প্ৰবন্ধঃ
মৃৎ শিল্প ( terra cotta ) আৰু ঐতিহাসিক আশাৰীকান্দি
আদিম কালৰেই পৰা
মাটি আৰু মানুহৰ এক অংগাগী যাপন।মাটি যে কেৱল মাত্ৰ বাসস্থানৰ বাবেই আছিল তেনে নহয়,প্ৰাচীন কালত মাটিৰ পাত্ৰকে ধৰি ,মাটিৰ অস্ত্ৰ ,সা -সৰঞ্জাম আনকি খাদ্য হিচাপেও মানুহে মাটিক গ্ৰহণ কৰি আহিছে।প্ৰাচীন মিচৰ ,বেবিলন,পামিৰ মালভূমি,ভাৰতবৰ্ষ ৰ হৰপ্পা আৰু মহেঞ্জোদাৰোৰ সভ্যতাতো মাটিৰ ব্যৱহাৰ আৰু মাটি পাত্ৰ,মাটিৰ শিল্পৰ বিষয়ে জানিব পৰা যায়।মাটিত মানুহে খেতি বাতি কৰাৰ উপৰিও,মাটিৰ পৰা বিভিন্ন ৰং উৎপাদ কৰি এসময়ত মানুহে প্ৰশাধন হিচাপেও ব্যৱহাৰ কৰি
আহিছে।মাটিৰ দ্বাৰা বিভিন্ন ৰং
সানি।মাটিৰে বিভিন্ন ৰেখা অংকন কৰি,মুখৰ আকৃতি পৰিবৰ্তণ কৰি,মুখা নিৰ্মান কৰিও প্ৰাচীন কালত মানুহে মাটিক ব্যৱহাৰ
কৰিছে।মাটিৰ সৈতে আমাৰ সভ্যতা অতি দীৰ্ঘদিনীয়া।আজি সভ্যতাৰ
শেষ বিন্দুতো আমি মাটিৰ মোহ এৰিব নোৱাৰো। এই ক্ষেত্ৰত "সংস্কৃতিৰ কণিকা গ্ৰন্থ"ৰ পৰা ড°নাৰায়ণ দাস দেৱৰ উদ্ধৃতি উল্লেখ কৰিব বিচাৰিছোঁ-----
"অসমৰ মাটিৰ শিল্পৰ ইতিহাস দীৰ্ঘদিনীয়া। ধাতৱ শিল্পই গা কৰি উঠাৰ পূৰ্বে মৃৎ শিল্পই বিকাশ লাভ কৰাটো ঐতিহাসিক সত্য। এটা কালত নিত্য-নৈমিত্তিক কৰ্মত ব্যৱহাৰ কৰা সমস্ত সম্ভাৰকে মাটিৰে সাজি উলিওৱা হৈছিল। হীৰা আৰু কুমাৰ সম্প্ৰদায়ৰ লোকে মৃৎশিল্পৰ সম্প্ৰসাৰণত এক গুৰুত্বপূৰ্ণ ভূমিকা লোৱাটো উল্লেখযোগ্য। আহোম আৰু কছাৰী ৰাজ্যত ইটা নিৰ্মাণ কৰা শিল্পই প্ৰতিপত্তি লাভ কৰিছিল। কিছুমান ইটা উকা, আন কিছুমান অলংকৃত। জীৱ-জন্তু, চৰাই-চিৰিকটি, দেৱ-দেৱী আৰু মানুহৰ মূৰ্তি কেঁচাতে কাটি তাক পুৰিলে দেখাত সুন্দৰ হৈ পৰে। তেতিয়া সিবোৰ সাধাৰণ ইটাৰ পৰা গৈ টেৰাকটা ভাস্কৰ্যত পৰিণত হয় গৈ। জয়সাগৰৰ ঘনশ্যাম দ’লত আৰু কামাখ্যাৰ এটি মন্দিৰত ভালে সংখ্যক টেৰাকটা ভাস্কৰ্য আজিও বিদ্যমান। টি. দি. লেম্বাৰ্ট