Saturday, 17 June 2017

বৌদ্ধ দৰ্শন

বৌদ্ধ দৰ্শন
±±±±±±+
(
প্ৰথম ছোৱা)
প্ৰস্তাৱনা :
★★★
ভাৰতৰ প্ৰথমগৰাকী বিপ্লৱী দাৰ্শনিক গৌতম বুদ্ধৰ দৰ্শন তত্ত্বৰ বিশ্লেষণ মোৰ দৰে সাধাৰণজনৰ পক্ষে অথাই সাগৰত ডুব দি মাণিক বিচৰা বা পংগুজনে পৰ্বত বগোৱাৰ দৰে কঠিন কাম ৷ তাতে মই পণ্ডিত কিংৱা দৰ্শন বিদ্যাৰ প্ৰৱক্তাও নহওঁ ৷ নিজৰ প্ৰয়োজনত এই তত্ত্ব ফঁহিয়াই চাওঁতে যিকণ জানিলোঁ তাকে মাত্ৰ ইয়াত উপস্থাপন কৰাৰ প্ৰয়াস কৰিম ৷ মই যিখিনি উল্লেখ কৰিম, সেইখিনি ইতিপূৰ্বে বিভিন্ন পণ্ডিতে কোৱা কথাৰ পুনৰাবৃত্তি মাত্ৰ ৷ ব্যক্তিগতভাৱে মই স্বীকাৰ কৰিবলৈ ভাল পাওঁ যে, জ্ঞান হোৱা দিন ধৰি মোৰ জীৱন বহুলাংশে বৌদ্ধ মতৰ দ্বাৰা প্ৰভাৱিত ৷
বৌদ্ধ দৰ্শনৰ ঐতিহাসিক
পটভূমি
———
দৰ্শন অকল মনোজাগতিক বিষয় নহয় ৷ ইয়াৰ সৈতে সমাজৰ নিগূঢ় সম্পৰ্ক বিদ্যমান ৷ বিশেষ সংঘাতপূৰ্ণ সামাজিক পৰিস্থিতি অবিহনে আজিকোপতি কোনো দাৰ্শনিক চিন্তাৰ উন্মেষ ঘটা নাই ৷ বৌদ্ধ মতবাদো ইয়াৰ ব্যতিক্ৰম নহয় ৷ ৰাজপদৰ লালসা ভৰিৰে ঠেলি থৈ মানৱ-জীৱনত অহৰহ সংঘটিত দুখৰ ঢৌ-ধুমুহাৰ উৎস বিচাৰিবলৈ গৈ বুদ্ধদেৱে বিশ্বৰ সকলো কথাই পৰিৱৰ্তনশীল বুলি ঘোষণা কৰি "প্ৰতীত্য সমুৎপাদ" বা "ক্ষণিকবাদ" নামৰ যি মৌলিক তথা যুগান্তকাৰী দৰ্শন-তত্ত্ব আৱিষ্কাৰ কৰিছিল, তাৰ গুৰিতেও আছিল তৎকালীন ভাৰতবৰ্ষৰ আৰ্য জনগোষ্ঠীৰ এক সংঘাতপূৰ্ণ সময়ৰ দস্তাৱেজ ৷
ভাৰতীয় আৰ্য-সমাজ খাদ্য সংগ্ৰহকাৰী স্তৰৰ পৰা উৎপাদনকাৰী বা কৃষি-জীৱনলৈ উন্নীত হোৱাত সমাজত শ্ৰম বিভাজন আৰু ব্যক্তিগত সম্পত্তিৰ প্ৰৱণতা গা কৰি উঠে ৷ সমাজত চতুৰ্বৰ্ণৰ সৃষ্টি এনে প্ৰৱণতাৰে পৰিণতি ৷ বিভিন্ন পৰিস্থিতিয়ে আনি দিয়া সুযোগ গ্ৰহণ কৰি যথা সময়ত ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰএই চাৰি বৰ্ণৰ ভিতৰত ব্ৰাহ্মণ আৰু ক্ষত্ৰিয়সকল যথেষ্ট শক্তিশালী হৈ উঠে ৷
বুদ্ধদেৱৰ সময়ত উত্তৰ-পূব ভাৰতত মগধ আৰু কোশল ৰাজ্যৰ উত্থানে জনজাতীয় আৰ্হিৰ সমাজ-ব্যৱস্থা ভাঙি-ছিঙি সেই সমাজত বৰ্তি থকা স্বাধীনতা, সমতা আদি প্ৰমূল্যসমূহ প্ৰায় নাইকিয়া কৰি পেলায় ৷ ফলত সাধাৰণ মানুহৰ জীৱন-জীৱিকাত অনিশ্চয়তাই দেখা দিয়ে ৷ এই দুখন শক্তিশালী ৰাষ্ট্ৰৰ পাৰ্শ্বৱৰ্তী শাক্য, মল্ল আদি ৰাজ্যত তেতিয়াও জনজাতীয় সমাজৰ সৰলতা, স্বাধীনতা অটুট আছিল ৷ গৌতম বুদ্ধ আছিল শাক্য বংশৰ ৰাজপুত্ৰ ৷ সেই সময়ত ট্ৰাইবেল জীৱনৰ সাৰ্থকতা লাহে লাহে নোহোৱা হৈ আহিছিল ৷ কিন্তু তেনে সমাজৰ প্ৰতি ৰাজপুত্ৰ সিদ্ধাৰ্থই বিশেষ আকৰ্ষণ অনুভৱ কৰিছিল ৷ শক্তিশালী ৰাষ্ট্ৰ ব্যৱস্থাই জাপি দিয়া দাস প্ৰথা, পৰাধীনতা, দাৰিদ্ৰ্য, উৎপীড়ন আৰু লুণ্ঠন-ৰাজে মানুহৰ জীৱনলৈ যি দুখ কঢ়িয়াই আনিছিল, সিয়েই বুদ্ধক দুঃখ-সত্য অনুধাৱনৰ জৰিয়তে জীৱন আৰু জগত সম্বন্ধে এক নতুন দৃষ্টিভংগীৰ পোষকতা কৰিবলৈ বাধ্য কৰিছিল ৷
কোৱা বাহুল্য যে, বৌদ্ধ মতবাদ তৎকালীন ভাৰতবৰ্ষত প্ৰচলিত অন্যান্য মতৰ তুলনাত অধিক সক্ৰিয় তথা সমাজ-সচেতন ৷ এই ধৰ্মত ঈশ্বৰৰ স্থান নাই ৷ পূজা-পাতল আদিত এই ধৰ্মই সমূলি আস্থা প্ৰকাশ কৰা নাই ৷ বেদৰ কঠোৰ সমালোচক তথা নিৰীশ্বৰবাদী বুদ্ধৰ দ্বাৰা প্ৰচাৰিত সত্যক বুজাবলৈহে 'ধৰ্ম' শব্দটো এই পন্থাৰ লোকসকলে ব্যৱহাৰ কৰিছিল ৷ বৈদিক 'ধৰ্ম' আছিল যাগ-যজ্ঞ, পূজা-পাতল আদি জটিল আৰু খৰচী অনুষ্ঠানৰ দ্বাৰা পৰিসীমিত ৷ আনহাতে, বৌদ্ধমতৰ ভিত্তি হ'ল নৈতিক পৰম্পৰাযাক জাতি, বৰ্ণ নিৰ্বিশেষে সকলোৱে গ্ৰহণ কৰিব পাৰিছিল ৷ বেদৰ পাৰলৌকিক সুখ অথবা স্বৰ্গপ্ৰাপ্তিৰ অলৌকিক ধাৰণাৰ পৰিৱৰ্তে ইহলোকত সজ কৰ্ম তথা সজ আচৰণৰ জৰিয়তে জন্মজনিত সমস্ত দুখৰ ওৰ পেলোৱাৰ বাস্তৱ চিন্তাই সেই সময়ৰ সাধাৰণ মানুহক আকৰ্ষণ কৰিবলৈ সমৰ্থ হৈছিল ৷ এনে চিন্তাই সমাজত এক নতুন বুনিয়াদ সৃষ্টিৰ পথ সুগম কৰি তুলিছিল ৷ বৌদ্ধ সংঘবোৰ জনজাতীয় সভাৰ আৰ্হিৰে গঠিত হৈছিল যদিও, বৌদ্ধমত আছিল জনজাতি, জাত আৰু পন্থা আদিৰ ঊৰ্ধত থকা বিশেষ সমাজ-ব্যৱস্থাৰ উপযোগী ৷ ইপিনে কুটীৰ শিল্পৰ অভূতপূৰ্ব বিকাশে নতুনকৈ এটা সদাগৰ শ্ৰেণীৰ সৃষ্টিত অৰিহণা যোগাইছিল ৷ বৌদ্ধধৰ্মৰ অহিংসাৰ বাণী আৰু জাতিভেদহীনতাই ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজ্যবোৰৰ পাৰস্পৰিক সংঘৰ্ষ দূৰ কৰি এক বৃহৎ সাম্ৰাজ্য ৰচনাত সহায় কৰাত বাণিজ্যৰ অবাধ বিস্তাৰ ঘটিছিল ৷ তাৰ ফলত নতুনকৈ বিকশিত সদাগৰ শ্ৰেণীটোৰ প্ৰতিষ্ঠা সম্ভৱ হৈ উঠিছিল ৷ গৌতম বুদ্ধ বৈদিক পৰম্পৰাৰ ইমানেই বিৰোধী আছিল যে, দুগৰাকী ব্ৰাহ্মণ শিষ্যই তেওঁৰ বাণীসমূহ সংস্কৃতত লিপিবদ্ধ কৰিব খোজাত তেওঁ তাক পোনচাটে নাকচ কৰিছিল আৰু "সকায় নিৰুত্তিয়া", অৰ্থাৎ সাধাৰণ মানুহৰ মুখৰ ভাষাতহে সেইবোৰ সংকলন কৰিবলৈ নিৰ্দেশ দিছিল ৷ পৰৱৰ্তী কালত সেই ভাষা পালি ভাষাৰূপে জনাজাত হয় ৷
