মিতভাষ ১৯৯
দেখিছানে ? ইয়াতে আছে
.
দেখিছানে ? ইয়াতে আছে হিমাৰ্ত পোহৰৰ এটি বিন্দু --- শতযুগৰ বঞ্চনাৰে সঞ্চিত যন্ত্রণাৰ অনন্ত সিন্ধু । ক্ষণে ক্ষণে জাগি উঠা অসীমৰ তৃষা --- অনন্ত জিজ্ঞাসা । .... সুখত অধীৰ হৈছোঁ , শোকত কাতৰ ; নিজৰেই ছাঁই খুচৰি পুনৰ তুলি লৈছোঁ অন্য এক যাত্রাপথৰ মানচিত্র ! নিতান্তই নিমিত্ত । ... দুচকুত কলা কাপোৰ -- অনিৰ্দিষ্ট পথেৰে --- নিৰুদিষ্ট এই যাত্রা । ... দেখিছোঁ বাৰে বাৰে হিম হোৱা মোৰ দেহ --- ধুমায়িত সেই শীতলতাত শায়িত । সেয়া জানো মই ? নে মোৰ দৰেই আন কোনোজন ? উস ! কিয় এই প্রহেলিকা ? নাজানো ...

No comments:
Post a Comment