=====সপোন=====
-- পুতুলী বেজবৰুৱা
সপোনবোৰ সৰা দেখিছানে?
ধুমকেতুৰ নিচিনাকৈ
প্ৰভাতী সুৰজৰ দৰে
উদীপ্ত কিৰনে
কেতিয়াবা বৰকৈ আউল লগায় যায়;
সোনসেৰিয়া বাটেদি গৈই থাকোতেই
উজুটি খায় পিছলি পৰো,
হয়তো,থোকা -থোকি মাতেৰে
কপালত তুমি বুলনি বোৱাই দিয়া,
সপোনৰ চোতালত ৰুই দিয়া
বকুল জুপি থন ধৰি উঠিছে,
নতুনৰ গান লৈ আহি
কুলি জনীয়ে বিনাবহি তাত |
সপোনবোৰ বুটলি বুটলি
বোকোছাত লৈ ফূৰিছো
সৰাপাতৰ ভাজে ভাজে
সপোনৰ মালা গাঠিছো
দোক মোকালিৰ দেখা সপোনটি
পাও নাপাওকৈ থাকোতেই
সপোনৰ পদুলিত সংগোপনে
ভুমকি মাৰি গলহি
এটি মিঠা সপোনে
দুচকুত ভৰা সপোন |
সপোনবোৰ সৰা দেখিছানে?
ধুমকেতুৰ নিচিনাকৈ
প্ৰভাতী সুৰজৰ দৰে
উদীপ্ত কিৰনে
কেতিয়াবা বৰকৈ আউল লগায় যায়;
সোনসেৰিয়া বাটেদি গৈই থাকোতেই
উজুটি খায় পিছলি পৰো,
হয়তো,থোকা -থোকি মাতেৰে
কপালত তুমি বুলনি বোৱাই দিয়া,
সপোনৰ চোতালত ৰুই দিয়া
বকুল জুপি থন ধৰি উঠিছে,
নতুনৰ গান লৈ আহি
কুলি জনীয়ে বিনাবহি তাত |
সপোনবোৰ বুটলি বুটলি
বোকোছাত লৈ ফূৰিছো
সৰাপাতৰ ভাজে ভাজে
সপোনৰ মালা গাঠিছো
দোক মোকালিৰ দেখা সপোনটি
পাও নাপাওকৈ থাকোতেই
সপোনৰ পদুলিত সংগোপনে
ভুমকি মাৰি গলহি
এটি মিঠা সপোনে
দুচকুত ভৰা সপোন |
No comments:
Post a Comment