Monday, 19 June 2017

বৌদ্ধ দৰ্শন

বৌদ্ধ দৰ্শন
**********
(
দ্বিতীয় ছোৱা)
গৌতম বুদ্ধ আছিল কপিলাবস্তুৰ ৰজা শুদ্ধোধন আৰু ৰাণী মায়াৱতীৰ পুত্ৰ ৷ তেওঁৰ আচল নাম আছিল সিদ্ধাৰ্থ ৷ সৰুতে মাতৃ-বিয়োগ ঘটাত মাহীমাক গৌতমীৰ হাতত লালিত-পালিত হোৱা বাবে তেওঁ গৌতম নামেৰে পৰিচিত হয় ৷ সৰুৰে পৰা তেওঁ আছিল অতিশয় ভাবুক প্ৰকৃতিৰ ৷ ৰোগ, শোক, জৰা, মৃত্যু আদি মানৱ জীৱনৰ অপৰিহাৰ্য পৰিঘটনাই তেওঁক সৰ্বক্ষণে ব্যথিত কৰি ৰাখিছিল ৷ পুত্ৰৰ সংসাৰ-ধৰ্মৰ প্ৰতি এনে বিৰাগ দেখি পিতাকে ওঠৰ বছৰ বয়সতে যশোধৰা নামৰ এগৰাকী সুন্দৰী কন্যাৰ সৈতে তেওঁৰ বিয়া পাতি দিয়ে ৷ এবছৰমান পাছত তেওঁলোকৰ এটি পুত্ৰ সন্তান ওপজে ৷ সন্তানটিৰ নাম ৰখা হয় ৰাহুল ৷ কিন্তু পত্নী-পুত্ৰৰ মায়ামোহ, সাংসাৰিক বন্ধন, ৰাজপদৰ লালসা একোৱেই সিদ্ধাৰ্থ ওৰফে গৌতমক বান্ধি ৰাখিব নোৱাৰিলে ৷ এদিনাখন দোভাগ ৰাতি সকলোকে এৰি জ্ঞানৰ অন্বেষণৰ বাবে তেওঁ গৃহত্যাগ কৰে আৰু বহু সাধনাৰ অন্তত গয়াত এজোপা বটবৃক্ষৰ তলত বোধি লাভ কৰি বুদ্ধদেৱ নামেৰে তেওঁ জগতত নতুনকৈ পৰিচিত হয় ৷ মানৱ জীৱনৰ উৎকৰ্ষ সাধনেই আছিল তেওঁৰ চিন্তাৰ মূল কেন্দ্ৰবিন্দু ৷ (এইখিনি সকলোৱে কম বেছি পৰিমাণে জনা কথা ৷ মই স্মৃতিক নিৰ্ভৰ কৰি লিখিছোঁ ৷ অজানিত ভুলৰ বাবে ক্ষমাপ্ৰাৰ্থী ৷) মুঠতে বুদ্ধৰ যি ত্যাগ তথা ভাৰতবৰ্ষত তৎকালীনভাৱে প্ৰচলিত পৰম্পৰাৰ বিৰুদ্ধে যি সৰব বিদ্ৰোহ সেয়া বিশ্ব-ইতিহাসত বিৰল ৷ মোৰ ধাৰণাত তেৱেঁই আছিল প্ৰথমগৰাকী বিপ্লৱী মণীষা ৷
এতিয়া আহোঁ তেওঁৰ দৰ্শন তত্ত্বলৈ ৷ বুদ্ধই জীৱদ্দশাত নিজ হাতে একো লিখি থৈ যোৱা নাই ৷ তেওঁ জীৱনজুৰি মৌখিকভাৱেই তেওঁৰ মত মানুহৰ মাজত বিলাই দিছিল ৷ কুশী নগৰত আশী বছৰ বয়সত বুদ্ধৰ মহাপৰিনিৰ্বাণ ঘটাৰ পাছত শিষ্য-প্ৰশিষ্যসকল তেওঁৰ মুখনিসৃত মহৎ বাণীসমূহ লিপিবদ্ধ কৰাৰ চেষ্টাত ব্ৰতী হয় ৷ আধুনিক পাঠ-সমীক্ষা বিজ্ঞানৰ (Text critical study) যি নীতি, সেই নীতি বৌদ্ধ শ্ৰমণসকলে তেতিয়াই পালন কৰিছিল যেন অনুভূত হয় ৷ শিষ্যসকলৰ মাজত মৌখিকৰূপেৰে চলি অহা বুদ্ধৰ বাণীসমূহৰ শুদ্ধ পাঠ নিৰ্ণয়ৰ বাবে তেওঁলোকে তিনিখনকৈ বৌদ্ধমেল বা বৌদ্ধ মহাসংগীতি অনুষ্ঠিত কৰিছিল ৷ প্ৰথমখন অনুষ্ঠিত হৈছিল ৰাজগীৰ বা ৰাজগৃহত৪৭৭ খ্ৰীঃ পূৰ্বাব্দত ৷ এইখন বৌদ্ধমেলৰ শেষৰফালে বুদ্ধৰ বাণীসমূহ একত্ৰিত কৰি তিপিতক (সংত্ৰিপিটক) নামেৰে সংকলিত কৰা হৈছিল ৷ হিউৱেন চাঙৰ টোকায়ো সেই কথা সমৰ্থন কৰে ৷
দ্বিতীয় বৌদ্ধ মহাসংগীতি পতা হৈছিল বৈশালীতখ্ৰীঃ পূঃ ৩৭৭-ত ৷ তিপিতকত এই দুখন মহাসংগীতিৰ প্ৰাসংগিক উল্লেখ আছে ৷ আনহাতে, তৃতীয় বৌদ্ধ মহামেল অনুষ্ঠিত হৈছিল পাটলিপুত্ৰত, অশোকৰ ৰাজত্বকালতআনুমানিক খ্ৰীঃ পূঃ ২৪৭-ত ৷ তিপিতকত তৃতীয় মহামেলৰ উল্লেখ নথকালৈ চাই বুদ্ধৰ বাণীসমূহৰ সংকলন আৰু শুধৰণিৰ কাম প্ৰথম দুখন মহাসংগীতিতে সমাপ্ত হৈছিল বুলি অনুমান কৰিব পাৰি ৷
সি যি কি নহওক, বৌদ্ধমতৰ আধাৰ গ্ৰন্থ হৈছে তিপিতক বা ত্ৰিপিটক ৷ 'পিটক' মানে পাচি বা আধাৰ ৷ তিনিটা আধাৰত ভগাই থোৱা হৈছে বাবে ইয়াৰ নাম ত্ৰিপিটক (পালি ভাষাত তিপিতক) ৷ এই তিনি পিতকৰ নামসুত্তপিতক, বিনয়পিতক আৰু অভিধম্মপিতক ৷ মন কৰিবলগীয়া যে তিপিতক পূৰ্বোল্লিখিত 'সকায় নিৰুত্তিয়া', অৰ্থাৎ তৎকালীনভাৱে প্ৰচলিত মানুহৰ মুখৰ ভাষাৰ পৰিমাৰ্জিত ৰূপ এটাৰ মাধ্যমেৰে সংকলিত হৈছিল ৷ এই ভাষা পৰৱৰ্তী সময়ত পালি ভাষাৰূপে জনাজাত হয় ৷ বৌদ্ধসংঘ বা বিহাৰবোৰত বিভিন্ন ঠাইৰ পৰা অহা ভিক্ষু তথা শ্ৰমণসকল একত্ৰিত হৈছিল ৷ সেইসকলৰ মাজত পালি ভাষাই সংযোগী ভাষাৰ (Lingua franca) কাম কৰিছিল ৷
গৌতম বুদ্ধৰ দ্বাৰা প্ৰচাৰিত মতবাদক বৌদ্ধধৰ্ম বোলা হৈছে ৷ সেয়ে হ'লেও, ধৰ্মৰ যি প্ৰচলিত সংজ্ঞা বা পৰম্পৰা, তাৰ সৈতে বৌদ্ধধৰ্মৰ তেনে কোনো পোনপটীয়া সম্পৰ্ক নাই ৷ অৱশ্যে সংস্কৃতৰ 'ধৰ্ম' শব্দৰ অৰ্থ-ব্যাপকতাও মন কৰিবলগীয়া ৷ ইংৰাজী Religion-তকৈ ধৰ্মৰ অৰ্থ বহুগুণে বিস্তৃত ৷ সাধাৰণভাৱে 'ধৰ্ম'-ৰ অৰ্থ হ'ল ঈশ্বৰ বিশ্বাস, ভগৱৎ ভক্তি, পূজা-পাৰ্বণ, প্ৰাৰ্থনা আদি ঈশ্বৰ প্ৰাপ্তিৰ অৰ্থে কৰা আচাৰ-অনুষ্ঠান ৷ বৈদিক যুগত ইয়াৰ অৰ্থ আছিল বেদোক্ত বিভিন্ন কৰ্ম আৰু সিবোৰৰ ফলদায়ী শক্তি ৷ আন কথাত