Saturday, 4 February 2017

আখৰুৱাৰ ধাৰাবাহিক উপন্যাস :ৰূপোৱালী মেঘৰ ছায়া:ফেব্ৰুৱাৰী,২০১৭ খণ্ড--৩

আখৰুৱাৰ ধাৰাবাহিক উপন্যাস :ৰূপোৱালী মেঘৰ ছায়া:ফেব্ৰুৱাৰী,২০১৭
খণ্ড--৩
ছাত্ৰদুজন যোৱাৰ পিছত অৰুন্ধতীয়ে এটা দীঘল হুমুনিয়াহ কাঢ়ি প্ৰাপ্তিৰ ডায়েৰিখনৰ পাত লুটিয়ালে ----
এইয়া, স্মৃতিৰ এলবাম খুলি আত্মকথা লিখিবলৈ বহিছোঁ মই!কিমান যে সৰু বৰ কথাই আহি অগা দেৱা কৰিছে আজি!কিমানখন যে আপোন মুখে আহি আমনি কৰিছে মোক!
ঘৰৰ ডাঙৰ জীয়ৰী হিচাপে মোৰ যে ঘৰখনৰ প্ৰতি দায়িত্ববোধ আছে সেইকথা বুজিবলৈ সদায়ে চেষ্টা কৰি আহিছোঁ ৷মোৰ তলত এজনী ভন্টী আৰু দুটা ভাইটি৷মোৰ মা-দেউতাই শিক্ষকতা কৰিছিল ৷এখন সুখী ভৰা পৰিয়াল আমাৰ৷ মই মোৰ ভাইটি-ভন্টীক বহুত মৰম কৰিছিলোঁ আৰু ঘৰৰ ডাঙৰ হিচাপে মা-দেউতাৰ আছিল মোৰ ওপৰত বহুত আশা৷নিজৰ ভৱিষ্যতৰ লগতে ভাইটি ভন্টিহঁতক লৈও মোৰ বহুত সপোন আছিল৷
মা-দেউতাৰ মৰমত আতোলতোলকৈ ডাঙৰ হোৱা আমি পৃথিৱীৰ কোনো জটিলতাকে বুজি পোৱা নাছিলোঁ৷জীৱনটো গোলাপৰ পাহিৰ দৰেই কোমল যেন লাগিছিল ৷ কিমান যে সুখৰ আছিল আমাৰ শৈশৱ! চিতপখিলীৰ দৰে লৰি-ঢাপৰি ঘূৰি-ফুৰা মই কেতিয়াবা যে জীৱনৰ কেকুঁৰিত জটিল বাস্তৱৰ মুখামুখিও হব লগা হব পাৰে সেইকথা মোৰ বাবে সপোনৰো অগোচৰ আছিল ৷
ডায়েৰিৰ প্ৰথম পৃষ্ঠা পঢ়ি পঢ়ি অৰুন্ধতী দুপৰীয়াৰ মিঠা টোপনিত ঢলি পৰিল ৷
প্ৰাপ্তি, তাই, বাৰ্বী, জুলী গোটেইকেইজনীয়ে ফুলেশ্বৰ ককাইদেউৰ ঘৰৰ বাৰীৰ শিলিখাজোপাৰ তলত শিলিখা বুটলিবলৈ লাগিল ৷ বগা পলিথিন এটাত গোটেইকেইজনীয়ে মিলি ঢেৰ শিলিখা গোটালে ৷ তাৰপিছত সিহঁতে গৈ সিহঁতৰ চিনাকী হাবিডৰা পালেগৈ, তাত থকা অমৰা গছজোপাৰ পৰা তলসৰা অমৰা বুটলিলে,তাৰপিছত ঢেকীয়া বুটলিলে ৷ এনেকৈ ঢেকীয়া বুটলি থাকোঁতে গধূলী হল ৷ হাবিডৰাতে থকা ঔটেঙা জোপাত থকা ভূতজনীয়ে ধৰিব বুলি গোটেইকেইজনীয়ে নিজৰ নিজৰ ঘৰলৈ বুলি সেইদিনাৰ বাবে ভগাভগি হল৷
হঠাতে ফোনটো বাজি উঠাত অৰুন্ধতী সাৰ পাই গল ৷ অনুৰাগৰ ফোন ৷
: কি কৰিছা ?
