Wednesday, 1 February 2017

"দূৰন্ত আকৰ্ষণ" কবি:- ✍লীনা হাজৰিকা ।

"দূৰন্ত আকৰ্ষণ"
_____________
নাজানো ! কি দূৰন্ত আকৰ্ষণত
ভৰ বাৰিষা নৈখনত
জঁপিয়াই পৰিছিলো !
হৃদয়ৰ বাসনা বা কি আছিল
জীয়াই থকাৰ অদম্য হেঁপাহ নে ?
অন্য কিবা ?
বাৰিষাৰ ঢল হেন পানীয়ে
শৰীৰ আৰু মন বুৰাই পেলাইছিল
নৈৰ অপ্ৰতিদ্বন্দী সোঁতত
আশাবোৰ লাহে লাহে
চেঁচা পৰি আহিছিল !
চঞ্চলা নৈখন কিন্তু ক্ষান্ত থকা নাছিল
উতলা হৈ নৃত্য কৰি
দুয়ো পাৰ থান্ বান্ কৰি পেলাইছিল !
পিতায়ে কৈছিল দুপৰীয়া
নৈৰ কাষলৈ নাযাবি
ইহঁতবোৰ কাৰিকা লগা
পিতাই কথাবোৰ কাণত নোসোমাল
সেয়েহে আজি তিতাবুৰি
হৃদয়খন জুৰুলি-জুপুৰি ।


কবি:- লীনা হাজৰিকা

No comments:

Post a Comment