যিবোৰ নীতি-নিয়মৰ জৰিয়তে কৰ্মৰ অপৰিহাৰ্য ফল উৎপন্ন হয়, সেয়াই ধৰ্ম ৷ বেদৰ পৰৱৰ্তী স্তৰত শব্দটো শৃংখলাবদ্ধতা, নীতি-নিয়ম, পদাৰ্থৰ গুণ, জীৱন-প্ৰণালী ইত্যাদি বিস্তাৰিত অৰ্থত প্ৰয়োগ হ'বলৈ লয় ৷ বেদৰ কঠোৰ সমালোচক তথা নিৰীশ্বৰবাদী বৌদ্ধ পৰম্পৰাই ধৰ্ম শব্দটো যে ঈশ্বৰ সেৱা অৰ্থত ব্যৱহাৰ কৰা নাছিল তাক দোহৰা নিষ্প্ৰয়োজন ৷ বুদ্ধৰ অনুগামীসকলে বুদ্ধৰ দ্বাৰা প্ৰচাৰিত সত্য বা মতবাদক বুজাবলৈহে এই শব্দটো ব্যৱহাৰ কৰিছে ৷
আগতেই কৈ অহা হৈছে যে, গুপ্ত সাম্ৰাজ্যৰ উত্থানৰ পাছত ব্ৰাহ্মণ্যবাদৰ পুনৰুত্থানে বৌদ্ধধৰ্মৰ উৎখাত সহজ কৰি তোলে ৷ পৰিশেষত ঔপনিষদিক ধ্যান-ধাৰণাৰে একেশ্বৰবাদ প্ৰতিষ্ঠা হোৱাত নিৰীশ্বৰবাদী তথা নাস্তিক বুদ্ধক ভগবানৰ দশাৱতাৰৰ নৱম অৱতাৰ ৰূপে ধাৰণা দিয়া হয় ৷ শংকৰদেৱৰ কীৰ্তন পুথিত তাৰ বিৱৰণ এনেদৰে দিয়া আছে :
"
বুদ্ধ অৱতাৰে বেদ পথ কৰি ছন্ন ৷
বামানয় শাস্ত্ৰে মুহি আছা সৰ্বজন ৷"
মন কৰিবলগীয়া যে ঈশ্বৰৰ প্ৰতিটো অৱতাৰৰ সৈতে একোটাকৈ কাহিনী বা ঘটনা জড়িত হৈ আছে ৷ যেনেনৰসিংহ অৱতাৰত প্ৰহ্লাদৰ কাহিনী, বামন অৱতাৰত বলিৰজাক কৰা চলনা ইত্যাদি ৷ বুদ্ধ অৱতাৰৰ প্ৰসংগত কিন্তু কোনো ঘটনাৰ উল্লেখ পাবলৈ নাই ৷ ই স্বাভাৱিকতে এক তাৎপৰ্যপূৰ্ণ কথা ৷
এতিয়া বৌদ্ধ দৰ্শনৰ মূল তাত্ত্বিক দিশবোৰ ফঁহিয়াই চোৱা যাওক ৷
গৌতম বুদ্ধৰ দৰ্শন
****************
বৌদ্ধধৰ্মৰ মূল ভিত্তি হ'ল চতুৰাৰ্য সত্য বা চাৰি প্ৰকাৰৰ আৰ্য (শ্ৰেষ্ঠ) সত্য ৷ সেইকেইটা হৈছে— (১) দুখ, (২) দুখ-সমুদয় (দুখৰ কাৰণ), (৩) দুখৰ বিনাশ আৰু (৪) দুখ-বিনাশৰ পথ (আৰ্য অষ্টাংগিক মাৰ্গ) ৷
(১) মানৱ জীৱন দুখময় ৷ ৰোগ, শোক, জৰা, মৃত্যুএই আটাইবোৰেই দুখ ৷ থোৰতে ক'বলৈ গ'লে ৰূপ, বেদনা, সংজ্ঞা, সংস্কাৰ আৰু বিজ্ঞানএই পাঁচটা স্কন্ধই হ'ল দুখৰ উৎস ভূমি ৷ ৰূপ হ'ল ক্ষিতি, অপ, তেজ আৰু মৰুৎ এই চাৰি মহাভূত ৷ (চাৰ্বাকসকলৰ দৰে বুদ্ধয়ো ব্যোম বা আকাশ (মহাশূন্য) ভূত স্বীকাৰ কৰা নাই ৷) বস্তুৰ সংস্পৰ্শত সৃষ্টি হোৱা অনুভূতিৰ নাম বেদনা ৷ বেদনাৰ পৰৱৰ্তী পৰ্যায়ত মানুহৰ মস্তিষ্কত পূৰ্বৰে পৰা স্থিত সংস্কাৰৰ দ্বাৰা যি জানিব বা চিনিব পৰা যায়, তাৰ নাম সংজ্ঞা ৷ ৰূপজনিত বেদনা আৰু সংজ্ঞাৰ যি সংস্কাৰ মগজুৰ ওপৰত পৰে বা যাৰ সহায়ত মানুহে জানিব পাৰে যে ই 'পাৰ্থিৱ' নহয়, তাৰ নামেই সংস্কাৰ ৷ আনহাতে, বিজ্ঞান হ'ল চেতনা বা মন ৷
