Wednesday, 1 February 2017

“দ্ৰৌপদী” কবি:- ✍দুলাল হাজৰিকা ।

দ্ৰৌপদী
বাৰে বাৰে লাঞ্ছিতা তুমি
মাতৃ আজ্ঞাৰ দোহাই দি পঞ্চভাতৃয়ে দাসী কৰি লৈছিল তোমাক
তোমাৰ পালক পিতৃৰো দোষ জানো কম
নিজৰ প্ৰতিশোধৰ বাসনাৰে তোমাক বলি সজালে
স্বয়ম্বৰ পাতোঁতে সুধিছিল জানো তোমাৰ মনৰ কথা
জুৱাৰ আনন্দত মতলীয়া তোমাৰ স্বামীৰ কাৰণে
পণ্য সামগ্ৰীৰ বজাৰৰ দৰত নাছিল তোমাৰ দাম
তোমাৰ অপমানৰ প্ৰতিশোধ লোৱাৰ ছলনাৰে
চতুৰ পঞ্চস্বামীয়ে দুঃশাসন আৰু দুৰ্যোধনক বধি নিজৰ পাপহে ঢাকিলে
তুমি কোনোদিনেই নুবুজিলা
পাশাত হাৰি তোমাক অপমানিতা হোৱাৰ পথ কোনে মোকলাই দিলে
স্বামী বুলিয়েই কি সকলো অপৰাধ নোহোৱা হৈ গ'
কি ঠিক? তোমাৰ অপমানৰ প্ৰতিশোধৰ আঁৰ লৈ
সিংহাসনৰ লোভতহে কুৰুক্ষেত্ৰ সমৰত ভাগ লৈছিল পঞ্চপাণ্ডৱে
তুমি কোনো দিনেই নাভাবিলা
তোমাক পণ ৰাখি এবাৰলৈ জানো অনুতাপ কৰিছিল
খুজিছিল জানো ক্ষমা তোমাৰ ওচৰত
পিতৃ আৰু স্বামীয়েই অপমান কৰি
তোমাৰ মনৰ কথা জানো ভাবিলে
আজিও যুধিষ্ঠিৰে জুইৰ ফাকু খেলে
তুমি চগা হৈ তাতে জাহ যোৱা বাৰে বাৰে
ৰাজপথত দুৰ্যোধনৰ সভা সঘনাই বহে
দুঃশাসনৰ অট্টহাস্যত তুমি কঁপি উঠিলেও
ধৃতৰাষ্ট্ৰই অন্ধ চকুত জ্যোতি নাহে
নিৰীহৰ বলিদানৰ পুনৰাবৃত্তিৰে
আকৌ মহাকাব্য লিখাৰ গোপন প্ৰস্তুতি চলে ।



কবি:- দুলাল হাজৰিকা

No comments:

Post a Comment