চাহাবে মধ্যযুগৰ অসমৰ ইটাক মেনাম নৈৰ উপত্যকাত থকা ইউঠিয়া ৰাজ্যৰ ইটাৰে অবিকল বুলি মন্তব্য দিছে। মধ্যযুগত ইটা ৰঙীন আৰু অধিক কঠিন কৰিবলৈ জোকৰ তেজ ঘঁহি দিয়াটো তাৎপৰ্যপূৰ্ণ। আহোম যুগত মাটিৰে নিৰ্মাণ কৰা হৈছিল নলা(পাইপ) আৰু পকী নাদৰ পাট। মাটিৰ পাত্ৰ নিৰ্মাণ কৰিবলৈ স্থান বিশেষত প্ৰাপ্ত বিশেষ ধৰণৰ মাটিৰ প্ৰয়োজন। এই মাটি ১২০-৬০ চেণ্টিমিটাৰ তলৰপৰা আনি বালি মিহলাই একোটা মাটিৰ নিৰত সাজি চাক অথবা হাতেৰে বিভিন্ন ব্যৱহাৰ্য সামগ্ৰীৰ চাক্ষুস ৰূপ দিয়া হয়। ইয়াৰ পিছত চাৰি-পাঁচ দিন ৰ’দত শুকাই লৈ কিছুমান পাত্ৰৰ গাত ৰং কৰা প্ৰয়োজন। উকা পাত্ৰও নথকা নহয়। ৰ’দত শুকোৱা পাত্ৰসমূহ পাগহেলীত চৌব্বিশ ঘণ্টা দহন কৰিব লাগে। মৃৎশিল্পত ব্যৱহাৰ কৰা সঁজুলিৰ ভিতৰত আফৰী, এথালি, কোৰ, গায়ন, চাক, চোচনী, দান শিল, পিতুন, পেঘালি, মাজুলি, মাটি অনা নাও বা ঠেলা আৰু হাত শিল প্ৰধান। মাটিৰে নিৰ্মিত দ্ৰব্যসম্ভাৰৰ ভিতৰত কটা, কপৌ চাকি, কলহ, কাঁহি-বাতি, খোল, গছা চাকি, গাগৰী, গিলাচ, ঘট, চৰু, চিলিম, জকা, টাৰি, টিপা, টেকেলি, টেজেৰি, ঢোল, দবা, দুণৰি, ধূপদানি, নদীয়াঢৌ, নাও(এনে নাও এখনি গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত উদ্ধাৰ হৈছে), পুতলা, ফুলদানি, বান, ভুৰুকা, ভেতুৱা, মঠীয়া, মাদী, মৃদংগৰ খোলা, মুটকী, শৰাই, সানেকী আদি প্ৰধান।"
(উৎসঃ ড° নাৰায়ণ দাস, অসমীয়া সংস্কৃতিৰ কণিকা)

অসমৰ
পশ্চিমপ্ৰান্তৰ বাংলাদেশৰ সীমান্তবৰ্তী ধুবুৰী জিলাৰ আশাৰীকান্দিতো এই মৃৎ শিল্পই গা কৰি উঠিছিল ,অনাদি কালৰেই পৰাই।পৰম্পৰা অনুসৰি উক্ত অঞ্চলৰ ৰাইজে মাটিৰ পৰা নানান দ্ৰব্য
প্ৰস্তুত কৰি আহিছে।কেইদিনমান আগতে আমাৰ উক্ত গৌৰৱময় ভূমিত পদাৰ্পন কৰাৰ সুবিধা হৈছিল।আমাৰ লক্ষ্য আছিল,ঐতিহাসিক আশাৰীকান্দিৰ বিষয়ে জ্ঞান আহৰণ কৰা।ধুবুৰীৰ চহৰৰ প্ৰায় গাঁতে লাগি থকা গৌৰীপুৰৰ ওচৰতে এই
