Wednesday, 28 June 2017

ৰয়নী বিদূৰ

ৰয়নী বিদূৰ
*********
সময়ৰ বিষম স্থিতিত
নিয়ত ৰাখিছোঁ দৃঢ়তাৰ খোপনি
সত্যৰ কঠিন সোপানত ৷
পাঠশালাৰ পদূলিৰ বকুল তলত
সিহঁতে শিকাইছিল আমাক
ভুলৰ নেওতা পাঠ
দহ বুলিলে দহ
পচি বুলিলে পচি
আমি যেন আটাইবোৰ পোহনীয়া ভাটৌ পখী ৷
অহেতুক আৱেগ-অন্ধ আপামৰ সৰল মানুহ
হিটলাৰী ক'লা মেঘে ঢাকি থ'লে
বিবেকৰ তেজোময় সূৰ্য
গোপনে কাঢ়ি নিলে প্ৰতিবাদী কণ্ঠ
গোপনে মচি দিলে আইৰ আঁচলৰ আঁচুফুল
শ্মশানৰ চিতাজুইৰ চৌপাশে নাচে কোনে উলাহত ?
সংশয় ঘৃণা অবিশ্বাসৰ মহামাৰী
তেজ মৃত্যু প্ৰতিশোধ
চৌদিশ ছাৰখাৰ
অগ্নিময় আসুৰিক সময়
প্ৰিয় মাতৃভূমিৰ বুকুৱেদি
হোলোকা হোলোকে বয়
কাৰনো উষ্ণ তেজ ?
উষ্ণ তেজ !
তেজৰ উষ্ণতাই ধুৱায়
দুচকুৰ তন্দ্ৰালস পতা
বুজিলোঁ আমি
টোপনিতে আঁপইতা বাঁহৰ আঁহে
এনেকৈয়ে হাড়লৈকে কাটে ৷
আকৌ বুজিছোঁ আমি
'ৰাপাখি দেহত গুঁজি পেখম মেলিলেও
ঠিকেই চিনিছোঁ আমি
বঙহৰ তেজ খোৱা
এইজাকো অজাতি কাউৰীৰ জাক ৷
বুজাৰ অন্ত নাই
ছলনাৰো শেষ নাই
অহোৰাত্ৰ পৰ দিওঁ
মেলি ৰাখোঁ দুচকুৰ সতৰ্ক চাৱনি
কবি তুমি নক'বা
ভুলকেই ফুল বুলি
ৰাতিকেই দিন বুলি
ৰাতিৰ আন্ধাৰে দোপা মাৰি গিলি থ'
দিনৰ পৱিত্ৰ পোহৰ ৷

© খগেশ সেন ডেকা

No comments:

Post a Comment