'খোজ'
-- দিব্যজ্যোতি বণিক্য
.
প্ৰথম খোজবোৰ আমাৰ
গতিৰ সূত্ৰপাত
থুপু-থাপাক খোজবোৰ
কেতিয়াৰ পৰা যে
তেজ কদমত চলিবলৈ লয়
বাঢ়নী নৈৰ পানীৰে গৰা খহাই
.
খোজৰ পিছত খোজত
চাৱনিৰ পিছত চাৱনি
মাতৰ পিছত মাত
যেন যান্ত্ৰিক তৎপৰতা
যুৱলীত বিৰঙি উঠা শামুকৰ খোলা
.
আমি গৈ থকাৰ দৰে
সকলোবোৰ নতুন নহয়
আনকি আমাৰ খোজবোৰো
.
মাতবোৰে যিদৰে বিচাৰি যায়
পুৰণি বাটবোৰ
দেই পুৰি নিয়া পুৰণি সূৰ্য্যটোৰ
ৰ'দৰ প্ৰখৰতাত
চাৱনিবোৰে বিচাৰি ফুৰে যিদৰে
পুৰণি বৃক্ষৰ ছাঁ
গৈ গৈ পৰি যোৱা
পৰি পৰি উঠা খোজবোৰৰ দৰে
.
প্ৰথম খোজবোৰ আমাৰ
গতিৰ সূত্ৰপাত
থুপু-থাপাক খোজবোৰ
কেতিয়াৰ পৰা যে
তেজ কদমত চলিবলৈ লয়
বাঢ়নী নৈৰ পানীৰে গৰা খহাই
.
খোজৰ পিছত খোজত
চাৱনিৰ পিছত চাৱনি
মাতৰ পিছত মাত
যেন যান্ত্ৰিক তৎপৰতা
যুৱলীত বিৰঙি উঠা শামুকৰ খোলা
.
আমি গৈ থকাৰ দৰে
সকলোবোৰ নতুন নহয়
আনকি আমাৰ খোজবোৰো
.
মাতবোৰে যিদৰে বিচাৰি যায়
পুৰণি বাটবোৰ
দেই পুৰি নিয়া পুৰণি সূৰ্য্যটোৰ
ৰ'দৰ প্ৰখৰতাত
চাৱনিবোৰে বিচাৰি ফুৰে যিদৰে
পুৰণি বৃক্ষৰ ছাঁ
গৈ গৈ পৰি যোৱা
পৰি পৰি উঠা খোজবোৰৰ দৰে
No comments:
Post a Comment