শিল্পনগৰী খন অৱস্থিত।গাঁৱখনৰ প্ৰায় ১০০ ঘৰ পৰিয়ালৰ প্ৰতিটো ঘৰেই এই শিল্পক নিজৰ জীৱিকা কৰি লৈছে।পুৰণি কালৰ মৃতিকা পুত্তলিকাক আধুনিক ৰূপ দিয়াও
হৈছে।আশাৰীকান্দিৰ এই মৃণ্ময় শিল্পৰ লগত হৰপ্পা আৰু মহেঞ্জোদাৰোৰ মৃণ্ময় মূৰ্তি সমূহৰো মিল দেখা গৈছে।গৌৰীপুৰৰ ৰাজকুমাৰী নিলীমা বৰুৱা,প্ৰতিমা পাণ্ডে বৰুৱা আদিয়ে এই শিল্পীক ভাৰতৰ আন শৈল্পিক জগতখনৰে চিনাকি কৰি দিয়ে।
মাটিৰ পুতলা সমূহৰ
ভিতৰত হাতেমা,বন্তিদানী,বিভিন্ন দেৱ দেৱীৰ মূৰ্তি,মতকা আদিয়েই প্ৰধান।আধুনিক জীৱনত প্ৰয়োজনীয়,চ'ৰাঘৰ সজাবলৈও মাটিক বিভিন্ন মূৰ্তি ৰ
আকাৰত বা বিভিন্ন ৰূপত গঢ় দিয়া হৈছে।মাটি কাটি,জুইত পুৰি,ৰং কৰা কাৰ্যই হ'ল টেৰাকটা বা মৃণ্ময় ভাস্কৰ্য।প্ৰাক আহোম যুগৰ পৰা,অসমৰ তেজপুৰ,দপৰ্বতীয়া,গুৱাহাটী,আদি অনেক অঞ্চলত এই শিল্পৰ প্ৰচলন আছিল বুলি জনা যায়।হিন্দু
ধৰ্মৰ দেৱ দেৱী ,চৰাই,নৱৰীয়া,নৌকা,আদি ৰ লগতে লতা পতা,আ-অলংকাৰ আদিও সেই সময়ত নিৰ্মাণ হৈছিল।যি আজিও আশাৰীকান্দিত নিৰ্মিত হৈ
আহিছে।অসমৰ প্ৰাচীন মন্দিৰ সমূহৰ বেৰ বিলাকত এই ভাস্কৰ্য আজিও দেখা যায়।দ-পৰ্বতীয়াত উদ্ধাৰ হোৱা বিভিন্ন মাটিৰ পোৰা মূৰ্তিৰ পৰা এই শিল্পৰ
প্ৰচলনৰ প্ৰমান পোৱা যায়।
অসমৰ ঐতিহাসিক মন্দিৰ আৰু সেই মন্দিৰ সমূহৰ
আশে পাশে খনন কাৰ্য চলালে বিভিন্ন মাটিৰ সামগ্ৰী উদ্ধাৰ হোৱা দেখা যায়।তেনেকৈ উদ্ধাৰ হোৱা বহু সম্পদ কালৰ সোঁতত ধ্বংসও হৈ গৈছে,আৰু কিছুমান এতিয়াও আছে।মৃৎ শিল্পৰ গৌৰৱময় গাঁথা আমি বিশ্বৰ শিল্পৰ জগতৰ লগত একে মুখে
উচ্চাৰণ কৰিব পাৰোঁ,এক মাত্ৰ আশাৰীকান্দিৰ বাবে।কাৰণ এই অঞ্চলৰ বাদে অসমত এই কলা বা
শিল্প ক জীৱিকা হিচাপে কোনেও গ্ৰহণ কৰা নাই।কোনেও এই
শিল্পক নিজৰ জাতীয়তা বুলি অৱলম্বন কৰা নাই এক মাত্ৰ আশাৰীকান্দিৰ লোক সকলৰ বাদে।আমি বিভিন্ন বঁটাৰে সন্মানিত হোৱা মৃৎ শিল্পী ধীৰেন পালৰ পৰা জনা মতে
