বৌদ্ধ দৰ্শন
(অন্তিম ছোৱা) -- খগেশ সেন ডেকা
+++++++
(অন্তিম ছোৱা) -- খগেশ সেন ডেকা
+++++++
আৰ্য অষ্টাংগিক
মাৰ্গ
-------------------------
(১) সম্যক প্ৰজ্ঞা :
-------------------------
(১) সম্যক প্ৰজ্ঞা :
(ক) সম্যক দৃষ্টি :
সম্যক দৃষ্টি হ'ল শৰীৰ, মন আৰু বচন সম্বন্ধীয় ভাল-বেয়া কৰ্মৰ বিচাৰ;চতুৰাৰ্য সত্যৰ জ্ঞান ৷

(খ) সম্যক সংকল্প :
সম্যক দৃষ্টি হ'লেহে সম্যক সংকল্প সম্ভৱ হয় ৷ এই সংকল্প ভোগ-বাসনা জয় কৰাৰ; হিংসা, দ্বেষ বিসৰ্জন দিয়াৰ ৷ বৌদ্ধ শাস্ত্ৰ অনুসাৰে প্ৰত্যেকেই প্ৰত্যেকক নিজৰ নিচিনা ভাবিব লাগে আৰু কোনেও কাকো আঘাত কৰিব নালাগে ৷ স্বৰ্ণমুদ্ৰাৰ বৰষুণ হ'লেও মানুহৰ ভোগ-বাসনাৰ পৰিতৃপ্তি পূৰ্ণ নহয় ৷ সেইবাবে ভোগ-বাসনা পৰিহাৰ কৰি চলিব লাগে ৷

(২) সম্যক শীল :
শীলৰ অৰ্থ সদাচাৰ ৷ বৌদ্ধমতত এইটো মাৰ্গৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে ৷ গৃহীয়েই হওক, বা গৃহত্যাগী ভিক্ষুৱেই হওক, সকলো প্ৰকাৰৰ বৌদ্ধমাৰ্গীয়ে কম পক্ষেও পঞ্চশীল অৱশ্যেই পালন কৰিব লাগে ৷ এই পঞ্চশীল হ'ল— প্ৰাণী হত্যাৰ পৰা বিৰত থকা, চুৰি নকৰা, মিছা কথা নোকোৱা, পৰস্ত্ৰী গমন নকৰা আৰু মদ্যপানৰ পৰা বিৰত থকা ৷ ইয়াৰ উপৰি, ভিক্ষুসকলৰ স্তৰ অনুসাৰে অষ্টশীল আৰু দশশীল পালনৰো ব্যৱস্থা আছে ৷

শীল স্কন্ধৰ অংগ
তিনিটা :
(গ) সম্যক বাক বা বচন :
মিথ্যাচাৰ, কটু ভাষণ, পৰনিন্দা বৰ্জনীয় ৷ কথা-বতৰাত সদায়ে শিষ্ট, বিনয়ী আৰু মৰমীয়াল হোৱা আৱশ্যক ৷

(ঘ) সম্যক কৰ্ম :
হিংসা, চৌৰ্যবৃত্তি, ব্যভিচাৰ ৰহিত কৰ্মৰ নাম সম্যক কৰ্ম ৷

(ঙ) সম্যক জীৱিকা :
মাংস, মাদক দ্ৰৱ্য, বিষাক্ত দ্ৰৱ্য, অস্ত্ৰ আদিৰ ব্যৱসায় জীৱিকা অৰ্জনৰ নিকৃষ্ট উপায় ৷ এইবোৰ এৰি জীৱন নিৰ্বাহৰ বাবে সৎ পথ অৱলম্বন কৰা যুগুত ৷ খাদ্য সংগ্ৰহৰ ক্ষেত্ৰত কাউৰীৰ দৰে ধূৰ্ত, আনৰ অনিষ্টকাৰী, দাম্ভিক লোকৰ জীৱন-যাত্ৰা নিচেই সহজ; কিন্তু বিনয়ী, অনাসক্ত আৰু আদৰ্শবান ব্যক্তিৰ জীৱনৰ পথ সদায়ে কাঁইটীয়া, সংঘাতপূৰ্ণ ৷ তথাপি ভৱচক্ৰ ছিন্ন কৰি অৰ্হৎপ্ৰাপ্ত হ'বলৈ আদৰ্শ জীৱন যাপন কৰাই মানৱ জাতিৰ পক্ষে বিধেয় ৷

