Monday, 19 June 2017

কথাবোৰ মই নাজানোঁ

কথাবোৰ মই নাজানোঁ
#নৱাকাশ
কথাবোৰ মই নাজানোঁ
বুজি নাপাওঁ একোকে
তুমি সুধিলা জীয়াই কিয় আছো
হাজাৰ বছৰ হ'ল জীয়াই থকাৰ মোৰ
ম্লান পৰি আছে এটা সপোন
তোমাক দেখা দিন ধৰি তোমাকেই খেপিয়াই আছো
খেলিমেলি লগা বতৰ
ছায়াঘন এটা ৰাতি তুমি হাতত সাৰে ভৰিত সাৰে
অগাদেৱা কৰি আঁতৰি যোৱা
চোৱাচোন চকুলৈ মোৰ হাজাৰ বছৰৰ ক্ষোভ
অাধালিখা এটা কবিতা
আধালিখা এখন চবি
আৰু একোৱেই লিখা নহ'ব চাগে
ৰঙ হেৰাল জানো
নদীৰ দৰেই সকলো জীপাল
এখন অৰণ্য সাৱতি মই জীয়াই থাকো
তথাপিও
বাট বুলাৰ অপৰাধত মই বন্দী
কথাবোৰ কোৱাৰ অধিকাৰ হেৰুৱাই পেলাইছো
কিমান আন্ধাৰত নিজক অচিনাকী বুলি
পৰিচয় দিব পাৰি মই নাজানোঁ
মই নাজানোঁ জিলিৰ মাতত কিয় হওঁ ঘৰমুৱা
ঘৰ ক'ত সেইয়াও মই নাজানোঁ
ঘৰ বিচাৰি মই অস্বাভাৱিক হৈ পৰো
এনেকৈয়ে একোখন উপন্যাসৰ আৰম্ভণি হৈ পৰিসমাপ্তি হয় হয়টো আন এটা পৰিঘটনা ইয়াতেই আৰম্ভণি হয় ।

কথাবোৰ মই নাজানোঁ
অৱশ্যে জনাৰ চেষ্টাও কৰা হোৱা নাই

No comments:

Post a Comment