এইয়া তেওঁলোকৰ পৰম্পৰা।তেওঁলোকে মূৰ্তিৰ বাবে হীৰা মাটি ব্যৱহাৰ কৰে।সেই মাটি অনাৰ পিছত তাৰ পৰা অনেক বস্তু তৈয়াৰ কৰা হয়।তেওঁলোকে যিটো চকৰীত বহাই মাটিৰ পাত্ৰ গঢ়ে ,সেই চকৰীক ভগৱান বুলি জ্ঞান কৰে।ভগৱান শিৱৰ দ্বাৰাই এই শিল্পৰ
আৰম্ভ হোৱা বুলি বিশ্বাস কৰা ,এই অঞ্চলৰ লোক সকলে চ'ত মাহত অনুষ্ঠিত হোৱা সৰগ পূজাৰ পিচগৰে পৰা ,গোটেই ব'হাগ মাহটোত মাটিৰ কোনো কাম নকৰে।জেঠ মাহৰ পৰা হে চ'তলৈ তেওঁলোকে কাম আৰম্ভ কৰে। মাজতে এমাহ তেওঁলোকৰ চকৰী বন্ধ থাকে।তাৰ পিছত হে তেওঁলোকে নতুনকৈ চকৰীত পূজা কৰি কাম আৰম্ভ কৰে ।
আশাৰীকান্দিৰ পৰা প্ৰতিদিনে হেজাৰ হেজাৰ টকাৰ মৃণ্ময় সামগ্ৰী ভাৰতবৰ্ষৰ লগতে আন দেশলৈও ৰপ্তানি হয়।এই শিল্পই অসমৰ কুটীৰ উদ্যোগক এক গুৰুত্বপূৰ্ণ সহায় আগবঢ়াই আহিছে।স্বদেশ আৰু বিদেশৰ পৰ্যটক সকলেও আশাৰীকান্দিত আহি বিভিন্ন সমল বিচাৰে আৰু গৱেষণা কৰে।সেই দিশৰে চালে পৰ্যটন উদ্যোগতোআশাৰীকান্দিৰ ভূমিকা অন্যতম।বিদেশত অসমৰ এই শিল্পৰ আদৰ আশাতীত ,যদিও শিল্পী সকল ৰ হাত ভৰি বান্ধি ৰাখিছে অভাৱে আৰু অৱহেলাই।নিজৰ ভূমিতেই এই শিল্পক আমাৰ বহু লোকে চিনি নাপায়।উচিত মূল্য দিব নিবিচাৰে।বহুতে সেয়ে এই শিল্পৰ পৰা আতৰি আন পথৰ সন্ধান বিচাৰি আছে। নিজৰ জীৱনৰ চৰম মূহুৰ্তই ,মানুহক স্বাৰ্থপৰ কৰি তোলে।কিন্তু তৎসত্ত্বেও আশাৰীকান্দিৰ প্ৰতিঘৰ পৰিয়ালৰ প্ৰতিজনে মাটিকেই সাৱতি লৈছে।মাটিৰেই যেন তেওঁলোক সৰগ নিৰ্মাণ কৰিছে।আমি আশাবাদী,আশাৰীকান্দিৰ শিল্পী সকললৈ চৰকাৰৰ ফালৰ পৰা এক সুব্যৱস্থা লওক।মূল্যবান উদ্যোগটো জীয়াই ৰাখক।আধুনিক ভাৰতৰ নিৰ্মাণয় শিল্পই এক অন্যতম ভূমিকা গ্ৰহণ কৰিছে।অসমৰ চুকে কোনে চলি থকা এই সম্পদ বিধক আমি সকলোৱে আদৰৰ চকুৰে চোৱা উচিত।

কবি:-
ණদিবাকৰ ৰেণু
No comments:
Post a Comment