(৩) সম্যক সমাধি :
(চ) সম্যক যত্ন :
কুচিন্তা, কুভাব বৰ্জন কৰি জীৱনৰ উৎকৰ্ষ সাধনৰ যি চেষ্টা, সেয়াই সম্যক যত্ন ৷

(জ) সম্যক স্মৃতি :
বুদ্ধৰ মতে সকলো অনিত্য (সব্বং অনিত্তং)৷ এতেকে মানুহে শৰীৰ, মন, চিত্তৰ সঠিক স্থিতি আৰু ক্ষণভংগুৰতাৰ কথা সততে মনত ৰখা প্ৰয়োজন ৷ জীৱ আৰু জগত পানীৰ বুৰবুৰণি, মাটিৰ পাত্ৰ, ফেনপিণ্ড, মৰীচিকা আদিৰ দৰে অস্থায়ী, অনিত্য ৷

(ঝ) সম্যক সমাধি :
সমাধি হ'ল বিবিধ প্ৰকাৰৰ ধ্যানানুশীলন ৷ চিত্তৰ একাগ্ৰতাৰ নামেই সমাধি ৷ যথেচ্ছ বিচৰণশীল চঞ্চল চিত্তক ধ্যানৰ জৰিয়তে সংযত কৰিব লাগে ৷ তেনে কৰিলে মনৰ বিক্ষিপ্ততা আঁতৰ হয় ৷ ইয়াৰ স্তৰ চাৰিটা : আনন্দ, উল্লাস, আসক্তিহীনতা আৰু প্ৰশান্তি ৷

মাৰ্গ সাধনৰ চাৰিটা স্তৰ আছে : স্ৰোতাপত্তি, সকৃতাগমী, অনাগামিত্ব আৰু অৰ্হত্ব ৷ স্ৰোতাপত্তিৰ অৰ্থ হ'ল স্ৰোতত পৰা বা আন
কথাত ধৰ্ম মাৰ্গত সোমোৱা ৷ তাৰ বাবে বুদ্ধ, ধৰ্ম আৰু সংঘ— এই ত্ৰিশৰণৰ আৱশ্যক :
বুদ্ধং শৰণং গচ্ছামি
ধম্মং শৰণং গচ্ছামি
সংঘং শৰণং গচ্ছামি ৷
বৌদ্ধমাৰ্গত চতুৰাৰ্য সত্যক সম্যক জ্ঞানৰ দ্বাৰা উপলব্ধি কৰি এই ত্ৰিশৰশৰ আশ্ৰয় লৈ স্ৰোতাপন্ন হোৱাৰ ফল 'পৃথিৱীৰ একছত্ৰী সম্ৰাট', 'ত্ৰৈলোক্যৰ অধিপতি' হোৱাতকৈয়ো শ্ৰেষ্ঠ বুলি কোৱা হৈছে ৷

