ৰূপান্তৰৰ
বর্ণমালা
১
স্ফটিকৰ ধাৰ যেন জুৰিৰ পানীলৈ
নার্ছিচাছৰ দৰে
তেওঁ একেথৰে চাই আছে।
স্ফটিকৰ ধাৰ যেন জুৰিৰ পানীলৈ
নার্ছিচাছৰ দৰে
তেওঁ একেথৰে চাই আছে।
২
লঠঙা ডালটোত পখিলাটোৱে বসন্তৰ স্মৃতি
খেপিয়াই ফুৰিছে।
লঠঙা ডালটোত পখিলাটোৱে বসন্তৰ স্মৃতি
খেপিয়াই ফুৰিছে।
৩
হিমে ঢকা পাহাৰটোৰ টিঙত
এটা জোনাকীপৰুৱা
বিচ্ছুৰিত বর্ণালী অলপ পাছতেই
সিচঁৰতি হৈ পৰিব।
হিমে ঢকা পাহাৰটোৰ টিঙত
এটা জোনাকীপৰুৱা
বিচ্ছুৰিত বর্ণালী অলপ পাছতেই
সিচঁৰতি হৈ পৰিব।
কবি:-ණ ৰৌচন আৰা বেগম৷৷
No comments:
Post a Comment