Wednesday, 28 June 2017

অনৰ্থক চিন্তা

#অনৰ্থক চিন্তা#
আপদীয়া ভাৱনা এটাই
বাঁহ সাজিছে বুকুত ৷
জোকাৰি পিষ্ট কৰো তাক ৷
এৰি নিদিয়ে ৷
সি মোৰ বুকুৰ কুটুম আছিল
লাহে লাহে আলহী হ'ল ৷
মই তালৈ ঘুৰি নাচাওঁ
সিও মোলৈ
বিষটো থাকি গ'
মাজে মাজে নৰিয়াত পৰো মই ৷
সি নাজানে কথাবোৰ ৷
মই দুলি থাকো তাত ৷
বিচাৰি তছনছ কৰো তাক
সিতো আৰু ঘুৰি নাহে ৷
বৰ বেবেৰিবাং কথাবোৰ ,
উত্তৰবিহীন
জুমি চাওঁ
নমনি একো
ঠিক শামুকৰ খোলাটোৰ দৰেই ৷৷৷৷৷৷
জোনমনি গগৈ

27.6.2017

No comments:

Post a Comment