:
শুই আছিলো ৷ তুমি জগাই দিলা ৷ধুনীয়া সপোন এটা দেখি আছিলোঁ ৷
:
ধুনীয়া সপোন যদি মোৰেই সপোন হব লাগিব!অনুৰাগে দুষ্টালিভৰা হাঁহিৰে কৈ উঠিল৷
:
মোৰ সোনটো,তোমাৰ সপোন যে দেখা নাই আৰু ৷ মই মোৰ শৈশৱৰ সপোন দেখিছিলোঁ, ঢেকীয়া বুটলা সপোন….
:
কি, ঢেকীয়া বুটলা সপোন? –অনুৰাগে সশব্দে হাঁহি উঠিল আৰু পুনৰ কলে--
:
ঠিক আছে, তুমি শোৱা আৰু ঢেকীয়া বুটলি থাকা সপোনত৷ মই গেলেকীলৈ যাওঁ, ঘূৰি আহোঁতে ৰাতি হ, অফিচৰ গাড়ীখন পালেহিয়েই, থওঁ দেই
:
ওঁ থোৱাঅৰুন্ধতীয়ে যিমান পাৰি সৰুকৈ কৈ উঠিল৷
:
কি হ,মনটো মাৰি পেলালা যে!
:
সকলো জানিও অভিনয় কৰিব নালাগে অভিমানে আৱৰি ধৰিলে অৰুন্ধতীক
:
সেইটো কথা
অনুৰাগে হাঁহি হাঁহি ফোনতে মৰমসনা চুমু দি ফোনটো কাটি দিলে..
অৰুন্ধতীৰ অনুভৱ হএই মুহুৰ্ত্তত অনুৰাগৰ পৰা মৰমসনা চুমু এটা নাপালে তাইৰ যেন বাকী থকা সকলো সময়েই বিবৰ্ণ হৈ পৰিব!এইবোৰ হয়তো তেনেই তুচ্ছ যেন লগা কথা অথচ এই মুহুৰ্ততএই অনুভৱেই তাইৰ বাবে অমূল্য যেন হৈ পৰিছে৷
অনুৰাগ তাইৰ পৰা বহু যোজন দূৰত থকা বাবেই এনে অনুভৱ হয় নেকি অৰুন্ধতীৰ নে ইয়াকে ভালপোৱা বুলি কয়!এইয়াই নেকি প্ৰেম!এইয়াই নেকি প্ৰিয়জনৰ প্ৰতি অনুৰাগ!এৰা,এইয়াই হয়তো অনুৰাগৰ প্ৰতি অৰুন্ধতীৰ অনুৰাগ-আকুলতা!!অৰুন্ধতীয়ে কথাবোৰ ভাবি চায় মনৰ মাজত মনে মনে৷
ফোনটো থৈ তাই পাকঘৰলৈ আহিল একাপ চাহৰ প্ৰয়োজনীয়তা তাই অনুভৱ কৰিলে৷
০০০০০০০০০০০০০০
অৰুন্ধতী থকা কোৱাৰ্টাৰটোৰ সন্মূখতে এটা সেউজীয়া পাহাৰ৷ কোৱাৰ্টাৰটো চাৰিমহলাৰ ওপৰত, সেয়ে বেলকনিৰ পৰা গোটেই কেম্পাছটোৰ এটি সম্যক প্ৰতিছবি দেখা পোৱা যায় ৷ সেউজীয়া পাহাৰটোত এটি সৰু জলপ্রপাত আছে, গোটেই বছৰটো পানী বৈ থাকে ৷সৰু জলপ্রপাতটোৱে গোটেই পাহাৰটোকে শুৱনি কৰিছে, লগতে পাহাৰটোত মানুহৰ বসতি দেখা যায়৷দূৰৈৰ পৰা ঘৰবোৰ সৰু সৰুকৈ দেখি৷ প্ৰেমত পৰিব মনযোৱাকৈ চিকিমখন ধুনীয়া অৰুন্ধতীয়ে ভাৱে ৷ ৰাস্তাৰ কাষেৰে বৈ যোৱা তিস্তা নদীৰ অপৰূপ শোভাত বাৰে বাৰে মুগ্ধ হয় অৰুন্ধতী!
