@ভালপোৱাবোৰ দুঃস্বপ্ন@
.
. ডুলুমণি ৰায়
.
. ডুলুমণি ৰায়
,
তোমাৰ উদাসী দুচকুত
সপোন বিচৰাৰ সাহস নাই
নাই মোৰ ভালপোৱাৰ ৰঙেৰে
সজাব পৰা সাহস...
,
পাহৰিব খোজা নাই বাবেই
জীয়াই ৰাখিছোঁ তোমাক
খোজত খোজ মিলাই চোৱা
জোনাকৰ প্ৰতিটো সন্ধিয়াত
গভীৰ হৈ অহা এন্ধাৰৰ প্ৰতিটো নিশাত...
,
হেৰুৱা বাটৰ দস্তাবেজবোৰততোমাৰ উদাসী দুচকুত
সপোন বিচৰাৰ সাহস নাই
নাই মোৰ ভালপোৱাৰ ৰঙেৰে
সজাব পৰা সাহস...
,
পাহৰিব খোজা নাই বাবেই
জীয়াই ৰাখিছোঁ তোমাক
খোজত খোজ মিলাই চোৱা
জোনাকৰ প্ৰতিটো সন্ধিয়াত
গভীৰ হৈ অহা এন্ধাৰৰ প্ৰতিটো নিশাত...
,
হেচুকি হেচুকি থৈ আহিছোঁ
কিছু অনুভূতি
অনুভূতিবোৰও যে...
অতৃপ্ত আত্মাটো
তৃপ্তিৰ আঁচল মেৰিয়াই
বোকোচাত বান্ধি লৈ
নিসংগতাৰ সুখ...
,
সময় হ'লে চাই যাবাহি
মোৰ প্ৰিয় পুৰুষ
তোমাৰ বিশ্বাসত কেনেকৈ
গজি উঠিছে ক্ৰমশঃ
ভালপোৱাবোৰ দুঃস্বপ্ন হৈ...
No comments:
Post a Comment