।।নিৰ্যাতিতা।।
আই, তই কোৱা কথাবোৰ
আজিও মনত আছে
আজিও মনত আছে
মই বুকুত ন-কৈ
কাপোৰ ল’বলৈ শিকোতে
তই যে কৈছিলি
“নৈৰ ঘাটলৈ অকলে নাযাবি
পানীৰ তলত চোপ লৈ ৰৈ থাকে জলবাঁকবোৰ
সিঁহতে সুযোগ পালেই
উলংগ কৰি মানুহক পুতি থয় ওলোটাকৈ”
বাঁকৰ ভয়ত নৈৰ ঘাটলৈ অকলে যোৱা নাছিলো আই
তই যে কৈছিলি
“নৈৰ ঘাটলৈ অকলে নাযাবি
পানীৰ তলত চোপ লৈ ৰৈ থাকে জলবাঁকবোৰ
সিঁহতে সুযোগ পালেই
উলংগ কৰি মানুহক পুতি থয় ওলোটাকৈ”
বাঁকৰ ভয়ত নৈৰ ঘাটলৈ অকলে যোৱা নাছিলো আই
মোৰ বিয়াৰ দিনা
তই যে দঢ়াই দঢ়াই কৈছিলি
“নতুন ঘৰখনৰ তই লখিমী বোৱাৰী
সদায় ওৰণি লৈ থাকিবি”
মনত আছে আই
তই কোৱা প্ৰতিটো কথাই মনত আছে
তই যে দঢ়াই দঢ়াই কৈছিলি
“নতুন ঘৰখনৰ তই লখিমী বোৱাৰী
সদায় ওৰণি লৈ থাকিবি”
মনত আছে আই
তই কোৱা প্ৰতিটো কথাই মনত আছে
কিন্তু আই,
তই কিয় এবাৰো ন’কলি
জলবাঁকবোৰ কেৱল পানীতে নাথাকে
ঘৰৰ ভিতৰতো থাকে
তই কিয় এবাৰো ন’কলি
জলবাঁকবোৰ কেৱল পানীতে নাথাকে
ঘৰৰ ভিতৰতো থাকে
কবি:-
ණৰঞ্জন বৰ্মন ।
No comments:
Post a Comment