স্ৰোতাপন্ন
ব্যক্তিৰ সৎকায় দৃষ্টি (আত্মা বিষয়ক ভ্ৰান্তি), বিচিকিৎসা (বুদ্ধবাণীৰ প্ৰতি সন্দেহ), শীলব্ৰত পৰামৰ্শ (বৈদিক কৰ্মকাণ্ডৰ প্ৰতি আস্থা) —এই ত্ৰিবন্ধন নাশ হয় ৷ বুদ্ধৰ মতে পঞ্চস্কন্ধৰ সমষ্টিয়ে জীৱ (প্ৰথম আৰ্যসত্য)৷ তাৰ বাহিৰে আত্মা বা সূক্ষ্ম শৰীৰ বুলিবলৈ
একো নাই ৷ মাটি, পানী, বায়ু আৰু জ্যোতি এই চাৰি মহাভূতেৰে জীৱদেহ গঠিত ৷ জীৱ আৰু জগত অনিত্য, ক্ষণভংগুৰ ৷ ইবোৰৰ উৎপত্তি আছে বাবে বিনাশো আছে ৷ যিদৰে জন্ম আছে বাবেই
মৃত্যু আছে ৷ সেই হেতুকে সজ কৰ্ম, সজ আচৰণৰ দ্বাৰা অপ্ৰমাদী হৈ সাধনাৰ পথত
অগ্ৰসৰ হ'ব লাগে ৷ শীল বা সদাচাৰৰ মহত্ত্ব বৌদ্ধমাৰ্গত এনেদৰে প্ৰতিপন্ন কৰা হৈছে :
"চন্দনং তগৰং বা'পি উপ্পলং অথ বসসিকী ৷
এতেসং গন্ধজাতানো শীলগন্ধ অনুত্তৰং ৷৷" (সুত্তপিতক : ধম্মপদ)
(চন্দন, তগৰ, পদুম অথবা শেৱালী (বাৰ্ষিকী) আদি ফুলৰ গন্ধতকৈ শীলসুগন্ধ অত্যুত্তম ৷)

স্ৰোতাপন্ন হোৱাৰ
পৰৱৰ্তী স্তৰত লোভ, মোহ আৰু দ্বেষ এই অকুশলমূল বশীভূত কৰি সাধক সকৃতাগমী হয় ৷ আনহাতে, অনাগামিত্ব স্তৰত সাধকে উপৰি উক্ত ত্ৰিবন্ধনৰ উপৰি কাম আৰু প্ৰতিঘ্না নাশ
কৰিব লাগে ৷ এনে কৰিব পাৰিলে সাধক পুনৰ্জন্মৰ বন্ধনৰ পৰা মুক্ত হয় ৷ অৱশ্যে অৰ্হৎ প্ৰাপ্তি তেতিয়াও বাকী থাকে ৷
ওপৰত উল্লেখ কৰা স্তৰকেইটা অতিক্ৰমৰ উপৰি ৰূপৰাগ (ইহ জীৱনৰ প্ৰতি হাবিয়াস), অৰূপৰাগ (পাৰলৌকিক সুখৰ আশা), মান (অহংকাৰ), ঔদ্ধত্য (আত্মশ্লাঘা) আৰু অবিদ্যা (অজ্ঞানতা) দূৰীভূত কৰিব পাৰিলে সাধকৰ ভৱচক্ৰ ছিন্ন হৈ জন্মজনিত সকলো দুখৰ ওৰ পৰে ৷ এই সময়ত সাধকে এক অনিৰ্বচনীয় সুখ লাভ কৰে ৷ এয়াই নিৰ্বাণ ৷ বুদ্ধৰ মতে :
"আৰোগ্য পৰমা লাভা সন্তুট্ঠি পৰমং ধনং ৷
বিসসাস পৰমা ঞাতি নিব্বানং পৰমং সুখং ৷৷" (সুত্তপিতক : ধম্মপদ)
(আৰোগ্য পৰম লাভ, সন্তুষ্টি পৰম ধন, বিশ্বাস পৰম বন্ধু, নিৰ্বাণ পৰম সুখ ৷)

