কবিতা
- কমল বৰুৱা
এই যে হাঁহি
হেৰুৱা মানুহবোৰে গোপনে প্ৰাৰ্থনা কৰে
জীৱনৰ ৰ'দ আৰু বৰষুণৰ বাবে
প্ৰেম আৰু সহানুভূতিৰ বাবে____
জীৱনৰ ৰ'দ আৰু বৰষুণৰ বাবে
প্ৰেম আৰু সহানুভূতিৰ বাবে____
এই যে শোষণ আৰু
অভাৱৰ ভৰত কুঁজা এজাক মানুহে
গোপনে বিচাৰে মৃত্যু অথবা মুক্তি
নিজানে এৰে কৰুণ স্বগতোক্তি____
গোপনে বিচাৰে মৃত্যু অথবা মুক্তি
নিজানে এৰে কৰুণ স্বগতোক্তি____
তেওঁলোকৰ বাবে
সূৰ্য্য আৰু মেঘৰ অভাৱ
সান্তনা আৰু সম্পদৰ অভাৱ____
ৰজা আৰু সভ্যতাৰ বাবেই বিবেক দংশক !!
সান্তনা আৰু সম্পদৰ অভাৱ____
ৰজা আৰু সভ্যতাৰ বাবেই বিবেক দংশক !!
No comments:
Post a Comment