৈ আৰু অধিক কচৰৎ কৰাৰ আৱশ্যক আছে বুলি ভবাৰ থল ৰৈ গৈছে।কবিয়ে ভাৱৰ নিয়ন্ত্ৰণ আয়ত্ব কৰিবলৈ আৰু অধিক যত্নপৰ হ'ব লাগিব বুলি আমাৰ ধাৰণা। কবি আৰু অলপ সচেতন হ'লে তেখেতৰ কবিতাই উৎকৃষ্টতাৰ আসনত অধিষ্ঠিত হ'ব।
কবি মেধিৰ কবিতাবোৰ পঢ়িলে অনুভৱ কৰিব পাৰি বিষাদৰ অনুচ্চাৰিত এক সুৰ।কবি দৰদী। কবি কৰুণতা প্ৰিয়।জীৱনৰ গভীৰ বিষাদক বুজিবলৈ কবিয়ে প্ৰচেষ্টা চলাইছে।এই প্ৰচেষ্টাত সহযোগী হৈছে বাস্তৱ জীৱনৰ ৰূঢ় অভিজ্ঞতা-
"আজি আহিবাচোন দুখ
নতুন আলহী হৈ
মোৰ অকিঞ্চন ঘৰলৈ
চিকুনাই থ'ম দিয়া শোৱাপাটী
কটাব পাৰিবা মোৰ স'তে ৰাতি
দিম বাৰু ফটিকাকে এবাতি" (দুখ মোৰ ঘৰৰ আলহী)
"কিনো ক'ম মোৰ জীৱন কাহিনী
মিছাতে থাকোঁ মই হাঁহি-মাতি
জানাই দেখোন
মোৰ নিজাকৈ এটা ঘৰেই নাই "(সুখ-দুখৰ মালিতা)
"মোক যেন কোনোবাই
কাণে কাণে কয়
জীৱনটোৱে দেখোন
শূন্যতাৰ আলয়" (আশাৰ স্যন্দন)
কবি ব্যক্তি মনৰ পৰা উৰ্দ্ধত গৈ সামাজিক সোঁতৰ লগত নিজক বিলীন কৰি দিয়াৰ পক্ষপাতী।সহজ-সৰল জীৱন ধাৰণেৰে কবিয়ে জীৱন উদযাপন কৰিব বিচাৰে। বিচিত্ৰ মেধিৰ কবিতাৰ আন এক বৈশিষ্ট্য হ'ল- তেওঁৰ কবিতা দুৰ্বোধ্যতাৰ অভিশাপৰ পৰা মুক্ত। সাধাৰণ পাঠকেও তেওঁৰ কবিতা পঢ়ি ৰসাস্বাদন কৰিবলৈ সমৰ্থ হ'ব।আন এটা দৃষ্টিৰ পৰা চাবলৈ গ'লে মেধি ডাঙৰীয়াৰ কবিতাত অলংকাৰৰ আধিক্য দেখা নাযায়। সেয়ে কবিতাসমূহ বুজাত পাঠকে অধিক কষ্ট কৰিব লগা নহয়। চিত্ৰধৰ্মীতাও তেওঁৰ কবিতাৰ এক বৈশিষ্ট্য হিচাপে ধৰা দিছে।
কবিতাসমূহ পঢ়ি এনে ধাৰণা হয় যে কবিয়ে আৰু অধিক কৰ্ষণ কৰাৰ প্ৰয়োজনীয়তা আছে। ভাষা সৰল হ'লেও বহুকেইটা কবিতা মিতব্যয়ী হোৱাৰ থল ৰৈ গৈছে।কিছু ক্ষেত্ৰত কবিয়ে ইতিমধ্যে বহুলভাবে ব্যৱহৃত কিছু অলংকাৰ প্ৰয়োগ কৰিছে।উদাহৰণ স্বৰূপে-
"ৰামধেনুৰ ৰঙ এচামুচ","তৰাৰ জোনাকী চাকি" "ভালপোৱাৰ পুখুৰীত সাঁতুৰিম" ইত্যাদি
এই ধৰণৰ বহুলভাবে ব্যৱহাৰ হোৱা অলংকাৰে কবিতাটোই পাঠকৰ মনত দিব পৰা পঠন সুখ কমাই আনে।কবি ভবিষ্যতে এই ক্ষেত্ৰত আৰু অধিক সতৰ্ক হলে তেওঁৰ কলমৰ পৰা অধিক আকৰ্ষণীয় কবিতা আমি পঢ়িবলৈ পাম বুলি বিশ্বাস।
চৌষষ্ঠি পৃষ্ঠাৰ কবিতা পুথিখনৰ কাৰণে সুন্দৰ বেটুপাত নিৰ্মাণ কৰিছে প্ৰসিদ্ধ চিত্ৰ-শিল্পী বেনু মিশ্ৰই।বেটুপাত আৰু পুথিখনৰ নামৰ মাজত থকা যোগসূত্ৰ সহজেই উপলব্ধি কৰিব পাৰি। পাতনি লিখি কিতাপখন সমৃদ্ধ কৰিছে ভালে কেইগৰাকী প্ৰতিভাধৰ সাহিত্যিক, শিক্ষাবিদ আৰু বিশিষ্ট ব্যক্তিয়ে।হাজৰিকাপাৰা সাহিত্য সভাই প্ৰকাশ কৰা পুথিখনৰ প্ৰথম প্ৰকাশ হৈছে ২০১৬ চনত। পকাবন্ধা কিতাপখনৰ মূল্য নিৰ্ধাৰণ কৰা হৈছে আশী টকা।
~ ৰাজীৱ ডেকা
সদস্য, আখৰুৱা।
_________________________________
ব্যৱস্থাপকৰ মন্তব্য:
আখৰুৱা গোটৰ সদস্যৰ প্ৰকাশিত কাব্যগ্ৰন্থৰ পৰ্যালোচনা আগবঢ়োৱাৰ প্ৰয়াসেৰে এইবাৰ আখৰুৱাৰ সদস্য, কবি, পৰ্যালোচক বিচিত্ৰ কুমাৰ মেধিৰ 'জোনাকে পৰশা সপোন' কাব্যগ্ৰন্থৰ আলোচনা আগবঢ়োৱা হৈছে। আগলৈও সময়ে সময়ে আখৰুৱাৰ সদস্যৰ কাব্যগ্ৰন্থৰ পৰ্যালোচনা আখৰুৱাত আগবঢ়াবলৈ আমি প্ৰয়াস কৰিম। আমি ভাবোঁ যে- এই প্ৰচেষ্টাই আমাক সামগ্ৰিকভাবে উপকৃত কৰিব।
এইখিনিতে পৰ্যালোচনাটোৰ বানান শুধৰণি কৰি দিয়া বাবে, আখৰুৱাৰ সদস্য, কবি যুগল কিশোৰ নাথলৈ ধন্যবাদ জনাইছো। আমি আশা ৰাখিছো, ৰাজীৱ ডেকাই যুগুতোৱা এই পৰ্যলোচনালৈ মাননীয় সদস্যসকলৰ সঁহাৰি পাম। ধন্যবাদ।
গীতালী বৰপাত্ৰগোহাঁই
জনজিৎ গোস্বামী
ব্যৱস্থাপকবৃন্দ, পুনৰীক্ষণ শিতান।
আখৰুৱা : literati
৫ ফেব্ৰুৱাৰী, ২০১৭

No comments:

Post a Comment