নিৰ্বাণৰ সাধাৰণ
অৰ্থ নুমুৱা বা নিৰ্বাপিত হোৱা ৷ জীৱদেহৰ সমষ্টি পঞ্চস্কন্ধৰ উৎপত্তিৰ কাৰণ তৃষ্ণা আৰু অবিদ্যা ৷ গতিকে
শীল-সদাচাৰৰ দ্বাৰা তৃষ্ণা আৰু
প্ৰজ্ঞাৰূপী আয়ুধৰ দ্বাৰা অবিদ্যাৰ বেষ্টনী ভেদ কৰিব পাৰিলে পঞ্চস্কন্ধ বিলুপ্ত হয় ৷ তেতিয়া পূৰ্বজন্মৰ কৰ্মই নিৰ্ধাৰণ
কৰা অসম্পূৰ্ণ কৰ্মৰ বাহিৰে আন একোৰে অস্তিত্ব নাথাকে ৷
ভৱতৃষ্ণাৰ অগ্নি নিৰ্বাপিত হয় বাবেই সম্ভৱতঃ সাধনাৰ এই অন্তিম স্তৰটোক নিৰ্বাণ বোলা হৈছে ৷ অৱশ্যে বুদ্ধই ক'তো ইয়াৰ স্পষ্ট ব্যাখ্যা দাঙি ধৰা নাই ৷ মাত্ৰ 'নিব্বানং পৰমং সুখং' বা 'বিপুলং সুখং' বুলি কৈছে ৷ দৰাচলতে ই এক ব্যাখ্যাতীত, উপলব্ধিগম্য, পৰম প্ৰশান্তিময় অৱস্থা ৷
আগতেই উল্লেখ কৰা
হৈছে যে ঈশ্বৰ, আত্মা ইত্যাদি সম্বন্ধে বুদ্ধ আছিল মৌন, নিৰুত্তৰ ৷ তেওঁৰ মতে মানৱ জীৱনত দুখেই যেতিয়া চৰম সত্য, এতেকে আত্মা, ঈশ্বৰ আদি প্ৰশ্ন সমূলি অৱান্তৰ ৷ সেইবোৰ অনাহক কথাৰ চিন্তা নকৰি সাধক
"অনুত্তৰ সংগ্ৰাম বিজয়ী" হ'ব লাগে ৷
বৌদ্ধ দৰ্শনৰ
প্ৰতীত্য-সমুৎপাদ অনুসাৰে জগতৰ সকলো বস্তুৰে পৰিৱৰ্তন আৰু বিনাশ আছে ৷ বস্তুৰ উৎপত্তিৰ কাৰণ হিচাপে এই দৰ্শনে ব্ৰহ্ম, ঈশ্বৰ, চিৰন্তন পৰমাণু আদি স্বীকাৰ কৰা নাই ৷ জগতত কোনো স্বয়ম্ভূ সত্তা নাই ৷ বস্তু এটা অতীত হৈ গ'লে, বা আন কথাত বিনাশপ্ৰাপ্ত হ'লে আন এটাৰ উৎপত্তি হয় ৷ অৱশ্যে ই এক অৱিচ্ছিন্ন প্ৰৱাহ নহয় ৷ কাৰণ এটাৰ বিনাশতহে আন এটাৰ
উৎপত্তি হয় ৷ এই বিচ্ছিন্ন প্ৰৱাহে এক চক্ৰৰ (Cycle) আকাৰত মানুহক জন্ম-জন্মান্তৰলৈ আকৰ্ষণ কৰে ৷ ইয়াৰ নাম ভৱচক্ৰ ৷
ভৱচক্ৰৰ পৰ্যায়
বাৰটা, যথা :
অবিদ্যাৰ (অজ্ঞানতাৰ) পৰা উৎপত্তি হয় সংস্কাৰৰ, সংস্কাৰৰ পৰা উদ্ভৱ হয় বিজ্ঞানৰ (চেতনাৰ)৷ বিজ্ঞানৰ পৰা নাম-ৰূপৰ (দেহ-মনৰ সংগঠনৰ), নাম-ৰূপৰ পৰা ষড়ায়তনৰ (পঞ্চ জ্ঞানেন্দ্ৰিয় আৰু মনৰ), ষড়ায়তনৰ পৰা স্পৰ্শৰ (ইন্দ্ৰিয় সংযোগৰ), স্পৰ্শৰ পৰা বেদনাৰ (সুখ, দুখ আদি অনুভূতিৰ), বেদনাৰ পৰা তৃষ্ণাৰ (ভোগস্পৃহাৰ), তৃষ্ণাৰ পৰা উপাদানৰ (জাগতিক বিষয়ৰ প্ৰতি আসক্তিৰ), উপাদানৰ পৰা ভৱৰ (পুনৰ্জন্ম ঘটোৱা কৰ্মৰ), ভৱৰ পৰা জাতিৰ (জন্মৰ), জাতিৰ পৰা জৰা-মৰণৰ আৰু জৰা-মৰণৰ পৰা পুনৰ অবিদ্যাৰ ৷ ইয়াক দ্বাদশাংগ প্ৰতীত্য সমুৎপাদ বোলা হৈছে ৷ এই তত্ত্ব সমগ্ৰ বৌদ্ধ দৰ্শনৰ মূল ভিত্তি আৰু এয়াই এই দৰ্শন বুজাৰ একমাত্ৰ সঁচাৰ কাঠি ৷