নক'লেও চলে ভাৰতবৰ্ষত তৎকালীনভাৱে শোষিত, নিষ্পেষিত জন সাধাৰণক ধৰ্মীয় প্ৰৱঞ্চনাৰ পৰা মুক্ত কৰিবলৈ পৰলোক, স্বৰ্গ আদি বিশ্বাসৰ পৰিৱৰ্তে ইহ জীৱন তথা বাস্তৱ জগতৰ সৈতে সম্পৰ্কান্বিত এক বিশেষ দৃষ্টিভংগীৰ একান্ত আৱশ্যক হৈছিল ৷ বৌদ্ধ দৰ্শনে সময়ৰ সেই দাবীকে পূৰণ কৰিছিল ৷ ইয়াৰ ফলত সমস্ত বৈদিক ধ্যান-ধাৰণাৰ ভেঁটি যে থৰক-বৰক হৈ পৰিছিল তাত সন্দেহৰ অৱকাশ নাই ৷ কিন্তু ধূৰ্ত প্ৰভূবৃন্দই বুদ্ধৰ মতৰ মাজতেই বিচাৰি উলিয়াইছিল আপোচৰ সূত্ৰ ৷ প্ৰথমাৱস্থাত বুদ্ধৰ 'প্ৰতীত্য সমুৎপাদ' তত্ত্বই তৎকালীন শাসকৱৰ্গক কিছু সন্ত্ৰস্ত কৰি তুলিলেও কৰ্ম-তত্ত্বই তেওঁলোকক নতুন কৌশল অৱলম্বনৰ সুযোগ প্ৰদান কৰে ৷ পৰৱৰ্তী কালত বিশেষকৈ মৌৰ্য সম্ৰাট অশোকৰ ৰাজত্ব কালত এই ধৰ্ম ৰাজ-ধৰ্মলৈ পৰ্যবসিত হয় ৷ ফলত প্ৰৱল প্ৰতাপী ৰজা মহাৰজা, বৃহৎ বৃহৎ সদাগৰ আদিয়ে এই মতত দীক্ষিত হৈ সৰ্বসাধাৰণৰ ওপৰত নতুনকৈ শাসন-শোষণ অব্যাহত ৰখাৰ পথ মুকলি কৰি লয় ৷
বৌদ্ধ দৰ্শনত সমাজৰ পৰা দাৰিদ্ৰ্য, দাস-প্ৰথা আৰু জাতিভেদ নিৰ্মূল কৰাৰ কোনো বিশেষ তথা কঠোৰ কৰ্ম-সূচী পোৱা নাযায় ৷ ঈশ্বৰৰ অস্তিত্ব সম্বন্ধেও বুদ্ধই কোনো স্পষ্ট অভিমত দি থৈ যোৱা নাই ৷ ঈশ্বৰ সম্পৰ্কীয় প্ৰশ্নত তেওঁ সদায় মৌন আছিল ৷ তাৰ সলনি তেওঁ সকলোকে "অনুত্তৰ সংগ্ৰাম বিজয়ী" হোৱাৰ উপদেশ দিছিল ৷ অহিংসা, শীল-সদাচাৰৰ দ্বাৰা সমাজৰ সকলো স্তৰৰ মানুহক একত্ৰিত কৰিবলৈ তেওঁ যি মধ্যম পন্থা অৱলম্বন কৰিছিল, তাৰ মাজতে নিহিত হৈ আছিল এই মতবাদৰ উৎখাতৰ বীজ ৷ পৰিশেষত মৌৰ্য সাম্ৰাজ্যৰ পতনৰ পাছত পৰৱৰ্তী গুপ্ত যুগত বৈদিক ধৰ্মৰ সৰলীকৰণৰ জৰিয়তে ব্ৰাহ্মণ্যবাদ পুনৰ প্ৰতিষ্ঠিত হোৱাত ভাৰতবৰ্ষত বৌদ্ধধৰ্ম কেতবোৰ তান্ত্ৰিক মতবাদলৈ ৰূপান্তৰিত হয় ৷ মধ্যযুগত শংকৰাচাৰ্য, ৰামানুজাচাৰ্য, নিম্বাকাচাৰ্য, বল্লভাচাৰ্য, মধ্বাচাৰ্য আদি পণ্ডিতৰ দ্বাৰা ভাৰতৰ বিভিন্ন প্ৰান্তত প্ৰতিষ্ঠিত বৈষ্ণৱ মতবাদে বৌদ্ধধৰ্মৰ উৎখাতত মুখ্য ভূমিকা লয় ৷ গীতা আৰু ভাগৱত শাস্ত্ৰ হৈ পৰে এই যুগৰ ঈশ্বৰ চিন্তাৰ ঘাই মাধ্যম ৷
(ক্ৰমশঃ)

© খগেশ সেন ডেকা

No comments:

Post a Comment