Saturday, 4 February 2017

"সাম্প্ৰতিক" কবি:-ණ মধু এম কলিতা

"সাম্প্ৰতিক"
ৰহণ সানি আমি
লিখোঁ বুলিলেই লিখিব পাৰোঁ
অধোগমনৰ ইতিহাস
এৰি থৈ যাব পাৰোঁ
উত্তৰ পুৰুষলৈ এটা ভুল বাট
এতিয়া কোনেও বাধা নিদিব
কোনেও প্ৰশ্ন নকৰিব
কাৰণ,
হঠাতে নোহোৱা হৈ গৈছে
আপোনাৰ বা মোৰ
আঙুলি টোঁৱাব পৰা হাত।।
সম্প্ৰতি,
লাভ-লোকচানৰ তুলাচালনীক
লৈ সকলো নাগৰিকে ভীষণ ব্যস্ত
এতিয়া আৰু
ইয়াক লৈ কোনেও মূৰ ঘমাব নোখোজে
পদপথত আছে কোন,
কোনোবা ভোকাতুৰ নে কুকুৰনেচিয়াৰ জাক ।।

বি:-মধু এম কলিতা ৷৷

No comments:

Post a Comment