বুদ্ধই চঞ্চল মন
বা চিত্তক সংযত কৰাত বিশেষ গুৰুত্ব দিছিল ৷ কাৰণ অসংযত চিত্তই মানুহক বিপথে
পৰিচালিত কৰে ৷ বুদ্ধৰ মতে :
"দুন্নিগহসস লহুনো যত্থকামনি পাতিনো
চিত্তসস দমথো সাধু চিত্তং দন্তং সুখাবহং ৷৷" (সুত্তপিতক : ধম্মপদ)
(দুৰ্ণিগ্ৰহ, লঘু, যথেচ্ছ বিচৰণশীল চিত্তক দমন কৰা উচিত; সংযত চিত্তই সুখ প্ৰদান কৰে ৷)

পুনৰ দোহাৰোঁ যে
গৌতম বুদ্ধৰ মহাপৰিনিৰ্বাণৰ পাছত ভাৰতীয় ধৰ্মীয় পৰম্পৰাই অতি কৌশলেৰে তেওঁক ঈশ্বৰৰ পূৰ্ণ অৱতাৰৰ ৰূপ দিলে ৷ অথচ
পৰিহাসৰ কথা যে তেওঁ আছিল নিৰীশ্বৰবাদী
তথা বৈদিক ধ্যান-ধাৰণাৰ কঠোৰ সমালোচক ৷ জৈনসকলে কৰাৰ দৰে এইটো বিষয়ত তেওঁ আপোচ কৰিবলৈ অলপো ৰাজী নাছিল ৷ অথচ ৰাজনীতিৰ কুটিল পাকচক্ৰত তেৱেঁই হৈ পৰিল স্বয়ং ভগবান ৷
পূৰ্বতে উল্লেখ কৰি অহা হৈছে যে বৌদ্ধ মতবাদে তৎকালীনভাৱে বৈদিক পৰম্পৰাৰ ভেঁটি কঁপাই তোলাত তাৰ ধ্বজাবাহী পুৰোহিত আৰু ৰাজন্যবৰ্গ ভীত-সন্ত্ৰস্ত হৈ
উঠিছিল ৷ পৰিশেষত তেওঁলোক সফল হ'ল ৷ বৌদ্ধ মতৰ মাজৰ পৰাই তেওঁলোকে বিচাৰি
উলিয়ালে সেই মত উৎখাতৰ বীজমন্ত্ৰ ৷ পৰৱৰ্তী কালত বৈদিক ধৰ্মৰ সৰলীকৰণে— বিশেষকৈ ভক্তি-আন্দোলনৰ অভ্যুত্থানে ভাৰতবৰ্ষত বৌদ্ধধৰ্মৰ বিলুপ্তিৰ পথ সুগম কৰি তোলে ৷
পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ বৌদ্ধমাৰ্গীসকলে মূল মতৰ
অনেক পৰিৱৰ্তন সাধন কৰে ৷ ফলত এই মতবাদ বিভিন্ন শাখা-প্ৰশাখাত বিভক্ত হয় ৷ এই কাৰ্যই ভাৰতৰ বুকুৰ পৰা বৌদ্ধধৰ্মৰ বিলুপ্তি ত্বৰান্বিত কৰি তোলে
৷ বৌদ্ধসকলে বুদ্ধদেৱৰ মূৰ্তি প্ৰতিষ্ঠা কৰি পূজা-সেৱা কৰা কাৰ্য বুদ্ধৰ ধ্যান-ধাৰণাৰ পৰিপন্থী যেন অনুভৱ হয় ৷
(সমাপ্ত)
No comments:
Post a Comment