( ৰাজেন
দাস )
: নীলিম কুমাৰলৈ :
নীলিম কুমাৰ
আপুনি হেনো কবিতা লিখে ?
মৃত্যুৰ বাবে আগবঢ়া দুভৰি ক্ষন্তেক ৰৈ যায় নিমিষতে।
আপুনি হেনো কবিতা লিখে ?
মৃত্যুৰ বাবে আগবঢ়া দুভৰি ক্ষন্তেক ৰৈ যায় নিমিষতে।
শব্দৰ জোলোঙাৰ পৰা
কেনেকৈ উলিয়াই লোৱা অশ্লিলতা ?
বিদ্যা শপত,
কোনেও নুশুনাকৈ পঢ়িলো আপোনাৰ একুৰিমান কবিতা।
বিদ্যা শপত,
কোনেও নুশুনাকৈ পঢ়িলো আপোনাৰ একুৰিমান কবিতা।
চিঃ
আপোনাৰ শব্দৰ গাঁঠনিত ওলমি ৰয় নাঙঠ নাৰী আৰু কেতিয়াবা সিহঁতৰ পেণ্টিবোৰ
মই পঢ়িছো
আপোনাৰ শব্দৰ গাঁঠনিত ওলমি ৰয় নাঙঠ নাৰী আৰু কেতিয়াবা সিহঁতৰ পেণ্টিবোৰ
মই পঢ়িছো
সৌ সিদিনা
হোষ্টেলৰ চাদত শুকাই থোৱা
নাৰীৰ পেণ্টিৰ গোন্ধ বিলাই দিছিল আপুনি
সেইদিনা মই ব্যয়বহুল এটি বডি স্প্ৰে'ৰে আঁতৰালো মোৰ ৰূমৰ দুৰ্গন্ধ
বিশ্বাস কৰিব,
সেইদিনা মই ভাত খাব নোৱাৰিলো
নাৰীৰ পেণ্টিৰ গোন্ধ বিলাই দিছিল আপুনি
সেইদিনা মই ব্যয়বহুল এটি বডি স্প্ৰে'ৰে আঁতৰালো মোৰ ৰূমৰ দুৰ্গন্ধ
বিশ্বাস কৰিব,
সেইদিনা মই ভাত খাব নোৱাৰিলো
বিশিষ্ট ব্যক্তিৰ
ক্ষূদ্ৰ আশিৰ্বাদত
নতুবা,
এযোৰ চুৰিয়া পিন্ধিলেই হ'ব পাৰি জানোঁ কবি ?
সময় পালে মোক জনাব।
নতুবা,
এযোৰ চুৰিয়া পিন্ধিলেই হ'ব পাৰি জানোঁ কবি ?
সময় পালে মোক জনাব।
সিহঁতে মিছাতে কয়, আপুনি বহু ভাল কবিতা লিখে বুলি;
এদিন মই শুনিছো।
সিহঁতে হেনো আপোনাক বৰ্বক বুলি প্ৰায় সভাতে কয়
আপুনি চাগে শুনা নাই কাহানিও (!)
এদিন মই শুনিছো।
সিহঁতে হেনো আপোনাক বৰ্বক বুলি প্ৰায় সভাতে কয়
আপুনি চাগে শুনা নাই কাহানিও (!)
আপোনাৰ কবিতাৰ
শাৰীত এদিনো নুফুলিল ফুল
নাবাজিল কপৌ চৰাইৰ গীতৰ মূৰ্চনা
তাৰ পিছতো কিহৰ দুখত লিখি গৈছা কবিতাৰ নামধাৰী এগালমান…
নীলিম কুমাৰ আপুনি আৰু কবিতা নিলিখিবচোন; কাৰণ
দুখৰ বেলিকা আইক শুনাব নোৱাৰো দেখোন।নাবাজিল কপৌ চৰাইৰ গীতৰ মূৰ্চনা
তাৰ পিছতো কিহৰ দুখত লিখি গৈছা কবিতাৰ নামধাৰী এগালমান…
No comments:
Post a Comment