অৰুন্ধতীৰ চিকিমলৈ অহা প্ৰথম দিনটোৰ কথা মনত পৰে৷ইন্টাৰভিউ দিবৰ বাবে দেউতাকৰ লগত আহিছিল তাই৷তেতিয়া তাইৰ বিয়া হোৱা নাছিল৷পাহাৰীয়া অকোৱা-পকোৱা ৰাষ্টা, কাষে কাষে বৈ যোৱা এখনি ধুনীয়া নদী!সৰু ছোৱালীৰ দৰে সুধিছিল তাই দেউতাকক
:
দেউতা, এইখন নদীৰ নাম কি?
:
তিস্তা --- দেউতাকে কৈছিল
তি-স্তা .. মুখৰ মাজতে কৈছিল তাই৷প্ৰথম দৃষ্টিতে নদীখনৰ সতে একাত্ম অনুভৱ কৰিছিল অৰুন্ধতীয়ে৷নদীখনক যেন বহু কথা কব আছে তেনে লাগিছিল অৰুন্ধতীৰ৷পাহাৰৰ সেউজীয়া ৰং আহি নদীত পৰিছিল!সেউজীয়া পানীৰে ধুনীয়াজনী হৈ জিকমিকাই আছিল তিস্তা নৈ!
বেলকনিত বহি বহি প্ৰাপ্তিৰ কাহিনীয়ে অৰুন্ধতীক প্ৰাপ্তিৰ হোষ্টেল জীৱনলৈ লৈ গল ---
জীৱনত প্ৰথমবাৰৰ বাবে ঘৰৰ পৰা দূৰণিত পঢ়িবলৈ যোৱাটো যিমান দুখৰ বিষয় সিমানেই ৰোমাঞ্চকৰো!ইঞ্জিনীয়াৰিঙত চিট পোৱাৰ পিছত মই যেতিয়া পঢ়িবলৈ যাবৰ বাবে সাজু হলোঁ,ঘৰ এৰি হোষ্টেলত থকাৰ দুখে মনটো সেমেকাই তুলিছিল ৷ভন্টী-ভাইটি, মা-দেউতাহঁতক বহুদিনৰ মূৰে মূৰে হে লগ পাম এনেকথা ভাবিলেও চোন বুকুখন দুখতে মোচৰখাই যোৱা যেন লাগিছিল ৷মা-দেউতাৰ শাসনৰ পৰা আঁতৰত সম্পূৰ্ণ নিজা স্বাধীনতাৰেভৰা হোষ্টেল জীৱনৰ কথা ভাবিও পিছে মনটো মাজে মাজে ৰোমাঞ্চিত হৈ পৰিছিল ৷
মোৰ আজিও স্পষ্টকৈ মনত আছে সেই দিনটোৰ কথা যিদিনা মই মোৰ মৰমৰ ঘৰখন এৰি নতুন ঠাইলৈ পঢ়িবলৈ যাব ওলাইছিলো৷ভাইটি-ভন্টী, মাহঁতে মোক বিদায় দিবলৈ বাছ ষ্টেণ্ডলৈ আহিছিল৷ভাইটি-ভন্টী, মাহঁতৰ সেমেকা মুখকেইখনলৈ চাই মই কান্দোনটো ধৰি ৰাখিব পৰা নাছিলো৷সৰ সৰকৈ দুফালে দুধাৰি চকুলো বৈ আহিছিল৷মোৰ কান্দোন দেখি মায়েও কান্দিছিল ৷ বাছখনে যেতিয়া গতি লৈছিল মই বহুদূৰলৈকে চকুপানী টুকি টুকি গৈ আছিলোঁ ৷ মোৰ কাষত বহি যোৱা দেউতা মনে মনে আছিল৷ দেউতাৰ মৌনতাৰ ভাষাই দেউতাৰো যে মন বেয়া লাগিছে সেই কথা কৈছিল ৷
০০০০০০০০০০০০০