উল্লিখিত পাঁচটা স্কন্ধ (ভাগ) যেতিয়া ব্যক্তিৰ তৃষ্ণাৰ বিষয় হয়, তেতিয়া তাক উপাদান স্কন্ধ বোলা হয় ৷ এয়াই দুখ বা দুখ-ৰূপ আৰু ই প্ৰথম আৰ্যসত্য ৷
(২) দুখ-সমুদয় বা দুখৰ কাৰণ 'ল তৃষ্ণা ৷ তৃষ্ণা তিনি প্ৰকাৰৰ : কাম-তৃষ্ণা, ভৱ-তৃষ্ণা আৰু বৈভৱ-তৃষ্ণা ৷ ইন্দ্ৰিয় সুখৰ যিমানবোৰ বিষয় আছে সেইবোৰৰ লগত সম্পৰ্ক বা সেই বিষয়ক চিন্তাই তৃষ্ণাৰ জন্ম দিয়ে ৷ এয়ে দুখ-সমুদয় আৰু ই দ্বিতীয় আৰ্যসত্য ৷
(৩) তৃষ্ণাৰ নিৰোধৰ নামেই দুখৰ বিনাশ ৷ তৃষ্ণা বিনষ্ট হ'লে উপাদানৰ নিৰোধ হয় ৷ উপাদানৰ নিৰোধে ভৱলোকৰ নিৰোধ সম্ভৱ কৰি তোলে ৷ ভৱ নিৰোধ হ'লে পুনৰ্জন্মৰ পথ ৰুদ্ধ হয় ৷ তেতিয়া জৰা, মৃত্যু, শোক, দুখ, অশান্তি সকলো লুপ্ত হয় ৷ এয়ে দুখৰ বিনাশ আৰু ইয়াক তৃতীয় আৰ্যসত্য বোলা হৈছে ৷ এই সত্যক বৌদ্ধ দৰ্শনৰ কেন্দ্ৰবিন্দু বুলিব পাৰি ৷
(৪) চতুৰ্থ তথা শেষ আৰ্যসত্য হৈছে দুখ নিবৃত্তিৰ উপায় ৷ বৌদ্ধ দৰ্শনত ইয়াৰ বাবে আঠোটা মাৰ্গ বা পথৰ নিৰ্দেশ দিয়া হৈছে ৷ এই মাৰ্গকেইটাৰ অনুশীলনে তৃষ্ণাৰ উপশম ঘটাই পুনৰ্জন্মজনিত দুখ দূৰীভূত কৰি ভৱচক্ৰৰ আৱৰ্তৰ পৰা মানুহক মুক্তি দিয়ে ৷ ই ভোগবাদৰ পথ নহয় ৷ ইয়াত কোনো ধৰণৰ কৃচ্ছ্ৰ সাধনাৰ কথাও নাই ৷ বৌদ্ধ শাস্ত্ৰত "মগগানটঠংগিক সেটঠো" বুলি আৰ্য অষ্টাংগিক মাৰ্গৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰা হৈছে ৷ এই মাৰ্গৰ স্কন্ধ (ভাগ) তিনিটা : প্ৰজ্ঞা, শীল আৰু সমাধি ৷
(১) প্ৰজ্ঞা :
(
ক) সম্যক দৃষ্টি,
(
খ) সম্যক সংকল্প ৷
(২) শীল :
(
গ) সম্যক বাক,
(
ঘ) সম্যক কৰ্ম,
(
ঙ) সম্যক জীৱিকা ৷
(৩) সমাধি :
(
চ) সম্যক যত্ন,
(
জ) সম্যক স্মৃতি,
(
ঝ) সম্যক সমাধি (ধ্যান) ৷
(ক্ৰমশঃ)

© খগেশ সেন ডেকা

No comments:

Post a Comment