আহৰণ
********
একে বাটৰে বাটৰুৱা
কোন কাহানিৰে পৰা
ভেটাভেটি তথাপি নহল
দিন মাহ গ'ল একেলগে
শীত বৰষা সহিলে সমানে
আঘোনৰ সপোন বুকুতে লৈ
অতিক্ৰম কৰিলে কেতিয়া
দুই ধূমকেতুৰ লেখিয়া
কোনেও কাকো নুচুৱাকৈ
সংঘৰ্ষ নহল নাই
সমিলমিলও চোন নহল
এনেদৰেই অতিক্ৰমিলো
একো একোটি ভুৱন
পাৰ হলো সময়ৰ বেষ্টনী
সম্পৰ্ক ৰ'লে ছায়াময়া
হাতত জমা কৰিলোঁ শূন্যতা
********
একে বাটৰে বাটৰুৱা
কোন কাহানিৰে পৰা
ভেটাভেটি তথাপি নহল
দিন মাহ গ'ল একেলগে
শীত বৰষা সহিলে সমানে
আঘোনৰ সপোন বুকুতে লৈ
অতিক্ৰম কৰিলে কেতিয়া
দুই ধূমকেতুৰ লেখিয়া
কোনেও কাকো নুচুৱাকৈ
সংঘৰ্ষ নহল নাই
সমিলমিলও চোন নহল
এনেদৰেই অতিক্ৰমিলো
একো একোটি ভুৱন
পাৰ হলো সময়ৰ বেষ্টনী
সম্পৰ্ক ৰ'লে ছায়াময়া
হাতত জমা কৰিলোঁ শূন্যতা
-জ্যোতিষ কুমাৰ দেৱ (13/06/2017)
No comments:
Post a Comment