অভিযান্ত্ৰিক মহাবিদ্যালয় চৌহদত ভৰি দিয়েই চাৰিওফালে চকু ফুৰালোঁ ৷ইয়াতে পঢ়ি থকা আমাৰ সম্বন্ধীয় দাদা এজনে আমাক লগ কৰিবলৈ আহি গোটেই চৌহদটোৰ এটা ধাৰণা দিলে দেউতা আৰু মোক ৷ মহাবিদ্যালয়খন দেখিবলৈ ধুনীয়া, সন্মূখত এটা দীঘলীয়া পুখুৰী, পাৰে পাৰে আউজি বহিব পৰা বেঞ্চ, নাতিদূৰত মূল ৰাস্তাৰ কাষত একমাত্ৰ ছাত্ৰী নিৱাসটো আৰু চৌহদৰ ভিতৰফালে ছাত্ৰাৱাসকেইটা ৷ ছাত্ৰী নিৱাসটো পোৱাৰ আগতে কেন্টিন এখন পায় আৰু কেন্টিনখন পাৰ হৈ ইটো পাৰে মহাবিদ্যালয় অডিটৰিয়াম ৷দাদাজনক এৰি দেউতা আৰু মই ছাত্ৰী নিৱাসপালোঁগৈ৷ছাত্ৰী নিৱাসৰ গেইটখন পাৰ হৈয়েই হোষ্টেল চুপাৰৰ ঘৰটো৷দেউতা আৰু মই চুপাৰ চাৰৰ ঘৰৰ বাৰান্দাত থিয় হৈ কলিং বেল টিপিলোঁ৷এজন বগা, ওখ সুঠাম দেহী লোক দুৱাৰখন খুলি ওলাই আহিল ৷দেউতাই নমস্কাৰ জনাই তেওঁৰ সতে চিনাকী হল ৷ কথা-বতৰাৰ পৰা গম পালোঁ তেৱেঁই মিশ্ৰ চাৰ, আমাৰ হোষ্টেল চুপাৰ ৷ মইও চাৰক নমস্কাৰ জনালোঁ ৷ চাৰে আমাক মেট্ৰন বাইদেউক লগ কৰিবলৈ কলে আৰু আমাক বাৰান্দাৰ পৰাই মেট্ৰন বাইদেউ থকা ঘৰটো দেখুৱাই দিলে ৷ চাৰক ধন্যবাদজনাই আমি মেট্ৰন বাইদেউৰ ঘৰ পালোঁহি ৷মেট্ৰন বাইদেউৰ ঘৰটো হোষ্টেলৰ পাছফালে হোষ্টেলৰ লগতে সংলগ্ন ৷

আমি কলিংবেল টিপিলোঁ ৷ঘৰটোৰ পৰা এগৰাকী বগী, লাহি আদহীয়া মহিলা ওলাই আহিল ৷ যিমানেই সময় আগবাঢ়িছিল মোৰ মনটোও এক অজান বিষাদে আৱৰি ধৰিবলৈ আৰম্ভ কৰিছিল ৷ মেট্ৰন বাইদেউৰ মুখখনত মই কিবা এক আশ্বাস দেখা পালোঁ ৷ দেউতাই মোক হোষ্টেলত এৰি থৈ যোৱাৰ ভয়াৱহ পৰিণতিৰ পৰা যেন তেঁৱেই মোক উদ্ধাৰ কৰিব মোৰ সেইমুহুৰ্তত তেনে লাগিল ৷ তেওঁ আমাক হোষ্টেলৰ বাৰাণ্ডালৈ গৈ বহিবলৈ কলে আৰু ক্ষন্তেক পিছতে আহি আছোঁ বুলি জনালে ৷ মেট্ৰন বাইদেউৰ কথামতে আমি বাৰান্দাত পাৰি থোৱা চকী দুখনত বহিলোগৈ ৷ দেউতাই মোৰ মুখলৈ এনে এক চাৱনিৰে চালে যে মই আৰু ৰব নোৱাৰিলোঁ, দুচকু ভৰি উঠিল ৷ দেউতাৰ সেই চাৱনিত ইমান কথা আছিল যে প্ৰকাশ কৰিলেই মন সেমেকি উঠা!! (আগলৈ)

No comments:

Post a Comment