Wednesday, 14 June 2017

প্ৰমিথিউছৰ সাধুঃ

প্ৰমিথিউছৰ সাধুঃ
          -- জয়ন্ত আকাশ বৰ্মন
পূর্ণিমাৰ এদিন হৈমন্তী নিশা
জোন নামি আহিছিল
মাটিৰ নদীত গা ধুবলৈ
কহুঁৱাৰ আঁৰত
সমস্ত দেহাভৰণ খুলি থৈ
ডাৱৰে ঢাকিছিল জোনৰ লাজ,
সাতুঁৰিছিল নাচিছিল নগ্ন জোন -
বতাহে বজাইছিল জলতৰংগ
'ৰবাৰ পৰা এটি
জোনাকী পৰুৱা উৰি আহি
জোনক দেখিছিল
নিৰাভৰণ আপোন জলমগন ।।
কঁহুৱাৰ আঁৰ লৈ
' লাগি চাইছিল সি
থৰ লাগিছিল,
নগ্ন জোনৰ নদী নদী শিহৰণ ।।
কঁপি কঁপি চাইছিল
চাই চাই কঁ‌পিছিল-
হাতত সাৰে ভৰিত সাৰে
খুপি খুপি-
ডাৱৰ আৰু বতাহৰ আঁ‌ৰ লৈ
চুপি চুপি
আগবাঢ়িছিল কম্পিত জোনাকী।
আৰু স্নানৰতা জোনে নেদেখাকে'
গোপনে নিবিড়ে
চুৰ কৰিছিল এজোলোকা কোমল জোনাক ।
উৰিছিল পলায়নবাদী জোনাকী পৰুৱা
বোকোচাত বান্ধি চৌর্য জোনাকৰ বাহাৰ ।।
সি আজি প্রমিথিউছ,
সন্ধান পাইছে চিৰ জ্যোৎস্নাৰ
পৃথিবী উজলিব তাৰ
ৰূপ তলমল আলোক জল মল
চৌদিশে উৰিব ভালপোৱাৰ জোৱাৰ !!
সিদিনাই
', সিদিনাই-
চুৰি জোনাকৰ পোহৰত
ছাঁ পোহৰৰ দোমোজা ক্ষণত
ময়ো দেখিছিলোঁ‌
জোনমান তোমাৰ মুখ।
শুই আছিলা তুমি
চকুত ঘৰ সজা ঘুমটিয়ে গহীন কৰা
তোমাৰ শায়িত সৌন্দৰ্য ।
খিৰিকিৰ শীতল চিকত হাত ধৰি
চাই ৰৈছিলো
তোমাৰ নিয়ৰ কোমল মুখ
তোমাৰ কঁহুৱা কোমল বুক।।
উশাহৰ দুলনিত কঁপিছিল
ছন্দায়িত তোমাৰ বুকু।
(কাৰ বুকু দুলিছিল ? তোমাৰ নে মোৰ?)
তোমাৰ অলক্ষিতে
হাও ফাওত সোমাই লৈছিলো
তুমি তুমি অম্লজান।
আৰু,
তুমি সাৰ পোৱাৰ আগেয়েই
জোনৰ স্নান সমাপ্তিৰ সময়তেই
এৰিছিলো সেই স্থান...

সেয়া আজি এক শতিকা প্ৰাচীন সাধু
বুকুত মোৰ অদ্যপি
তোমাৰেই সেই সঞ্জীৱনী অম্লজান ...

No comments:

Post a Comment